ETV Bharat / bharat

Murder Opposing Sister Molestation: ভগ্নীৰ সৈতে নিৰ্যাতনৰ বিৰোধিতা কৰাৰ বাবেই ভাতৃক মৰিয়াই মৰিয়াই হত্যা

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 10:31 PM IST

ৰাখী বন্ধনৰ দুদিন পূৰ্বে কাল অমানিশা নামি আহিল এগৰাকী ভগ্নীৰ জীৱনলৈ ৷ ৰাখীৰ মৰ্যদা ৰক্ষা কৰিবলৈ গৈ কৰুণ মৃত্যুক আঁকোৱালি ল’লে এজন ভাতৃয়ে ৷

Murder Opposing Sister Molestation
ভগ্নীৰ সৈতে নিৰ্যাতনৰ বিৰোধিতা কৰাৰ বাবেই ভাতৃক মৰিয়াই মৰিয়াই হত্যা

নিউজ ডেস্ক, ২৯ আগষ্ট: ভগ্নীক আজীৱন ৰক্ষাৰ প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ গৈ ৰাখী বন্ধনৰ মাত্ৰ দুদিন পূৰ্বে অকাল মৃত্য়ুক আঁকোৱালি ল’লে এজন ভাতৃয়ে ৷ ভগ্নীৰ শ্লীলতা ৰক্ষা কৰিবলৈ গৈ এচাম উদণ্ডৰ প্ৰহাৰত নিৰ্মম মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল এগৰাকী ভাতৃয়ে ৷ উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত সংঘটিত হৈছে এই কৰুণ ঘটনা ৷ মৃত ছাত্ৰজন প্ৰয়াগৰাজৰ খেৰী থানা এলেকাৰ বাসিন্দা কিশোৰ বুলি জানিব পৰা হৈছে ৷ বিদ্যালয়ত সূত্ৰপাত হোৱা বিবাদৰ ফলতেই সমনীয়াৰ প্ৰহাৰত মৃত্যু হয় যুৱকজনৰ ৷

দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰে সোমবাৰে তেওঁ সম্বন্ধীয় ভগ্নীৰ লগত বিদ্যালয়লৈ যোৱাৰ সময়ত কোনো কাৰণত সমনীয়াৰ লগত বাক-বিতণ্ডা হয় ৷ স্কুলৰ পৰা ঘৰলৈ অহাৰ পথত তুৰ্কপুৰৱা অঞ্চলত পুনৰ ছাত্ৰকেইজনৰে বিবাদ হয় কিশোৰৰ । পৰিয়ালৰ লোকৰ অভিযোগ যে কিশোৰৰ ভগ্নীয়ে যেতিয়া তেওঁলোকক বাধা দিবলৈ চেষ্টা কৰিছিল তেতিয়া ভগ্নীৰ ওপৰত তেওঁলোকে নিৰ্যাতন চলায় । কিশোৰে ইয়াৰ বিৰোধিতা কৰাত অন্য সম্প্ৰদায়ৰ ছাত্ৰকেইজনে কাঠৰ তক্তাৰে কিশোৰক প্ৰহাৰ কৰে ।

ইফালে হুলস্থুল শুনি আশে-পাশে থকা লোকসকলে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীক এই সন্দৰ্ভত অৱগত কৰে । অলপ সময়ৰ ভিতৰতে সেই স্থানত আৰক্ষী উপস্থিত হৈ আহত কিশোৰক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷ কিন্তু চিকিৎসালয়ত চিকিৎসকে কিশোৰক মৃত ঘোষণা কৰে । এই ঘটনাৰ তথ্য লাভ কৰাৰ পাচতেই ক্ষোভিত হৈ পৰে কিশোৰৰৰ পৰিয়ালৰ লগতে গাঁওবাসী ৷ তেওঁলোকে ইয়াৰ প্ৰতিবাদত সন্ধিয়া পথ অৱৰোধ কৰে ।

পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত ঘটনাস্থলীত আৰক্ষী আয়ুক্ত উপস্থিত হৈ ক্ষোভিত ৰাইজক শান্ত কৰে । আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি দুজন কিশোৰসহ পাঁচজনক আটক কৰিছে । আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই খেৰী থানাৰ এছ এইচ অ’ আৰু আউটপোষ্ট ইনচাৰ্জক নিলম্বন কৰিছে । ইফালে খেৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নবীন কুমাৰ সিং আৰু লেদিয়াৰী থানাৰ ভাৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত বাপ্পী ছোনীক কৰ্তব্যত গাফিলতি কৰা অভিযোগত নিলম্বন কৰা হৈছে । বিষয়টো দুটা সম্প্ৰদায়ৰ সৈতে জড়িত হোৱাৰ বাবে সমগ্ৰ অঞ্চলটোত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে ।

ডিচিপি যমুনা নগৰে কয়, "এই ঘটনাৰ আঁৰৰ কাৰণ হৈছে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত হোৱা বিবাদ । শিক্ষকসকলে ছাত্ৰ-ছাত্ৰীক ধমক দি আঁতৰাই পঠিয়ায় ৷ কিন্তু বিদ্যালয়ৰ পৰা ওভতাৰ পথত ৰাজপথত পুনৰ দুয়োটা ছাত্ৰ গোটৰ মাজত সংঘৰ্ষ হয় । এই ঘটনাত দশম শ্ৰেণীৰ ছাত্ৰজনৰ মৃত্যু হয় ।

লগতে পঢ়ক: Attempt to murder: পাষাণ স্বামী, সুৰাৰ ৰাগীত সাত নম্বৰৰ পত্নীক হত্যাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.