ETV Bharat / bharat

বাৰাণসীত মাতৃৰ মৃতদেহৰ সৈতে এবছৰ কটালে দুই কন্যাই

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 7:24 PM IST

বাৰাণসীত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে । এগৰাকী মহিলাৰ মৃত্যুৰ পিছত তেওঁৰ মৃতদেহ ঘৰতে ৰাখি দুগৰাকী কন্যাই কংকালটোৰ সৈতে বাস কৰি আছিল । কিন্তু এই কথা তাত বাস কৰা লোকসকলে নাজানিছিল । আনহাতে, মৃতদেহটো উদ্ধাৰৰ পিছত আৰক্ষীয়ে কৰা সোধা-পোছাত চুবুৰীয়াসকলে বহু কথা প্ৰকাশ কৰিছে । আৰক্ষীয়ে জনোৱা মতে, মৃতদেহটোৰ ডিএনএ পৰীক্ষা কৰা হ'ব ।

daughters stayed with mother body
বাৰাণসীত মাতৃৰ মৃতদেহৰ সৈতে এবছৰ কটালে দুই কন্যাই

নিউজ ডেস্ক, ৩০ নৱেম্বৰ : বুধবাৰে বাৰাণসীৰ লংকা অঞ্চলৰ এটা ঘৰৰ পৰা আৰক্ষীয়ে প্ৰায় এবছৰ পূৰ্বে মৃত্যু হোৱা এগৰাকী মহিলাৰ কংকাল উদ্ধাৰ কৰে । আটাইতকৈ ডাঙৰ কথাটো হৈছে, তেওঁৰ দুগৰাকী কন্যাই কংকালটোৰ সৈতে ঘৰটোত বাস কৰি আছিল । মাতৃৰ অন্তিম সংস্কাৰ নকৰাকৈয়ে তেওঁ দুগৰাকী কন্যাই কংকালটোৰ সৈতে দিন অতিবাহিত কৰি আছিল । কংকালটোৰ কাষতে খোৱা-লোৱা কৰিছিল আৰু শুইছিল । আৰক্ষী জনোৱা মতে, মৃতদেহটোৰ ডিএনএ পৰীক্ষা কৰা হ'ব ।

তদন্তত আচৰিত আৰক্ষীও
তদন্তত আচৰিত আৰক্ষীও

কিন্তু এনে কি কাৰণ আছিল যাৰ বাবে দুই কন্যাই মাতৃৰ মৃত্যুৰ পিছতো প্ৰায় এবছৰ ধৰি এই কথা গোপনে লুকুৱাই ৰাখিছিল ? তেওঁলোকে মাতৃৰ মৃতদেটো কিয় ঘৰত ৰাখিছিল ? কিয় কাকো খবৰ দিয়া নাছিল ? আনহাতে, মাতৃৰ মৃত্যুৰ পিছত প্ৰায় এবছৰ ধৰি তেওঁলোকৰ ঘৰুৱা খৰচৰ কেনেকৈ ব্যৱস্থা কৰিছিল ? ইয়াৰ লগতে আন এক প্ৰশ্ন উত্থাপন হৈছে যে কাৰোবাৰ মৃত্যুৰ পিছত কেৱল মৃতকৰ আত্মাৰ শান্তিৰ বাবে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া কৰাটোৱে প্ৰয়োজনীয় নহয়, আন ধৰ্মীয় ৰীতি-নীতিৰো কিছু কথা থাকে । কিন্তু দুই কন্যাই কিয় এনে কৰিলে তাৰ আংশিক উত্তৰ চুবুৰীয়া আৰু তেওঁলোকৰ আত্মীয়ৰ পৰা জানিব পৰা গৈছে ।

ঘটনাৰ বিৱৰণী মতে, বাৰাণসীৰ লংকা অঞ্চলৰ মাদাৰৱা অঞ্চলৰ বাসিন্দা ঊষা ত্ৰিপাঠীৰ (৫২) মৃত্যুৰ পিছত তেওঁৰ দুই কন্যা পল্লৱী আৰু বৈষ্ণৱীয়ে প্ৰায় এবছৰ ধৰি মৃতদেহটোৰ লগতে দিন অতিবাহিত কৰিছিল । কিন্তু বুধবাৰে যেতিয়া তেওঁলোকৰ মোমায়েক ধৰ্মেন্দ্ৰ তাত উপস্থিত হোৱাত কোনেও দুৱাৰ খোলা নাছিল, তেতিয়া আৰক্ষীক খবৰ দিয়া হয় । আৰক্ষীয়ে আহি দুৱাৰ ভাঙি ঘৰটোত প্ৰৱেশ কৰাৰ পিছতে সকলো হতবাক হৈ পৰে । ঊষা ত্ৰিপাঠীৰ চাদৰেৰে ঢাকি থোৱা মৃতদেহটো ভিতৰৰ বিচনা এখনত পৰি আছিল আৰু সমগ্ৰ শৰীৰৰ মাংস নাইকিয়া হৈ গৈছিল । কেৱল তেওঁৰ কংকালটোহে তাত দেখা গৈছিল ।

আৰক্ষীৰ অনুসন্ধান
আৰক্ষীৰ অনুসন্ধান

ইয়াৰ পিছত আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰে । আৰক্ষীয়ে প্ৰথমে চুবুৰীয়া ৰমেশ সিং আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ সৈতে কথা পাতে । ঊষাই তেওঁৰ দুগৰাকী কন্যাৰ সৈতে বাস কৰিছিল । প্ৰসাধনৰ দোকান চলাই থকা ঊষা যক্ষ্মা ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰিছিল । যক্ষ্মা হোৱাৰ পিছত ঊষা ঘৰতে আছিল আৰু কোনেও তেওঁক লগ কৰিবলৈ অহা নাছিল । অৱশ্যে কেতিয়াবা তেওঁৰ পিতৃ আৰু ভনীয়েকে তেওঁক লগ কৰিছিল । কিন্তু তেওঁলোকো বহুদিন ধৰি অহা নাছিল । প্ৰায় দুমাহ পূৰ্বে যেতিয়া ঊষা ত্ৰিপাঠীৰ পিতৃ ৰামকৃষ্ণ আহি ঘৰত উপস্থিত হৈছিল, তেতিয়া দুয়োগৰাকী কন্যাই দুৱাৰ খুলি দিয়া নাছিল । যাৰ বাবে তেওঁ ঘূৰি গৈছিল । ইয়াৰ পিছত তেওঁৰ খুড়ীয়েক সীমাও আহিছিল যদিও দুৱাৰ খুলি নিদিয়াত ঘূৰি যাবলগা হৈছিল ।

আৰক্ষীৰ জেৰাত চুবুৰীয়াসকলে এনে কিছুমান কথাও কৈছিল, যাৰ ফলত আৰক্ষীৰ সন্দেহ উপজিছিল । মৃতদেহটো এবছৰ ধৰি ঘৰত পৰি থকাৰ পিছতো কোনো গোন্ধ নোলোৱা কথাটো কোনেও হজম কৰিব পৰা নাছিল । অৱশ্যে যেতিয়া ছোৱালী দুজনীক এই বিষয়ে সোধা হৈছিল তেতিয়া তেওঁলোকে কয় যে মৃতদেহটো ঘৰত এইকাৰণেই ৰখা হৈছিল যে তেওঁলোকে ভাবিছিল যে যদি তেওঁলোকে কাৰোবাক কয় তেন্তে তেওঁলোকক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব । এই ভয়ৰ বাবে তেওঁলোকে কাকো বিষয়টো অৱগত কৰা নাছিল । কিন্তু যেতিয়া ঘৰটোত মাতৃৰ মৃতদেহৰ গোন্ধ বিয়পিবলৈ আৰম্ভ কৰিলে, তেওঁলোকে ছাদত বাস কৰিবলৈ আৰম্ভ কৰে । তেওঁলোকে ছাদতে ৰান্ধিছিল আৰু তাতেই খাইছিল । চুবুৰীয়াসকলে কয় যে তেওঁলোকে মৃতদেহৰ গোন্ধ নিশ্চয় পাইছিল । কিন্তু তেওঁলোকে এইটো ভাবি নীৰৱ হৈ আছিল যে হয়তো ক'ৰবাত কিবা জন্তু পৰি মৰি আছে আৰু তাৰ পৰায়ে এই গোন্ধ আহিছে । কিন্তু কোনেও ঘূণাক্ষৰেও নাজানিছিল যে ইমান ডাঙৰ ঘটনা এটা তেওঁলোকৰ অঞ্চলটোত ঘটিছে আৰু কোনেও ইয়াৰ বিষয়ে একো নাজানে ।

আৰক্ষীৰ জেৰাত এইটোও প্ৰকাশ পায় যে ঊষাৰ প্ৰসাধনৰ দোকানখন ২০২১ চনত কোভিড কালত বন্ধ হৈ গৈছিল । ইয়াৰ পিছত পৰিয়ালটোৰ আৰ্থিক অৱস্থাৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰে আৰু ঊষা যক্ষ্মা ৰোগৰ কবলত পৰে । তাৰ পিছতে দুয়োজনী কন্যাৰ মগজুৰ ভাৰসাম্য ক্ৰমান্বয়ে অৱনতি হ'বলৈ ধৰে । আৰ্থিক সীমাবদ্ধতা আৰু ঘৰৰ সকলো সমস্যাৰ বাবে দুয়োৱে বাহিৰৰ জগতৰ পৰা নিজকে বিচ্ছিন্ন কৰি ৰাখে আৰু ঘৰটোতে বন্দী হৈ থাকিবলৈ আৰম্ভ কৰে । বৰ্তমান আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষা আৰু ফৰেনচিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আৰক্ষীয়ে ঘৰটো ছীল কৰি দিছে আৰু যুৱতী দুগৰাকী বৰ্তমান চুবুৰীয়াৰ ঘৰত আছে ।

লগতে পঢ়ক :নিজ্জৰৰ হত্যাকাণ্ড, কানাডাৰ তদন্তত পুনৰ ভাৰতৰ সহযোগিতা কামনা প্ৰধানমন্ত্ৰী ট্ৰুডোৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.