ETV Bharat / bharat

ক্ৰাইম ব্ৰাঞ্চে তদন্ত কৰিব ছত্ৰশালা ষ্টেডিয়ামৰ মল্লযোদ্ধা হত্যাৰ গোচৰ

অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা সুশীল কুমাৰ (৩৭) আৰু তেওঁৰ সহায়ক অজয়ৰ গ্ৰেপ্তাৰৰ পাচতে ছত্ৰশাল ষ্টেডিয়ামৰ ঘটনা সন্দৰ্ভত তদন্ত আৰু অধিক আগবঢ়োৱাৰ সিদ্ধান্ত দিল্লী আৰক্ষীৰ ৷ বৰ্তমান উত্তৰ-পশ্চিম জিলা আৰক্ষীয়ে তদন্ত কৰি থকা গোচৰ সোমবাৰে আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হ'ব ক্ৰাইম ব্ৰাঞ্চলৈ ৷

crime branch will further investigate wrestler murder case
মল্লযোদ্ধা হত্যাৰ গোচৰৰ তদন্ত অধিক কৰিব ক্ৰাইম ব্ৰাঞ্চে
author img

By

Published : May 24, 2021, 9:45 PM IST

নেশ্যনেল ডেস্ক, 24 মে': এগৰাকী 23 বছৰীয়া মল্লযোদ্ধাৰ মৃত্যু হোৱা ছত্ৰশাল ষ্টেডিয়ামৰ ঘটনা সন্দৰ্ভত আৰু অধিক তদন্ত কৰিব দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে ৷ দেওবাৰে বিভাগীয় কৰ্তৃপক্ষই এই কথা জানিবলৈ দিয়ে ৷ অলিম্পিক পদক বিজয়ী মল্লযোদ্ধা সুশীল কুমাৰ (৩৭) আৰু তেওঁৰ সহায়ক অজয়ক আউটাৰ দিল্লীৰ মুণ্ডকা অঞ্চলত গ্ৰেপ্তাৰ কৰাৰ পাচতে এই সিদ্ধান্ত লোৱা হয় ৷

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বৰ্তমান উত্তৰ-পশ্চিম জিলা আৰক্ষীয়ে তদন্ত কৰি থকা গোচৰটো সোমবাৰৰ ভিতৰত আনুষ্ঠানিকভাৱে ক্ৰাইম ব্ৰাঞ্চলৈ হস্তান্তৰ কৰা হ'ব ৷ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াই কয় যে, "অপৰাধ শাখাৰ দলে গোচৰটোৰ অধিক তদন্ত কৰিব বুলি আমাক মৌখিকভাৱে জনোৱা হৈছে ৷ কিন্তু সোমবাৰেহে আমালৈ আনুষ্ঠানিকভাৱে গোচৰটো হস্তান্তৰ কৰা হ'ব ৷"

এই গোচৰ ষ্টেডিয়ামখনত 4 মে'ত সংঘটিত এক ঘটনাৰ সৈতে জড়িত য'ত সাগৰ ৰাণা নামৰ মল্লযোদ্ধা গৰাকীৰ মৃত্যু হৈছিল ৷ অভিযোগ অনুসৰি, সুশীল কুমাৰ আৰু অন্যান্য মল্লযোদ্ধাসকলৰ আক্ৰমণৰ ফলত সাগৰৰ দুই বন্ধু ক্ৰমে চনু আৰু অমিত কুমাৰ আঘাতপ্ৰাপ্ত হৈছিল ৷ জানিব পৰা মতে, সাগৰৰ মৃত্যুৰ বিষয়ে অৱগত হোৱাৰ পাচতে সুশীল কুমাৰে চহৰ এৰি গুচি যায় আৰু সুশীলৰ লগতে তেওঁৰ সহযোগীক বিচাৰি উলোৱাৰ বাবে একাধিক দল গঠন কৰি চেষ্টা চলোৱা হৈছিল যদিও তেওঁ বাৰে বাৰে নিজৰ অৱস্থান সলনি কৰি আছিল ৷

উল্লেখ্য যে, ক্ৰাইম ব্ৰাঞ্চৰ লগতে বিশেষ চেলৰ চাৰিটা দল আৰু অন্যান্য কেইবাটাও দলে দিল্লী, উত্তৰ প্ৰদেশ, উত্তৰাখণ্ড, হাৰিয়ানা আৰু পঞ্জাৱত অভিযান চলাই ব্যৰ্থ হৈ অৱশেষত সুশীল কুমাৰৰ গ্ৰেপ্তাৰৰ বাবে তথ্য দিয়াগৰাকীৰ বাবে দিল্লী আৰক্ষীয়ে এক লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰু তেওঁৰ সহযোগী অজয় কুমাৰৰ গ্ৰেপ্তাৰৰ বাবে 50,000 টকাৰ অন্য এক পুৰস্কাৰ ঘোষণা কৰা হৈছিল ৷

দেওবাৰে পুৱাৰ ভাগত সুশীল কুমাৰৰ অৱস্থিতি সন্দৰ্ভত তথ্য লাভ কৰা বুলি জানিবলৈ দি এগৰাকী আৰক্ষী বিষয়াই কয় যে, "দেওবাৰে ৰাতিপুৱা আমি সুশীল কুমাৰে তেওঁৰ সহযোগীৰ সৈতে পশ্চিম দিল্লীত তেওঁৰ এজন বন্ধুৰ পৰা নগদ ধন সংগ্ৰহ কৰিবলৈ গৈ থকা বুলি তথ্য লাভ কৰিছিলো আৰু তেতিয়াই মুণ্ডকাৰ পৰা বিশেষ চেলৰ এটা দলে তেওঁক কৰায়ত্ব কৰিছিল ৷"

মেট্ৰ'পলিটান মেজিষ্ট্ৰেট দিব্যা মালহোত্ৰাই আৰক্ষীক সুশীল কুমাৰৰ ছয় দিনৰ জিম্মা মঞ্জুৰ কৰে ৷ জানিব পৰা মতে, আৰক্ষীয়ে সুশীল কুমাৰ আৰু অভিযুক্ত গেংষ্টাৰ কালা জাথেৰীৰ মাজৰ সম্পৰ্কৰ অনুসন্ধান অব্যাহত ৰাখিছে ৷ ইয়াৰ পূৰ্বে দিল্লীৰ এখন আদালতে দুবাৰৰ অলিম্পিক পদক বিজয়ীগৰাকীক আগতীয়া জামিন প্ৰদান কৰিবলৈ অস্বীকাৰ কৰি কয় যে তেওঁ প্ৰাথমিকভাৱে মুখ্য ষড়যন্ত্ৰকাৰী আৰু তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ যথেষ্ট গুৰুতৰ ৷

লগতে পঢ়ক: পাণ্ডিয়া ব্ৰাদাৰ্চৰ মহানুভৱতা: দান কৰিব 200 টা অক্সিজেন কণচেন্ট্ৰেট’ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.