ETV Bharat / bharat

দিল্লীত হ্ৰাস পাইছে উত্তৰ-পূৱৰ লোকৰ বিৰুদ্ধে সংঘটিত অপৰাধ

ৰাজধানী দিল্লীত উত্তৰ-পূৱৰ লোকসকলৰ বিৰুদ্ধে হোৱা অপৰাধজনিত কাণ্ড (Crime)সমূহ হ্ৰাস কৰিবলৈ ধাৰাবাহিকভাৱে প্ৰয়াস কৰি আছে দিল্লী আৰক্ষী (Delhi Police)য়ে ৷ দিল্লী আৰক্ষীয়ে ‘স্পুনাৰ’ (Spuner) নামৰ বিশেষ গোট গঠন কৰাৰ লগতে উত্তৰ-পূৱৰ লোকসকলৰ বাবে মুকলি কৰিছে হেল্পলাইন নম্বৰ, গঠন কৰিছে ফেচবুক পেজ আৰু হোৱাটছ এপ গোট ৷ শেহতীয়াকৈ উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লোকসকলে সহায়ৰ বাবে কৰা আহ্বান ক্ৰমান্বয়ে হ্ৰাস পাইছে বুলি মন্তব্য কৰে অতিৰিক্ত আয়ুক্ত হিবু তামাং (Hibu Tamag)য়ে ৷

crime against northeast girls decreasing

author img

By

Published : Jul 23, 2021, 10:03 PM IST

নেশ্যনেল ডেস্ক, 23 জুলাই : বিগত 6 বছৰত ৰাজধানী দিল্লীত উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লোকৰ বিৰুদ্ধে সংঘটিত অপৰাধজনিত কাণ্ড (Crime) ধাৰাবাহিকভাৱে হ্ৰাস পাইছে । এই উদ্দেশ্যেৰে দিল্লী আৰক্ষী (Delhi Police)ৰ ‘স্পুনাৰ’ (Spuner) গোটে কাম কৰি আছে । 2014 চনত উত্তৰ-পূৱৰ লোকসকলৰ বাবে দিল্লী আৰক্ষীয়ে গঠন কৰিছিল এই গোটটো । দিল্লী আৰক্ষীৰ অতিৰিক্ত আয়ুক্ত হিবু তামাং (Hibu Tamag)য়ে কয় যে, উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লোকসকলে সহায়ৰ বাবে কৰা আহ্বান ক্ৰমান্বয়ে হ্ৰাস পাইছে । ইয়াৰ পৰা এইটো স্পষ্ট যে হৈ পৰিছে যে, তেওঁলোকৰ বিৰুদ্ধে অপৰাধ হ্ৰাস পাইছে ।

অতিৰিক্ত আয়ুক্ত হিবু তামাঙে জনোৱা মতে, দিল্লী আৰক্ষীয়ে উত্তৰ-পূৱবাসীৰ সুৰক্ষাৰ হেতু পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা স্পুনাৰ গোটে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ পৰা প্ৰায় 100 গৰাকী আৰক্ষীক নিযুক্তি দিয়ে ৷ পৃথক পৃথক সময়সূচী অনুযায়ী উত্তৰ-পূৱৰ লোকসকলক সহায় কৰিবলৈ 24 ঘণ্টাই সাজু হৈ থাকে এইসকল আৰক্ষী ৷ দিল্লী আৰক্ষীৰ এই গোটটোৱে অপৰাধ হ্ৰাস কৰিবলৈ মানুহৰ মাজত সজাগতা অভিযান চলায় । উত্তৰ-পূৱ ৰাজ্যৰ যিকোনো লোকে মালৱীয় নগৰস্থিত গোটটোৰ কাৰ্যালয়লৈ যাব পাৰে আৰু তেওঁলোকৰ অভিযোগ দাখিল কৰিব পাৰে । ইয়াৰ পৰা সকলো সহায় লাভ কৰে লোকসকলে ৷

helpline number for NE people
উত্তৰ-পূৱৰ লোকৰ বাবে হেল্পলাইন মুকলি

তেওঁ কয় যে, 2014 চনত উত্তৰ-পূৱৰ লোকসকলৰ বাবে এটা পৃথক হেল্পলাইন (Helpline) নম্বৰ ‘1093’ মুকলি কৰিছিল দিল্লী আৰক্ষীয়ে । হেল্পলাইনটো দিল্লী আৰক্ষীৰ দ্বাৰা দিনে 24 ঘণ্টাই চলোৱা হয় । এই হেল্পলাইন নম্বৰটো উত্তৰ-পূৰ্বাঞ্চলৰ আৰক্ষী বিষয়াসকলৰ সৈতে ৰখা হয়, যাতে কোনোবা ভুক্তভোগীয়ে ফোন কৰিলেও ভাষা বুজি পোৱাত কোনো সমস্যা নহয় । ফোনকলটোৰ পাচত স্থানীয় আৰক্ষীক অৱগত কৰা হয় আৰু তেওঁলোকৰ এটা দল ভুক্তভোগীসকলক সহায় কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় । তেওঁ কয় যে, কাজিয়া, পথ দুৰ্ঘটনাৰ আঘাত, ষ্টকিং, চুবুৰীয়াৰ দ্বাৰা উৎপীড়ন আদি মন্তব্য কৰা আদি ফোনকলহে বেছিকৈ আহে । কেতিয়াবা বিষয়টো গুৰুতৰ হ’লে দলৰ দ্বাৰা এটা গোচৰ পঞ্জীয়নভুক্ত কৰা হয় ।

দিল্লী আৰক্ষীয়ে আইনী সহায়ৰ বাবে দিল্লী আইনী সেৱা কৰ্তৃপক্ষ(DLSA)ৰ জৰিয়তে ভুক্তভোগীৰ বাবে অধিবক্তা (Advocate) প্ৰদান কৰে । এই উকীলসকলে তেওঁলোকক আইনী যুঁজত এজেহাৰ (FIR) দিয়াৰ পৰা বিনামূলীয়াকৈ সহায় কৰে । একে সময়তে, NCRৰ 48 খন চিকিৎসালয়েও উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ লোকসকলক চিকিৎসালয়ত শিথিলতা প্ৰদান কৰে ।তেওঁলোকক সহায় কৰিবলৈ ফেচবুক পেজ আৰু হোৱাটছ এপ গোটো খোলা হৈছে । ইয়াৰোপৰি, বহুকেইটা যুৱ স্বেচ্ছাসেৱী গোট গঠন কৰা হৈছে, যিসকলে ফোনকল লাভ কৰাৰ সময়ত সহায় কৰিবলৈ ঘটনাস্থলীত উপস্থিত হয় । হিবু তামাঙে জনায় যে, তেওঁৰ দলটোৱে চফদৰজং এনক্লেভত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাটো কেনেদৰে সংঘটিত হৈছিল, সেয়াও নিৰীক্ষণ কৰি আছে । এই ক্ষেত্ৰত তদন্তকাৰী বিষয়া হিচাপে উত্তৰ-পূৱৰ ৰাজ্যৰ এগৰাকী মহিলা উপ-পৰিদৰ্শকক নিযুক্তি দিয়া হৈছে, যিয়ে তেওঁৰ দলটোক গোচৰৰ বিষয়ে সবিশেষ প্ৰদান কৰিব ৷

অতিৰিক্ত আয়ুক্তগৰাকী বিগত পাঁচ বছৰ ধৰি এই গোটটোৰ দায়িত্বত থকা বুলি তেওঁ জানিবলৈ দিয়ে । তেওঁৰ গোটে উত্তৰ-পূৱৰ ৰাজ্যৰ সহকৰ্মীসকলক নিৰন্তৰভাৱে সহায় কৰি আহিছে । তদুপৰি দিল্লীৰ লোকসকলেও উত্তৰ-পূৱৰ লোকসকলক লৈ যথেষ্ট সচেতন হৈছে । সেইবাবে হয়তো তেওঁলোকৰ বিৰুদ্ধে অপৰাধ হ্ৰাস পাইছে । দিল্লী আৰক্ষীৰ স্পষ্ট বাৰ্তা অনুসৰি, যিসকলে উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলৰ সৈতে দুৰ্ব্যৱহাৰ কৰে, তেওঁলোকৰ ওপৰত শূন্য সহনশীলতা নীতি ধাৰ্য কৰা হ’ব । যিকোনো ব্যক্তিয়ে অশালীন ব্যৱহাৰ কৰিলে, অনুসৰণ কৰিলে বা হাৰাশাস্তি কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি অতিৰিক্ত আয়ুক্ত হিবু তামাঙে সদৰী কৰে ৷

  • আৰক্ষীৰ বিশেষ হেল্পলাইন 1093 নম্বৰটো উত্তৰ-পূবৰ ৰাজ্যসমূহৰ লোকসকলক সহায় কৰিবলৈ ব্যৱহাৰ কৰে দিল্লী আৰক্ষীয়ে ৷
  • দিল্লী-এনচিআৰৰ 48 খন চিকিৎসালয়ত চিকিৎসাৰ বাবে 10ৰ পৰা 30 শতাংশ ৰেহাই দিয়া হয় ৷
  • ডিএলএছএৰ দ্বাৰা 24 গৰাকী অধিবক্তাৰ এখন পেনেল গঠন কৰা হৈছে, যিয়ে তেওঁলোকক আইনীভাৱে সহায় কৰে ।
  • 2014 চনত দিল্লী আৰক্ষীয়ে ‘নৰ্থ ইষ্ট ৰিজন’ (North East Region) নাৰৰ বাবে বিশেষ আৰক্ষী গোট গঠন কৰিছে ৷
  • দিল্লী পুলিচ ফ’ৰ নৰ্থ ইষ্ট ফক্স (Delhi Police for North East Folks) নামৰ এটা ফেচবুক পেজ খোলা হৈছে, য’ত আৰক্ষীয়ে লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ তথ্যৰ ভাগ-বতৰা কৰে ।
  • 8750870582 এই হোৱাটছ এপ নম্বৰযোগে লোকসকলে সহায় লাভ কৰিব পাৰে ৷

বিগত কেইটামান বৰ্ষত 1093 হেল্পলাইন নম্বৰটোলৈ অহা ফোনকলৰ অভিযোগ আৰু গোচৰৰ সংখ্যা এনেধৰণৰ-

2014 চন- 604 টা অভিযোগৰ 280 টা গোচৰ ৰুজু

2015 চন- 794 টা অভিযোগৰ 295টা গোচৰ ৰুজু

2016 চন- 969 টা অভিযোগৰ 230 টা গোচৰ ৰুজু

2017 চন- 1113 টা অভিযোগৰ 187 টা গোচৰ ৰুজু

2018 চন- 1068 টা অভিযোগৰ 229 টা গোচৰ ৰুজু

2019 চন- 997 টা অভিযোগৰ 253 টা গোচৰ ৰুজু

2020 চন- 898 টা অভিযোগৰ 164 টা গোচৰ ৰুজু

2021 চন- 442 টা অভিযোগ (21 জুলাইলৈকে)ৰ 60 টা গোচৰ ৰুজু (30 জুনলৈকে)

লগতে পঢ়ক : শেষ হৈছে পাঞ্জাৱ কংগ্ৰেছৰ সংকট: ৰাহুল গান্ধী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.