ETV Bharat / bharat

দিল্লীত 16 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ক’ৰণাৰ টীকাকৰণ - বিশ্ব

সমগ্ৰ বিশ্ব এতিয়া ক’ভিড 19 ৰ প্ৰতিষেধকৰ অপেক্ষাত ৷ ভাৰতে কেনেদৰে প্ৰতিষেধক ব্যৱহাৰ কৰিব সেই কথাত এতিয়া দৃষ্টি আৱদ্ধ হৈ আছে সমগ্ৰ বিশ্বৰ ৷

Covid vaccination at 89 locations in Delhi: Minister
দিল্লীত 16 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ক’ৰণাৰ টীকাকৰণ
author img

By

Published : Jan 10, 2021, 6:56 PM IST

দিল্লী, 10 জানুৱাৰী : ৰাজধানী দিল্লীত 16 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ক’ৰণা ভাইৰাছ টীকাকৰণ অভিযান ৷ দিল্লী চৰকাৰে প্ৰথম পৰ্যায়ৰ টীকাকৰণৰ বাবে ৮৯ টা স্থান বাচনি কৰিছে ৷ দিল্লীৰ স্বাস্থ্যমন্ত্ৰী সতেন্দ্ৰ জৈনে দেওবাৰে সদৰি কৰে এই কথা । উল্লেখ্য যে, ক’ৰণা ভাইৰাছৰ প্ৰথম পৰ্যায়ৰ টীকাকৰণৰ বাবে দেশত সৰ্বমুঠ পাঁচ হাজাৰৰো অধিক স্থান বাচনি কৰা হৈছে । প্ৰতিটো স্থানত দ্বায়িত্ব 8-10 জন সদস্যক প্ৰদান কৰা হ'ব । আনহাতে দিল্লীত টীকাকৰণৰ বাবে এহেজাৰটা স্থানেৰে বাচনি কৰি উলিওৱা হৈছিল ৷ কিন্তু কেন্দ্ৰৰ সিদ্ধান্ত অনুসৰি দিল্লীত প্ৰথম পৰ্যায়ৰ টীকাকৰণৰ বাবে 89 টা স্থান বাচনি কৰা হৈছে । ইয়াৰ ভিতৰত 36 খন চৰকাৰী চিকিৎসালয় আৰু 53 খন ব্যক্তিগত চিকিৎসালয় ।

দিল্লীৰ স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, প্ৰথম পৰ্যায়ত টীকাকৰণ কেৱল স্বাস্থ্যকৰ্মীসকলক প্ৰদান কৰা হ'ব । ইতিমধ্যে 2 লাখ আৰু 25 হাজাৰ স্বাস্থ্যকৰ্মীৰ নাম পঞ্জীয়ন কৰা হৈছে । শিক্ষকসকলক টীকাকৰণৰ প্ৰথম পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হৈছে যদিও এই সংখ্যাই প্ৰথম পৰ্যায়ৰ টীকাকৰণ যথেষ্ট পাৰ্থক্য সৃষ্টি নকৰে ৷ স্বাস্থ্যমন্ত্ৰী সতেন্দ্ৰ জৈনে এই অভিযানৰ বাবে বৰ্তমান প্ৰস্তুতি সম্পূৰ্ণ কৰাৰ কথা জানিবলৈ দিয়ে ৷ তেওঁ লগতে প্ৰতিষেধক অহাৰ বাবে চৰকাৰ অপেক্ষা কৰি থকাৰ কথা উল্লেখ কৰি 12-13 জানুৱাৰীত প্ৰতিষেধক দিল্লীত আহি পোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে । উল্লেখ্য যে, শেহতীয়াকৈ, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কেন্দ্ৰক ৰাষ্ট্ৰজুৰি বিনামূলীয়া ক’ভিড টীকাকৰণ প্ৰদান কৰিবলৈ টুইটযোগে অনুৰোধ কৰিছিল ।

লগতে পঢ়ক: কৰ'ণা দ্বিতীয় প্ৰবাহৰ পাচত ব্ৰিটেইনৰ পৰা প্ৰথমখন বিমান কৰ্ণাটকলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.