ETV Bharat / bharat

প্ৰতিষেধক প্ৰদানৰ অভিযান সন্দৰ্ভত পুনৰ বিবেচনা কৰাৰ প্ৰয়োজনীয়তা আছে

দেশত সৃষ্টি হোৱা কৰ'ণা সংকটক লৈ চিন্তা ব্যক্ত কৰিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই । মহামাৰীৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে কেতবোৰ পৰামৰ্শও আগবঢ়াইছে । বিশেষকৈ টীকাকৰণ অভিযান দ্ৰুত গতিত চলাবলৈ পৰামৰ্শ দিছে ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াই ।

author img

By

Published : May 4, 2021, 2:26 PM IST

vaccination strategy of India
বৰ্তমান দেশৰ কৰ'ণাসৃষ্ট পৰিস্থিতি আৰু টীকাকৰণ কাৰ্যসূচী

নিউজ ডেস্ক, ৪ মে': আৰ বি আয়ে তেওঁলোকৰ শেহতীয়া প্ৰতিবেদনত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী খৰতকীয়া কৰাকে ধৰি প্ৰাথমিক স্বাস্থ্য খণ্ডৰ উন্নয়ন সাধন কৰা তথা সাম্প্ৰতিক সময়ত ক'ভিডে সৃষ্টি কৰা বিপৰ্যয়ক নিয়ন্ত্ৰণ কৰিবলৈ মহামাৰী প্ৰতিৰোধ কৰাৰ বাবে অৱলম্বন কৰা উপায়সমূহ আৰু অধিক তৰান্বিত কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড আৰু চিলিৰ পৰা লাভ কৰা অভিজ্ঞতাৰ জৰিয়তে জানিব পৰা গৈছে যে, মহামাৰীৰ তীব্ৰতা আৰু মৃত্যুৰ হাৰ ৰোধ কৰাত প্ৰতিষেধকে কাৰ্যকৰী ভূমিকা পালন কৰিছে ৷

কেন্দ্ৰই প্ৰতিষেধক প্ৰদান অভিযান আৰম্ভ কৰিছিল যোৱা ৬ জানুৱাৰীত আৰু ইয়াক পৰ্যায়ক্ৰমে আগুৱাই নিছিল ৷ ইয়াৰ পাছতে যি সকলে ১৮ বছৰৰ দেওনা পাৰ কৰিছে তেওঁলোকৰ বাবে কেন্দ্ৰই ১ মে'ৰ পৰা প্ৰতিষেধক প্ৰদান কাৰ্যসূচীৰ ঘোষণা কৰিছিল ৷ ৪৫ বছৰৰ উৰ্ধৰ নাগৰিকসকলক বিনামূলীয়াকৈ প্ৰতিষেধক প্ৰদান কৰিবলৈ দায়িত্ব গ্ৰহণ কৰা কেন্দ্ৰই কিন্তু ১৮-৪৫ বছৰ বয়সৰ ভিতৰত থকা প্ৰায় ৬০ কোটি জনতাৰ দায়িত্ব নিজৰ কান্ধত লোৱা নাই ৷

ছিৰাম ইনষ্টিটিউট আৰু ভাৰত বায়'টেকলৈ আৰ্থিক সাহায্য আগবঢ়োৱা কেন্দ্ৰই ব্যক্ত কৰিছে যে, এই প্ৰতিষ্ঠান দুটাই উৎপাদন কৰা অৰ্ধেক সংখ্যক প্ৰতিষেধকৰ ওপৰত সংশ্লিষ্ট প্ৰতিষ্ঠান দুটাৰ অধিকাৰ থাকিব আৰু সেয়েহে সংশ্লিষ্ট প্ৰতিষেধক উৎপাদনকাৰী সন্থা দুটাই তেওঁলোকৰ দ্বাৰা উৎপাদিত প্ৰতিষেধক ২ বিধৰ মূল্য নিৰ্ধাৰণ কৰিব পাৰিব আৰু ৰাজ্য চৰকাৰসমূহ তথা বেচৰকাৰী চিকিৎসালয়সমূহক বিক্ৰী কৰিব পাৰিব ৷

ভাৰতবৰ্ষত আজিৰ দিনটোলৈকে ইতিমধ্যে প্ৰতিষেধকৰ ১৪.৫ কোটি পালি প্ৰদান কৰা হৈছে ৷ ইয়াৰ পাছতো দেশখনৰ মাত্ৰ ২ শতাংশ জনসংখ্যাকহে প্ৰতিষেধকৰ দুয়োটা পালি প্ৰদান কৰা হৈছে ৷ মহামাৰীৰ প্ৰকোপ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত ১ মে'ৰ পৰা প্ৰতিষেধকৰ চাহিদা তাৎপৰ্যপূৰ্ণভাৱে কেইবাগুণো বৃদ্ধি পাব ৷ যোগান যিহেতু নিশাটোৰ ভিতৰতে বৃদ্ধি পোৱাৰ সম্ভাৱনা নাই, গতিকে ই ৰাজ্য চৰকাৰসমূহৰ ওপৰত প্ৰচণ্ড চাপৰ সৃষ্টি কৰিব আৰু যাৰ ফলত এক ব্যাপক বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব ৷

কেন্দ্ৰই বাজেটত ৩৫ হাজাৰ কোটি টকা কৰ'ণা প্ৰতিষেধকৰ বাবে ধাৰ্য কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰে ৪৫ বছৰৰ উৰ্ধৰ নাগৰিকসকলক প্ৰতিষেধক যোগান ধৰাৰ নামত ১০ হাজাৰৰো কম টকা ব্যয় কৰিব ৷ উল্লেখ্য যে, কেন্দ্ৰই ঘোষণা কৰিছিল যে, দেশৰ নাগৰিকসকলক প্ৰতিষেধক প্ৰদান কৰাৰ ক্ষেত্ৰত যিকোনো পৰিমাণৰ অৰ্থ ব্যয় কৰিবলৈ তেওঁলোকে কেতিয়াও দ্বিধাবোধ নকৰে ৷

এতিয়া সেইখন চৰকাৰেই নিজৰ কথাকে পাহৰি ৰাজ্য চৰকাৰসমূহৰ ওপৰত অতিৰিক্তভাৱে ৪৮ হাজাৰ কোটি টকাৰ বোজা জাপি দিছে ৷ এই কাৰ্য কোনো কাৰণতেই গ্ৰহণযোগ্য নহয় ৷ আনকি ২০ খন ৰাজ্য চৰকাৰেও যদি বিনামূলীয়াভাৱে প্ৰতিষেধক প্ৰদান কৰিবলৈ দায়িত্ব কান্ধ পাতি লয়, তথাপি বিভিন্ন ধৰণৰ কাৰণসমূহৰ বাবে জীৱনৰ অধিকাৰ হেৰুৱাই পেলোৱা অসহায় লোকসকলৰ শিৰত বিপদৰ বৃহৎ ছাঁ ওলমি থাকিবই ৷

এইখিনিতে বিশ্ব স্বাস্থ্য সন্থাই জাৰি কৰা "সকলো সুৰক্ষিত নোহোৱালৈকে কোনো এজনো সুৰক্ষিত নহয়" এই সাৱধান বাণীটো মনত পেলোৱাটো যথোচিত হ'ব ৷ একমাত্ৰ এই কাৰণটোৰ বাবেই আমেৰিকা যুক্তৰাষ্ট্ৰ, ইংলেণ্ড, জাৰ্মানী, ফ্ৰান্স আৰু চীনে তেওঁলোকৰ নাগৰিকসকলৰ বাবে বিনামূলীয়া প্ৰতিষেধক আগবঢ়াইছে ৷ ভাৰত চৰকাৰে গ্ৰহণ কৰা প্ৰতিষেধক প্ৰদানৰ ৰণ কৌশলে কেৱল ধনী আৰু দুখীয়া ৰজ্যসমূহৰ মাজতেই নহয় বৰঞ্চ সমাজৰ বিভিন্ন স্তৰৰ মাজত বিভেদৰ সৃষ্টি কৰিব ৷

ভাৰতবৰ্ষই বিগত ৭ টা দশকজুৰি সকলোৰে বাবে বিনামূলীয়া টীকাকৰণ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ আন্তঃৰাজ্যিক সংক্ৰমণ যোগ্য ৰোগবোৰ ইয়াৰ তালিকাভুক্ত ৷ ক'ভিডৰ পৰিণতি স্বৰূপে ৰাজ্য চৰকাৰসমূহে ইতিমধ্যে ৰাজহ সংগ্ৰহত যথেষ্ট ভূগিছে ৷ মধ্যবিত্ত শ্ৰেণীটোৱে এহাতে ক'ভিডৰ আশংকাত দিন কটাইছে আনহাতে কৰ্ম সংস্থাপন হেৰুৱাইছে ৷

এতিয়ালৈকে চৰকাৰে বেচৰকাৰী চিকিৎসালয়সমূহৰ বাবে প্ৰতি পালি প্ৰতিষেধকৰ বিপৰীতে নিৰ্ধাৰণ কৰা মূল্য আছিল ২৫০ টকা ৷ অহা মাহৰ পৰা ইয়াৰ মূল্য পাঁচগুণ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ ই মধ্যবিত্ত শ্ৰেণীটোক মাধমাৰ সোধাব ৷ এই কাৰ্য শোষিত শ্ৰেণীটোৰ বাবে অভিশাপ হৈ অহাৰ বাদে আন একো নহয় ৷

কেইবাখনো ৰাজ্যৰ বিত্তীয় স্থিতিয়ে স্পুটনিক ভি, মডাৰ্না আৰু ফাইজাৰৰ দৰে প্ৰতিষ্ঠানবোৰৰ সৈতে প্ৰতিষেধকৰ মূল্য নিৰ্ধাৰণৰ সংক্ৰান্তত আলোচনা কৰিবলৈ অনুমতি নিদিব ৷ যদি দেশখনে এই ভয়াৱহ স্বাস্থ্য সংকটৰ পৰা উদ্ধাৰ পাব লাগে তেন্তে কেন্দ্ৰই সমগ্ৰ টীকাকৰণ কাৰ্যসূচী কাৰ্যকৰীকৰণ কৰাটো বাহাল ৰাখিব লাগিব ৷

কেন্দ্ৰই প্ৰতিষেধকৰ উৎপাদন, বিতৰণ, ৰপ্তানি আৰু মূল্য নিৰ্ধাৰণ আদি ক্ষেত্ৰত দৃষ্টি ৰাখি সংবিধানত নিহিত হৈ থকা জীৱনৰ অধিকাৰক সুৰক্ষিত কৰিব লাগিব ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.