ETV Bharat / bharat

সীতাপুৰ কাৰাগাৰৰ পৰা লক্ষ্ণৌ হাস্পতাললৈ স্থানান্তৰ আজাম খান আৰু তেওঁৰ পুত্ৰ

author img

By

Published : May 10, 2021, 11:02 AM IST

Updated : May 10, 2021, 11:44 AM IST

সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা মহম্মদ আজম খান আৰু তেওঁৰ পুত্ৰ আব্দুল্লা খানক সীতাপুৰ কাৰাগাৰৰ পৰা লক্ষ্ণৌৰ মেদান্ত চিকিৎসালয়লৈ ক'ভিড চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে ।

Azam Khan
কৰ'ণাত আক্ৰান্ত আজম খান আৰু পুত্ৰ আব্দুল্লা খান চিকিৎসাধীন

নেশ্যনেল ডেস্ক, ১০ মে': কৰ'ণাত আক্ৰান্ত হোৱা সমাজবাদী পাৰ্টিৰ জ্যেষ্ঠ নেতা মহম্মদ আজম খান আৰু তেওঁৰ পুত্ৰ আব্দুল্লা খানক লক্ষ্ণৌৰ মেদান্ত চিকিৎসালয়লত ভৰ্তি কৰোৱা হৈছে । পিতা-পুত্ৰ দুয়োগৰাকীয়ে সীতাপুৰ কাৰাগাৰত বন্দীত্বৰ জীৱন কটাই থকাৰ সময়তে কৰ'ণাত আক্ৰান্ত হোৱাত উক্ত কাৰাগাৰৰ পৰা মেদান্ত চিকিৎসালয় ভৰ্তি কৰোৱা হৈছে । আজম খানৰ দেহত কৰ'ণাৰ সামান্য লক্ষণ আছিল আৰু পুত্ৰ সম্পূৰ্ণৰূপে সুস্থ বুলি মেদান্ত চিকিৎসালয়ৰ (লক্ষ্ণৌ) সঞ্চালক ডাঃ ৰাকেশ কাপুৰে জনায় । সম্প্ৰতি আই চি ইউত চিকিৎসাধীন আজম খান ।

যোৱা ৩০ এপ্ৰিলত আজম খান আৰু আব্দুল্লাহৰ দেহত ক'ভিডৰ অৱস্থিতি ধৰা পৰিছিল । ২৯ এপ্ৰিলত জ্বৰ আৰু কাহত আক্ৰান্ত হোৱাৰ পাচতে ক'ভিড পৰীক্ষা কৰোৱা হৈছিল । ক'ভিড পৰীক্ষাত আজম আৰু আব্দুল্লাৰ লগতে ১৩ জন কয়েদীৰ দোহতো ক'ভিডৰ অৱস্থিতি ধৰা পৰে । বিভিন্ন গোচৰ সন্দৰ্ভত বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই আজম খান আৰু তেওঁৰ পুত্ৰ কাৰাগাৰত বন্দী হৈ আছে ।

লগতে পঢ়ক: ত্ৰিপুৰাত নিষিদ্ধ কফ চিৰাপসহ এজন সৰবৰাহকাৰী আটক

Last Updated : May 10, 2021, 11:44 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.