ETV Bharat / bharat

গুজৰাটত ক’ভিডত মৃত্যুৰ সংখ্যা যথেষ্ট কম : পি. চিদাম্বৰমৰ অভিযোগ - P. Chidambaram

সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি কংগ্ৰেছ নেতা পি. চিদাম্বৰমে অভিযোগ তুলি কয় যে, গুজৰাটত ক’ভিডৰ ফলত হোৱা মৃত্যুৰ খবৰ কমকৈ পোৱা গৈছে ।

P. Chidambaram
পি. চিদাম্বৰম
author img

By

Published : Apr 19, 2021, 11:18 AM IST

নেশ্যনেল ডেস্ক,19 এপ্ৰিল : কংগ্ৰেছ নেতা পি. চিদাম্বৰমে সোমবাৰে ঠাট্টাসূচক মন্তব্যৰে কয় যে, গুজৰাটত ক’ভিডৰ ফলত হোৱা মৃত্যুৰ খবৰ অতি কম ৷ লগতে সংবাদ মাধ্যমৰ প্ৰতিবেদনৰ উদ্ধৃতি দি তেওঁ কয় যে হৃদৰোগ, দীৰ্ঘম্যাদী মধুমেহ ৰোগৰ ফলত হোৱা মৃত্যুক ক’ভিড সৃষ্ট মৃত্যুৰ খবৰ বুলি ভুলকৈ দেখুওৱা হৈছে ৷

শুকুৰবাৰে গুজৰাটত ক’ভিডত আক্ৰান্ত হৈ 78 গৰাকী লোকৰ মৃত্যু হোৱাৰ বাতৰি পোৱা গৈছিল ৷ কিন্তু সংবাদ মাধ্যমে জনোৱা অনুসৰি, ক’ভিড প্ৰট’কলৰ পাচত কেৱল 7 খন চহৰত 689 টা মৃতদেহ সৎকাৰ কৰা হয় ৷ এয়াই গুজৰাট মডেল বুলি সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে ৷

স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, দেওবাৰে ভাৰতত 2,61,500 গৰাকী লোক ক’ভিড-19 আক্ৰান্ত হৈছে, যি হৈছে বৰ্তমানলৈকে এদিনত সৰ্বাধিক বৃদ্ধি ৷

লগতে পঢ়ক : ত্ৰিপুৰাত হঠাৎ বন্ধ হৈ পৰিল বাহনৰ চলাচল; যাত্ৰীৰ হাহাকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.