ETV Bharat / bharat

যোধপুৰস্থিত আই আই টিৰ ২৮ জন শিক্ষাৰ্থী ক'ভিড-১৯ত আক্ৰান্ত - শিক্ষানুষ্ঠান

যোধপুৰস্থিত আই আই টিৰ ছাত্ৰাবাসত থকা ২৮ জন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিছে কৰ'ণা ভাইৰাছৰ উপস্থিতি । মহামাৰীত আক্ৰান্ত শিক্ষাৰ্থীসকলক বৰ্তমান শিক্ষানুষ্ঠান চৌহদৰ ভিতৰৰে এটা ছাত্ৰাবাসত থাকিবলৈ দিয়া হৈছে ।

Covid cases at IIT Jodhpur
যোধপুৰস্থিত আই আই টিৰ ২৮ জন শিক্ষাৰ্থী কৰ'ণাত আক্ৰান্ত
author img

By

Published : May 10, 2021, 2:07 PM IST

নেশ্যনেল ডেস্ক, ১০ মে': ক'ভিড-১৯ মহামাৰীৰ কবলত পৰিছে যোধপুৰস্থিত আই আই টিৰ এজনৰ পিছত আনজন শিক্ষাৰ্থী । যোৱা সপ্তাহত শিক্ষানুষ্ঠানখনত পাঠ গ্ৰহণ কৰিবলৈ অহাৰ পিছতে ২৮ গৰাকী শিক্ষাৰ্থী কৰ'ণা আক্ৰান্ত হয় । মহামাৰীত আক্ৰান্ত শিক্ষাৰ্থীসকলক বৰ্তমান শিক্ষানুষ্ঠান চৌহদৰ ভিতৰৰে এটা ছাত্ৰাবাসত থাকিবলৈ দিয়া হৈছে ।

জানিব পৰা মতে, ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে শিক্ষানুষ্ঠানখনত সকলো সাৱধনতা অৱলম্বন কৰা হৈছে । মহমাৰীত আক্ৰান্ত শিক্ষাৰ্থীসকলৰ সম্পৰ্কলৈ অহা আন শিক্ষাৰ্থীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰীসকলৰ বাবে ছাত্ৰাবাসত পৃথককৈ থকাৰ ব্যৱস্থা কৰা হৈছে ।

লকডাউনৰ বাবে বহিঃৰাজ্যৰ শিক্ষাৰ্থীসকল নিজ নিজ ৰাজ্যলৈ উভতি যাব পৰা নাই । ব্যৱহাৰিক পাঠক্ৰম অধ্যয়নৰ বাবে শিক্ষাৰ্থীসকল ছাত্ৰাবাসত থকা বাবে শিক্ষানুষ্ঠান কৰ্তৃপক্ষই পৰিস্থিতি নিয়ন্ত্ৰণত ৰখাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । পূৰ্বে শিক্ষানুষ্ঠানখনত ৫২টা আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছিল ।

এতিয়ালৈকে শিক্ষাৰ্থী, শিক্ষক-শিক্ষয়িত্ৰী আৰু আন কৰ্মচাৰীসহ ১৫২ জন মহামাৰীৰ কবলত পৰিছে । আনহাতে, ৰাজস্থানত যোৱা ৯ মে'ত ১৫৯ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৭,৯২১ জন নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে । চৰকাৰী তথ্য অনুসৰি, এতিয়ালৈকে ৫,৫০,৮৫৩ জন লোক আৰোগ্য হৈ উঠিছে আৰু বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২,০০,২৮৯ জন ।

লগতে পঢ়ক:ক'ভিডত আক্ৰান্ত দিল্লীৰ সৰোজ হাস্পতালৰ চিকিৎসকসহ ৮০ গৰাকী স্বাস্থ্য কৰ্মী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.