নেশ্যনেল ডেস্ক, ১৬ এপ্ৰিল : দেশত কৰ'ণাই কালৰূপ ধাৰণ কৰাৰ সময়তে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে বৃহস্পতিবাৰে ভাৰতীয় পুৰাতত্ত আৰু জৰীপ (এএছআই) বিভাগৰ অধীনত সকলো স্মৃতিশৌধ, সংগ্ৰহালয় আদি তাৎক্ষণিকভাৱে ১৫ মে'লৈ বন্ধ ৰখাৰ কথা ঘোষণা কৰে । প্ৰায় ৩,৬৯৩ টা স্মৃতিশৌধ আৰু ৫০ টা সংগ্ৰহালয় বন্ধ ৰখাৰ কথা টুইটাৰযোগে সদৰী কৰে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰী প্ৰহ্লাদ পেটেলে । পুৰী জগন্নাথ মন্দিৰ আৰু সোমনাথ মন্দিৰৰ আদিত নিত্যনৈমিত্তিক পূজা' অনুষ্ঠিত কৰা হ'ব কিন্তু গণ সমাৱেশৰ অনুমতি দিয়া নহ'ব বুলি মন্ত্ৰালয়ৰ মিডিয়া উপদেষ্টা নীতিন ত্ৰিপাঠীয়ে জনায় ।
উল্লেখ্য যে, বিগত বৰ্ষৰ ১৭ মাৰ্চত দেশত অতিমাৰী কৰ'ণাৰ আতংকৰ ফলত এইসমূহ স্মৃতিশৌধ, সংগ্ৰহালয় আদি বন্ধ কৰা হৈছিল । দেশজুৰি লক ডাউন বাহাল থকাৰ অন্তত লক ডাউন শিথিল কৰাত পুনৰ জুলাই মাহৰ পৰা দৰ্শনাৰ্থীসকলৰ বাবে সম্পূৰ্ণ ক'ভিড প্ৰট’কলৰ মাজেৰে মুকলি কৰা হৈছিল । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি বৃহস্পতিবাৰে দেশত ২ লক্ষাধিকতকৈও অধিক লোক মহামাৰীৰ কবলত পৰিছে । যাৰ ফলত দেশত মুঠ আক্ৰান্তৰ সংখ্যা ১,৪০,৭৪,৫৬৪ জনলৈ বৃদ্ধি পাইছে । ইফালে, ১,০৩৮ জনে প্ৰাণ হেৰুৱাৰ ফলত ১,৭৩,১২৩ জনলৈ বৃদ্ধি পাইছে নিহত লোকৰ সংখ্যা । এইখিননিতে উল্লেখ কৰিব লাগিব যে, বিগত বৰ্ষৰ ৩ অক্টোবৰত সৰ্বাধিক লোকৰ মৃত্যু হোৱাৰ পাচত বুধবাৰে অভিলেখ সৃষ্টি কৰে ।
লগতে পঢ়ক: কৰ'ণা হটস্পটলৈ পৰিণত হৰিদ্বাৰ কুম্ভমেলা