ETV Bharat / bharat

CBSE পৰীক্ষা : শিক্ষামন্ত্ৰীৰে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী

author img

By

Published : Apr 14, 2021, 1:22 PM IST

CBSE ব'ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক । কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়াল, শিক্ষা সচিব আৰু অন্যান্য বিষয়াসকলৰ সৈতে এই বিষয়ে আলোচনা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

CBSE ব'ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ বুধবাৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: বুধবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পোখৰিয়ালৰ সৈতে বৈঠকত মিলিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । CBSE ব'ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰাক লৈ কেন্দ্ৰীয় শিক্ষা মন্ত্ৰীগৰাকীৰ লগতে শিক্ষা সচিব আৰু অন্যান্য বিষয়াসকলৰ সৈতে আলোচনা কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে । এই বৈঠকতে CBSE ব'ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

বৰ্ধিত কৰ'ণা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত বহু ছাত্ৰ-ছাত্ৰী, শিক্ষাবিদ আৰু ৰাজনীতিবিদে পৰীক্ষা বাতিল কৰাৰ দাবী জনাইছে । মঙলবাৰে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে ৰাজধানী চহৰখনত কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে CBSE ব'ৰ্ডৰ পৰীক্ষা বাতিল কৰিবলৈ কেন্দ্ৰক আহ্বান জনাইছিল ।

প্ৰতি বছৰে লাখ লাখ শিক্ষাৰ্থীয়ে CBSEৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত অৱতীৰ্ণ হয় । বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি, ভাৰতত যোৱা ২৪ ঘণ্টাত ১.৮৪ লাখৰো লোক নতুনকৈ মহামাৰীৰ কবলত পৰিছে আৰু নতুনকৈ ১০০০ৰো অধিক লোকৰ মৃত্যু হৈছে ।

লগতে পঢ়ক:ক'ৰণাকলৈ উদ্বেগ প্ৰকাশ ডিমা হাছাও জিলাৰ উপায়ুক্ত পল বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.