ETV Bharat / bharat

ক'ভিড ৰোগীৰ মৃত্যুঃ অক্সিজেন যোগান ভাল্ভ বন্ধ কৰাৰ অভিযোগ আত্মীয়ৰ

author img

By

Published : Apr 24, 2021, 5:41 PM IST

মহাৰাষ্ট্ৰৰ বিড জিলাৰ অসামৰিক চিকিৎসালয়ত ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ উত্তেজনা । নিশা কোনো অচিনাক্ত ব্যক্তিয়ে ৰোগীৰ অক্সিজেন যোগান ভাল্ভ বন্ধ কৰাৰ বাবে ৰোগীজনৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ।

ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ উত্তেজনা মহাৰাষ্ট্ৰৰ চিকিৎসালয়ত

নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: কৰ'ণাসৃষ্ট পৰিস্থিতি সংকটজনক হৈ থকাৰ সময়তে মহাৰাষ্ট্ৰৰ বিড জিলাত ক'ভিড-১৯ত আক্ৰান্ত ৰোগীৰ মৃত্যুক লৈ চিকিৎসালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে ৰোগীৰ আত্মীয় । বিড জিলাৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দুজন ৰোগীৰ অক্সিজেন যোগান ভাল্ভ কোনো অচিনাক্ত ব্যক্তিয়ে বন্ধ কৰাৰ অভিযোগ উত্থাপিত হৈছে ।

শুক্ৰবাৰে নিশা এই ঘটনা সংঘটিত হয় । ৰোগী দুজন চিকিৎসালয়খনৰ ৭ নং ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল । শনিবাৰে ৰোগী দুজনৰ আত্মীয়ই দাবী কৰিছে যে, দুয়োজন ৰোগী ভেণ্টিলেশ্যনত আছিল । আনহাতে, কেৱল এজন ৰোগীহে ভেণ্টিলেশ্যনত আছিল বুলি চিকিৎসালয় কৰ্তৃপক্ষই দাবী কৰিছে । বিড জিলা অসামৰিক চিকিৎসালয়ৰ অতিৰিক্ত অসামৰিক শল্য চিকিৎসক ডাঃ সুখদেৱ ৰাথোড়ে জনোৱা মতে, চিকিৎসালয়ৰ স্বাস্থ্য কৰ্মীয়ে অক্সিজেন যোগান ভাল্ভ বন্ধ হৈ থকা প্ৰত্যক্ষ কৰিছিল ।

কোনো লোকে ভাল্ভটো বন্ধ কৰি দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে শল্য চিকিৎসকগৰাকীয়ে । তেওঁ জনোৱা মতে, এজন ৰোগী অক্সিজেনৰ সমৰ্থনত আছিল আৰু আনজন ব্যক্তিৰ অৱস্থা সংকটজনক আছিল । এজন ৰোগীৰ বয়স ৩৫ বছৰ আৰু আনজনৰ ৫৫ বছৰ আছিল । মৃতকৰ আত্মীয়ই অভিযোগ তোলে যে, অক্সিজেনৰ অভাৱত দুয়োজনৰে মৃত্যু হৈছে ।

ৰোগীৰ মৃত্যুৰ সময়ৰ বিষয়ে ক'বলৈ গৈ আত্মীয়ই কয় যে, অক্সিজেনৰ অভাৱত, কম বয়সীয়া ৰোগীজনে পানী নাপাই মাছে চটফটোৱাৰ দৰে চটফটাই আছিল আৰু এই পৰিস্থিতি অতি ভয়ংকৰ আছিল । সেই সময়ত কোঠাটোত কোনো স্বাস্থ্যকৰ্মী উপস্থিত নাছিল বুলিও অভিযোগ তোলে ৰোগী দুজনৰ আত্মীয়ই । অক্সিজেন যোগান ভাল্ভ কোনে বন্ধ কৰিছিল এই বিষয়ে জানিবলৈ ঘটনাৰ তদন্ত কৰা হ'ব বুলি জনাইছে চিকিৎসালয় কৰ্তৃপক্ষই ।

লগতে পঢ়ক:চিকিৎসালয় কৰ্তৃপক্ষৰ হেমাহিঃ পিতৃৰ শেষকৃত্য সম্পন্ন কৰাৰ পৰা বঞ্চিত পুত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.