ETV Bharat / bharat

কাশী বিশ্বনাথ মন্দিৰত প্ৰৱেশৰ বাবে বাধ্যতামূলক ক'ভিড-১৯ নিগেটিভ নথি - বাৰাণসী জিলা

বাৰাণসী জিলাত ক্ৰমান্বয়ে বৃদ্ধি হৈছে কৰ'ণা সংক্ৰমণৰ ঘটনা । কৰ'ণাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি কাশী বিশ্বনাথ মন্দিৰত প্ৰৱেশৰ বাবে বাধ্যতামূলক কৰা হৈছে ক'ভিড-১৯ পৰীক্ষাৰ ফলাফল নিগেটিভ হোৱাৰ নথি প্ৰদৰ্শন ৷

varanasi corona update
কাশী-বিশ্বনাথ মন্দিৰত প্ৰৱেশৰ বাবে ক'ভিড-১৯ নিগেটিভ হোৱাৰ নথি বাধ্যতামূলক
author img

By

Published : Apr 14, 2021, 8:43 PM IST

নেশ্যনেল ডেস্ক, ১৪ এপ্ৰিল: কৰ'ণা ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ বাৰাণসী জিলা প্ৰশাসনে কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । জিলাখনলৈ অপ্ৰয়োজনীয়ভাৱে ভ্ৰমণ কৰা বন্ধ কৰিবলৈ অন্য ৰাজ্যৰ লোকক আহ্বান জনাইছে জিলা উপায়ুক্ত কৌশল ৰাজ শৰ্মাই । মহামাৰীৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি বিদেশৰ পৰা আহিব লগীয়া লোককো যাত্ৰা বাতিল কৰিবলৈ অনুৰোধ জনাইছে জিলা উপায়ুক্ত গৰাকীয়ে ।

কেৱল এইয়ে নহয়, কাশী বিশ্বনাথ মন্দিৰত প্ৰৱেশৰ কৰিবলৈ হ'লে ক'ভিড-১৯ পৰীক্ষাৰ ফলাফল নেতিবাচক হোৱাৰ বিষয়ে প্ৰমাণ দাঙি ধৰা নথি প্ৰদৰ্শন কৰাতো 14 এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ বাধ্যতামূলক কৰা হৈছে । ভক্ত সকলে যথোচিত তথ্য প্ৰদৰ্শন কৰিব পাৰিলেহে মন্দিৰত প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰা হ'ব বুলি স্পষ্ট কৰি দিছে জিলা উপায়ুক্ত গৰাকীয়ে । অনাগত দিনবোৰৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কৰ'ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে আৰু কেইবাটাও সিদ্ধান্ত লোৱা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।

জিলাখনত চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি হোৱাৰ লগে লগে মুকলি চিকিৎসালয়সমূহৰ বিষয়েও চিন্তা-চৰ্চা কৰা হৈছে । কৰ'ণাসৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আয়ুক্ত দীপক আগৰৱালাই এক নিৰ্দেশ জাৰি কৰিছে । উক্ত নিৰ্দেশনা অনুসৰি, এতিয়াৰে পৰা বাৰাণসীৰ কাশী বিশ্বনাথ মন্দিৰকে ধৰি অন্নপূৰ্ণা মন্দিৰ আৰু সংকট মোচন মন্দিৰ দৰ্শন কৰিবলৈ যোৱাৰ আগতে ভক্তই আৰটি-পিচিআৰ টেষ্টৰ ফলাফল নেতিবাচক হোৱাৰ প্ৰমাণ দেখুৱাব লাগিব ।

লগতে পঢ়ক:হায়দৰাবাদৰ ভিন্ন অঞ্চলত প্ৰবল বৃষ্টিপাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.