ETV Bharat / bharat

ক'ভিডত আক্ৰান্তক বিনামূলীয়া অক্সিজেন যোগান মুম্বাইৰ এটা মছজিদৰ - মহামাৰীত আক্ৰান্ত ৰোগীসকলৰ বাবে বিনামূলীয়াকৈ অক্সিজেন যোগান দাদৰৰ মছজিদৰ

মুম্বাইৰ দাদৰ অঞ্চলৰ ফুল গলিৰ এটা মছজিদৰ প্ৰশংসনীয় পদক্ষেপ । সমগ্ৰ দেশৰ লগতে মুম্বাইত কৰ'ণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মছজিদটোৱে মহামাৰীত আক্ৰান্ত ৰোগীসকলৰ বাবে বিনামূলীয়াকৈ অক্সিজেন ব্যৱস্থা কৰিছে ৷

অতিমাৰী কালচোৱাত দাদৰৰ মছজিদৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Apr 22, 2021, 2:13 PM IST

নেশ্যনেল ডেস্ক, ২২ এপ্ৰিল: দেশজুৰি কৰ'ণাই ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সময়তে একাংশ ৰাজ্যত অক্সিজেনৰ নাটনি দেখিবলৈ পোৱা গৈছে । অক্সিজেনৰ অভাৱত আনকি কিছুমান হাস্পতালত ৰোগীৰ মৃত্যু হোৱাৰো অভিযোগ উত্থাপন হৈছে । বুধবাৰে মুম্বাইৰ দাদৰ অঞ্চলৰ ফুল গলিৰ এটা মছজিদে অতিমাৰীত আক্ৰান্ত ৰোগীসকলৰ বাবে বিনামূলীয়াকৈ অক্সিজেন যোগান ধৰে ৷

দক্ষিণ মুম্বাইৰ দাউদ মনচুৰী মছজিদ কৰ্তৃপক্ষই গ্ৰহণ কৰিছে এই প্ৰশংসনীয় পদক্ষেপ । সমগ্ৰ দেশৰ লগতে মুম্বাইত কৰ'ণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি মছজিদটোৱে এই পদক্ষেপ গ্ৰহণ কৰিছে । চহৰখনত ক'ভিড পৰিস্থিতি অধিক ভয়ংকৰ দিশলৈ গতি কৰাৰ মাজতে বহু পৰিয়ালে অক্সিজেনৰ অভাৱৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে ৷

যিসকল লোকৰ অক্সিজেন ক্ৰয় কৰিব সামৰ্থ নাই সেইসকল লোকৰ সহায়ৰ বাবে বিনামূলীয়াকৈ অক্সিজেনৰ যোগান ধৰা হৈছে বুলি জানিবলৈ দি মছজিদ কৰ্তৃপক্ষই স্থানীয় লোকসকলক এই সংকট কালত ইজনে সিজনক সহায় কৰিবলৈ আহ্বান জনাইছে । ফুল গলি মছজিদৰ এই পদক্ষেপৰ পাচতে আন আন মছজিদেও অন্যান্য সেৱা প্ৰদান কৰিবলৈ আগবাঢ়ি অহা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, দেশৰ ভিতৰত মুম্বাইত আটাইতকৈ অধিক লোক কৰ'ণাত আক্ৰান্ত হৈছে । বুধবাৰৰ দিনটোত চহৰখনত ৭,৬৮৪ জন লোক অতিমাৰীৰ কবলত পৰাৰ বিপৰীতে মুঠ আক্ৰান্তৰ সংখ্যা ৮৪,৭৪৩ লৈ বৃদ্ধি পাইছে ।

লগতে পঢ়ক: জটিল ৰোগত ভোগা শিশুৰ বাবে ত্ৰিপুৰাত বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.