নেশ্যনেল ডেস্ক, ১১ জুন : চতুৰ্থ দিনাও দেশত কৰ'ণা(corona) আক্ৰান্তৰ সংখ্যা এক লাখৰ তলত । ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য মতে বিগত ২৪ ঘণ্টাত ৯১,৭০২ গৰাকী ব্যক্তিৰ শৰীৰত কৰ’ণা (Corona)ৰ উপস্থিতি ধৰা পৰিছে ৷ লগতে দেশত কৰ’ণা (Corona)ত আক্ৰান্ত হৈ ৩,৪০৩ গৰাকীকৈ ব্যক্তিৰ মৃত্যু হৈছে ৷
২ এপ্ৰিলৰ পিছত যোৱা ৪ জুনত দেশত কৰ'ণা (Corona) আক্ৰান্তৰ সংখ্যা সৰ্বনিম্ন আছিল যেতিয়া ৮৬,৪৯৪ টা কৰ'ণা (Corona)ৰ নতুন ঘটনা পোহৰলৈ আহিছিল । ভাৰতৰ সম্প্ৰতি ক'ভিড (Covid 19)ত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ২ কোটি ৯২ লাখ ৭৪ হাজাৰ ৮২৩ আৰু এতিয়ালৈকে ৩ লাখ ৬৩ হাজাৰ ৭৯ গৰাকী লোকৰ মৃত্যু হৈছে । দ্বিতীয় ঢৌৰ সময়ত দেশত ৭ মে'ৰ দিনটোত সৰ্বাধিক ৪,১৪,১৮৮ গৰাকীৰ লোক আক্ৰান্ত হৈছিল । ইফালে ১৭ মে'ত প্ৰথমবাৰৰ বাবে নতুন ক'ভিড (Covid 19) আক্ৰান্তৰ সংখ্যা তিনি লাখৰ তললৈ নামি আহিছিল ।
- " class="align-text-top noRightClick twitterSection" data="">
স্বাস্থ্য মন্ত্ৰালয় (MHA)ৰ মতে যোৱা ২৪ ঘণ্টাত মুঠ ১১,২১,৬৭১ গৰাকী লোক আৰোগ্য হৈছে । সম্প্ৰতি দেশত মুঠ আৰোগ্যৰ সংখ্যা ২ কোটি ৭৭ লাখ ৯০ হাজাৰ ৭৩ গৰাকী । স্বাস্থ্য মন্ত্ৰালয়ৰ মতে দেশখনত এতিয়ালৈকে মুঠ ২৪ কোটি ৬০ লাখ ৮৫ হাজাৰ ৬৪৯ গৰাকী লোকে প্ৰতিষেধক গ্ৰহণ কৰিছে । বিগত ২৪ ঘণ্টাত প্ৰতিষেধক প্ৰদান কৰা হৈছে ৩২ লাখ ৭৪ হাজাৰ ৬৭২ গৰাকী লোকক ।
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (Indian Council of Medical Research) মতে ক'ভিড (Covid 19)ৰ বাবে ১০ জুনলৈকে ৩৭ কোটি ৪২ লাখ ৪২ হাজাৰ ৩৮৪ টা নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰে ২০,৪৪,১৩১ টা নমুনা কেৱল বৃহস্পতিবাৰে পৰীক্ষা কৰা হৈছে ।
লগতে পঢ়ক:নৰেন্দ্ৰ মোডীক দাড়ি খুৰাবলৈ 100 টকা দিলে এজন চাহ বিক্ৰেতাই