ETV Bharat / bharat

ক'ভিড-১৯: বিগত চাৰি দিনৰ তুলনাত মৃ্ত্যুৰ সংখ্যা হ্ৰাস - যোৱা চাৰিদিনৰ তুলনাত ৪,০০০তকৈ কম সংখ্যক লোকে প্ৰাণ হেৰুৱাইছে

যোৱা চাৰিদিনৰ তুলনাত ৪,০০০তকৈ কম সংখ্যক লোকে প্ৰাণ হেৰুৱাইছে । বিগত ২৪ ঘণ্টাত দেশত ৩,৮৭৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যুমুখত পৰিছে ।

India Covid case
বিগত চাৰি দিনৰ তুলনাত মৃ্ত্যুৰ সংখ্যা হ্ৰাস
author img

By

Published : May 20, 2021, 3:12 PM IST

নেশ্যনেল ডেস্ক, ২০ মে': ভাৰতত কৰ'ণাৰ দৈনিক আক্ৰান্তৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে যদিও উদ্বেগজনকভাৱে বৃদ্ধি হৈছে মৃতকৰ সংখ্যা । কিন্তু তাৰ মাজতে বিগত ২৪ ঘন্টাত হ্ৰাস পাইছে মৃত্যু হোৱা লোকৰ সংখ্যা । চাৰি দিনৰ অন্তত বিগত ২৪ ঘণ্টাত দেশত ৩,৮৭৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যু মুখত পৰিছে । ইয়াৰ লগে লগে ক'ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা হৈছেগৈ ২,৮৭,১২২ জন । যোৱা চাৰিদিনৰ তুলনাত বুধবাৰে ৪,০০০তকৈ কম সংখ্যক লোকে প্ৰাণ হেৰুৱাইছে । মৃত্যুৰ হাৰ ১.১১ শতাংশ হৈছে । বিগত ২৪ ঘন্টাত দেশত ২,৭৬,১১০ গৰাকী লোক আক্ৰান্ত হৈছে । ফলত মুঠ আক্ৰান্তৰ সংখ্যা ২,৫৭,৭২,৪৪০ গৰাকীলৈ বৃদ্ধি পাইছে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ইফালে, সক্ৰিয় হৈ থকা ৰোগীৰ সংখ্যাও হ্ৰাস পাইছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে জনোৱা তথ্য অনুসৰি, ৩১,২৯,৮৭৮ গৰাকীলৈ হ্ৰাস পাইছে সক্ৰিয় ৰোগীৰ সংখ্যা । মুঠ সংক্ৰমণৰ হাৰ ১২.১৪ শতাংশ । এতিয়ালৈ আৰোগ্য হোৱা লোকৰ সংখ্যা ২,২৩,৫৫,৪৪০ গৰাকীলৈ বৃদ্ধি পাইছে । আনহাতে ৰাষ্ট্ৰীয় পৰ্যায়ত ক'ভিড-১৯ৰ আৰোগ্যৰ হাৰ ৮৬.৭৪ শতাংশ ।

দেশত এতিয়ালৈকে মুঠ ২,৮৭,১২২ জন লোকৰ মৃত্যু হৈছে । ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৮৪,৩৪১ জন, কৰ্ণাটকৰ ২৩,৩০৬ জন, দিল্লীৰ ২২,৩৪৬ জন, তামিলনাডুৰ ১৮,৭৩৪ জন, উত্তৰ প্ৰদেশৰ ১৮,৩৫২ জন, পশ্চিমবংগৰ ১৩,৫২৫ জন আৰু পঞ্জাৱৰ ১২,৫২৫ জন আৰু ছত্তীশগড়ৰ ১২,১২৮ জন ।

বিগত ২৪ ঘণ্টাত দেশত ৩,৮৭৪ গৰাকী লোক কৰ'ণাত আক্ৰান্ত হৈ মৃ্ত্যু হোৱাৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৫৯৪ জন, কৰ্ণাটকৰ ৪৬৮ জন, তামিলনাডুৰ ৩৬৮ জন, উত্তৰ প্ৰদেশৰ ২৮০ জন, দিল্লীৰ ২৩৫ জন, পঞ্জাৱৰ ২০৮ জন, উত্তৰাখণ্ডৰ ১৯৩ জন, পশ্চিমবংগৰ ১৫৭ জন, হাৰিয়ানাৰ ১৫৩ জন, ছত্তীশগড়ৰ ১৪৬ জন, কেৰালাৰ ১১২ জন, অন্ধ্ৰপ্ৰদেশৰ ১০৬ জন আৰু বিহাৰৰ পৰা ১০৬ জন ।

দেশত কৰ'ণাত আক্ৰান্তৰ সংখ্যাই যোৱা ৭ আগষ্টত ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ আৰু ১৬ ছেপ্টেম্বৰত ৫০ লাখৰ অতিক্ৰম কৰিছিল । ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২৯ অক্টোবৰত ৮০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ অতিক্ৰম কৰে আৰু ১৯ ডিচেম্বৰত এক কোটিৰ ঘৰ অতিক্ৰম কৰে । লক্ষ্যণীয়ভাৱে যোৱা ৪ মে'ত ভাৰতে ২ কোটিৰ ঘৰ অতিক্ৰম কৰি পূৰ্বৰ সকলো ৰেকৰ্ড ভংগ কৰিছিল । আই চি এম আৰৰ তথ্য অনুসৰি, বুধবাৰে ২০,৫৫,০১০ টা নমুনা পৰীক্ষা কৰে । ১৯ মে'লৈ মুঠ ৩২,২৩,৫৬,১৮৭ টা নমুনা পৰীক্ষা কৰা হয় ।

লগতে পঢ়ক: ব্লেক ফাংগাছক মহামাৰী ঘোষণা কৰিলে ৰাজস্থান চৰকাৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.