নেশ্যনেল ডেস্ক, 23 ছেপ্টেম্বৰ : দেশত অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বৃহস্পতিবাৰে পুৱা প্ৰকাশ কৰা অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত পুনৰ ৩১,৯২৩ গৰাকী লোক নতুনকৈ কৰ’ণাত আক্ৰান্ত হৈছে ৷ ইয়াৰ বিপৰীতে মৃত্যু হৈছে ২৮২ গৰাকী লোকৰ ৷
ইয়াৰ লগতে ভাৰতত সক্ৰিয় আক্ৰান্তৰ সংখ্যা হৈছে 3,01,604 গৰাকী আৰু মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈ স্পৰ্শ কৰিছে ৪,৪৬,০৫০ গৰাকীলৈ । ভাইৰাছবিধৰ পৰা আৰোগ্য হোৱা লোকৰ সংখ্যা 3,28,15,731 গৰাকীলৈ বৃদ্ধি পাইছে ।
- " class="align-text-top noRightClick twitterSection" data="">
স্বাস্থ্য মন্ত্ৰালয় প্ৰকাশ কৰা অনুসৰি, দেশত ২২ ছেপ্টেম্বৰলৈ ৫৫,৮৩,৬৭,০১৩ টা ক’ভিড নমুনা পৰীক্ষণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত বুধবাৰে ১৫,২৭,৪৪৩ টা ক’ভিড নমুনাৰ পৰীক্ষা কৰা হয় । মন্ত্ৰালয়ৰ লগতে প্ৰকাশ কৰা মতে, এতিয়ালৈকে ৮৩.৩৯ কোটিতকৈও অধিক লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে ৷ বুধবাৰে ৭১,৩৮,২০৫ জন লোকক টীকাকৰণ কৰা হয় ।
লগতে পঢ়ক : ক’ভিড 19: ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যাই স্পৰ্শ কৰিছে 3.1 লাখ