ETV Bharat / bharat

ক’ভিড 19: ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যাই স্পৰ্শ কৰিছে 3.1 লাখ

বিগত 24 ঘণ্টাত দেশত 26,964 গৰাকী লোক ক’ভিড 19 ত আক্ৰান্ত হোৱাৰ বিপৰীতে 383 গৰাকী লোকৰ এই মহামাৰীবিধত মৃত্যু হৈছে ৷ বুধবাৰে স্বাস্থ্য মন্ত্ৰালয়ৰ তৰফৰ পৰা প্ৰকাশিত বুলেটিনত এই তথ্য প্ৰকাশ পাইছে ৷

COVID-19: India has 3.01 lakh active cases; lowest in 186 days
ক’ভিড 19: ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা 3.1 লাখ; 186 দিনত এই সংখ্যা সৰ্বনিম্ন
author img

By

Published : Sep 22, 2021, 10:41 AM IST

নেশ্যনেল ডেস্ক, 22 ছেপ্তেম্বৰ : বিগত 24 ঘণ্টাত ভাৰতত 26,964 টা ক’ভিড 19 ৰ ঘটনা পোহৰলৈ অহিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা বুধবাৰে প্ৰকাশিত স্বাস্থ্য বুলেটিনত এই তথ্য প্ৰকাশ পাইছে ৷ বৰ্তমানলৈকে দেশত সক্ৰিয় ক’ভিড 19 ৰোগীৰ সংখ্যা 3,01,989 গৰাকী ৷ যোৱা 186 দিনৰ তুলনাত এই সংখ্যা সৰ্বনিম্ন ৷

বৰ্তমানলৈকে দেশত কৰ’ণা মহামাৰীত 4,45,768 গৰাকী লোকৰ মৃত্যু হৈছে ৷ ইয়াৰ বিপৰীতে এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা ৰোগীৰ সংখ্যা 3,27,83,741 ৷ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি 19 ছেপ্তেম্বৰলৈকে মুঠ 55,67,54,282 টা নমুনা পৰীক্ষা কৰা হৈছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

দেশত 96,46,778 গৰাকী লোকক মঙলবাৰৰ দিনটোত ক’ভিড প্ৰতিষেধক প্ৰদান কৰা হয় ৷ এতিয়াকৈ মুঠ 81.85 কোটি প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক : স্বৰ্ণ মন্দিৰ দৰ্শন চৰণজিৎ সিং চান্নীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.