ETV Bharat / bharat

ইংলেণ্ডৰ অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই অনা বিমান উপস্থিত চেন্নাইত

author img

By

Published : May 4, 2021, 12:27 PM IST

বৃটিছ গণৰাজ্যৰ পৰা 46.6 লিটাৰ ক্ষমতাৰ 450টা অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই অনা ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ বিমান মঙলবাৰে চেন্নাইত উপস্থিত হয় । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই সহায়ৰ বাবে বৃটিছ গণৰাজ্যক কৃতজ্ঞতা প্ৰকাশ কৰিছে ।

বৃটিছ গণৰাজ্যৰ পৰা কঢ়িয়াই অনা ৪৫০টা অক্সিজেন চিলিণ্ডাৰৰ বিমান উপস্থিত চেন্নাইত

নেশ্যনেল ডেস্ক, 4 মে’: মঙলবাৰে পুৱাৰ ভাগত চেন্নাইৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ অক্সিজেন চিলিণ্ডাৰ ভৰ্তি বিমান ৷ য'ত বৃটিছ গণৰাজ্যৰ পৰা 46.6 লিটাৰ ক্ষমতাৰ 450 টা অক্সিজেন চিলিণ্ডাৰ কঢ়িয়াই অনা হৈছে ৷

চেন্নাই কাষ্টমছৰ মতে, এই অক্সিজেন চিলিণ্ডাৰ চেন্নাই আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে বিভাগীয় কতৃপক্ষই পোন্ধৰ মিনিটৰ ভিতৰতে যাবতীয় সকলো কাম সম্পূৰ্ণ কৰে ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ (MEA) মুখপাত্ৰ অৰিন্দম বাগচীয়ে টুইট যোগে বৃটিছ গণৰাজ্যক কৃতজ্ঞতা জ্ঞাপন কৰে ৷ কিয়নো এই মহামাৰীৰ সময়ত অক্সিজেনৰ নাটনিৰ সমস্যা কিছু পৰিমাণে হ্ৰাস পাব ৷

উল্লেখ্য যে, ব্ৰিটিছ অক্সিজেন কোম্পানীয়ে ভাৰতক 5,000 অক্সিজেন চিলিণ্ডাৰ আগবঢ়াইছে ৷ যাতে দেশখনত হোৱা ক’ভিড-19ৰ দ্ৰুত সংক্ৰমণৰ দ্বিতীয় ঢৌৰ বিৰুদ্ধে দিয়া যুঁজত সহায় হয় ৷

আনহাতে, বৃটিছ গণৰাজ্যই দেওবাৰে (স্থানীয় সময় অনুসৰি) ঘোষণা কৰিছিল যে কৰ’ণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ বিৰুদ্ধে ভাৰতৰ যুঁজত সহায় কৰাৰ প্ৰতিশ্ৰুতিৰ অংশ হিচাপে অতিৰিক্ত যোগানৰ পৰা ভাৰতীয় চিকিৎসালয়লৈ অতিৰিক্ত 1,000 ভেণ্টিলেটৰ প্ৰেৰণ কৰিব।

লগতে পঢ়ক: কমনৱেল্থ গেমছ ভিলেজৰ স্পৰ্টচ কমপ্লেক্স ৰূপান্তৰিত হ'ল অক্সিজেন প্ৰকল্পলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.