ETV Bharat / bharat

COVID-19: ভাৰতত 1,04,31,639 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

author img

By

Published : Jan 9, 2021, 12:45 PM IST

শনিবাৰলৈ দেশত কৰ'ণা মহামাৰীৰ আক্ৰান্ত মুঠ লোকৰ সংখ্যা বৃদ্ধি পায় 1,04,31,639 গৰাকীলৈ ৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 1,50,798 গৰাকীলৈ ৷ অৱশ্যে আৰোগ্য লাভ কৰা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 96.41 শতাংশ হোৱাৰ বিপৰীতে মৃত্যুৰ 1.45 শতাংশ ৷

COVID-19: ভাৰতত 1,04,31,639 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা
COVID-19: ভাৰতত 1,04,31,639 লৈ বৃদ্ধি আক্ৰান্তৰ সংখ্যা

নেশ্যনেল ডেস্ক, 9 জানুৱাৰী: বিগত 24 ঘণ্টাত ভাৰতত 18,222 লোকৰ দেহকত নতুনকৈ ধৰা পৰিছে কৰ'ণা মহামাৰীৰ অৱস্থিতি ৷ লগতে মৃত্যুক সাৱটি লৈছে 228 গৰাকী লোকে ৷ শনিবাৰলৈ দেশত কৰ'ণা মহামাৰীৰ আক্ৰান্ত মুঠ লোকৰ সংখ্যা বৃদ্ধি পায় 1,04,31,639 গৰাকীলৈ ৷ আনহাতে মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পায় 1,50,798 গৰাকীলৈ ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে উল্লেখ কৰে এই তথ্য ৷

উল্লেখ্য যে, দেশজুৰি কৰ'ণা মহামাৰীৰ কবলৰ পৰা আৰোগ্য লাভ কৰা লোকে সংখ্যা হৈছে 1,00,56,651 গৰাকী ৷ আৰোগ্য লাভ কৰা লোকৰ সংখ্যা মুঠ আক্ৰান্তৰ সংখ্যাৰ 96.41 শতাংশ হোৱাৰ বিপৰীতে মৃত্যুৰ 1.45 শতাংশ ৷ সম্প্ৰতি দেশত 2,24,190 গৰাকী সক্ৰিয় ৰোগী আছে ৷

8 জানুৱাৰীলৈ দেশত সম্পন্ন হোৱা নমুনাৰ পৰীক্ষণ হ'ল মুঠ 18,02,53,315 ৷ শুকুৰবাৰে নতুনকৈ 9,16,951 গৰাকী লোকৰ নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে ৷

দেশৰ ভিতৰতে কৰ'ণা মহামাৰীৰ আটাইতকৈ অধিক আক্ৰান্ত হোৱা ৰাজ্য সম্প্ৰতিও মহাৰাষ্ট্ৰ ৷ আনহাতে ইয়াৰ পাচতে দৈনিক নতুন আক্ৰান্তৰ সংখ্যা কেৰালা, পশ্চিম বংগ, তামিলনাডু, কৰ্ণাটক, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, গুজৰাট, ছত্তিশগড় আৰু ৰাজস্থানতো পোৱা গৈছে ৷

লগতে পঢ়ক: বাৰ্ড ফ্লুঃ ফাৰ্মৰ গৰাকী সকলক ক্ষতিপূৰণ দিব কেৰালা চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.