ETV Bharat / bharat

TSR jawan in Police Remand : 5 দিনৰ বাবে ত্ৰিপুৰা আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ সুকান্ত দাসক

author img

By

Published : Dec 8, 2021, 6:58 AM IST

ত্ৰিপুৰাৰ এগৰাকী ৰাইফলমেনৰ বিৰুদ্ধে দুগৰাকীকৈ শীৰ্ষ বিষয়াক হত্যাৰ অভিযোগ ৷ আদালতে অভিযুক্তক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ(TSR jawan in Police Remand) প্ৰেৰণ কৰিছে ৷

Court sent TSR jawan who shoots his senior to 5 days police remand in Tripura

আগৰতলা, 8 ডিচেম্বৰ : ত্ৰিপুৰা ৰাজ্যিক ৰাইফলৰ ৰাইফলমেন (TSR) সুকন্ত দাসক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ(TSR jawan in Police Remand) প্ৰেৰণ কৰা হৈছে ৷ বিগত শনিবাৰে দাসে তেওঁৰ দুগৰাকী শীৰ্ষ বিষয়াক গুলীয়াই হত্যা কৰিছিল ৷ ত্ৰিপুৰাৰ চেপাহিজালা জিলাস্থিত ন্যায়িক দণ্ডাধীশৰ আদালতে এই ৰায় ঘোষণা কৰে ৷ সংবাদ মাধ্যমৰ আগত বিষয় সন্দৰ্ভত অধিবক্তা গৌতম গিৰিয়ে কয় এনেদৰে, সুকন্ত দাসে চুবেদাৰ মাৰ্কা সিং জামাতিয়াকে ধৰি দুগৰাকীকৈ সহকৰ্মীক হত্যা কৰে ৷ মৃত আনগৰাকী বিষয়া হৈছে চুবেদাৰ কিৰণ কুমাৰ জামাতিয়া ৷

ঘটনাৰ বিৱৰণী অনুসৰি, শীৰ্ষ বিষয়া মাৰ্কা সিং জামাতিয়াৰ সৈতে সুকান্তে ছুটী সম্পৰ্কীয় কোনো কথাত বাদানুবাদত লিপ্ত হয় ৷ ইয়াৰ পিছতে খঙত অগ্নিশৰ্মা হৈ সুকান্তে বিষয়াগৰাকীক গুলীয়াই হত্যা কৰে ৷ ঘটনাটো সংঘটিত হোৱাৰ পিছতে আনগৰাকী বিষয়াই সুকান্তৰ পৰা বন্দুকটো কাঢ়ি ল’বৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় ৷ তাৰপিছতে তেওঁকো গুলীয়াই ৰাইফলমেন গৰাকীয়ে ৷

এই ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা কিৰণ কুমাৰক ততাতৈয়াকৈ আগৰতলাস্থিত ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও মৃত্যু ঘটে ৷ এই ঘটনাৰ পিছৰে পৰা সুকান্ত পলাতক অৱস্থাত আছিল যদিও পৰৱৰ্তী সময়ত ৰাইফলমেন গৰাকীয়ে চেপাহিজালা জিলাৰ অন্তৰ্গত বিশালগড়ৰ মধুপুৰ থানাত আত্মসমৰ্পণ কৰা বুলি অধিবক্তা গৰাকীয়ে সদৰী কৰে ৷

উক্ত ঘটনা সম্পৰ্কত ৰাংগা দুলাল দেৱবাৰ্মা নামৰ এগৰাকী টিএছআৰ কৰ্মীয়ে এজাহাৰ দাখিল কৰিছিল ৷ আৰক্ষীয়ে সুকান্তৰ বিৰুদ্ধে মধুপুৰ থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 302 নং ধাৰা অনুসৰি পিএছ ২০/২০২১ আৰু অস্ত্ৰ আইনৰ ২৭ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰে ৷ আৰক্ষীয়ে উক্ত ঘটনাৰ তদন্ত কৰি অভিযুক্তক আটক কৰে ৷ অৱশেষত অভিযুক্তক আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে সুকান্ত দাসক 5 দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে ৷

লগতে চাওক: 2022 চনৰ শেষভাগত ত্ৰিপুৰাত অন্ত পৰিব জল জীৱন মিছন

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.