ETV Bharat / bharat

Cost of Countries name change: দেশৰ নাম সলনি হ’লে চৰকাৰে ভৰিব লাগিব বৃহৎ মূল্য - জি ২০ৰ সন্মিলন

জি-২০ৰ পূৰ্বে ভাৰতৰ নাম সলনি কৰাক লৈ আৰম্ভ হৈছে ব্যাপক জল্পনা-কল্পনা । এতিয়ালৈকে দেশত চহৰ-ৰাজ্যৰ নাম সলনি হৈছে, কিন্তু এইবাৰ দেশৰ নাম সলনি কৰাৰ বাবে চলিছে আলোচনা । এখন চহৰ, ৰাজ্য বা দেশৰ নাম সলনি কৰাটো কেৱল কাগজ-পত্ৰৰ প্ৰক্ৰিয়া নহয়, কিন্তু এই প্ৰক্ৰিয়াত বহু খৰচো জড়িত হৈ থাকে । এখন চহৰ বা ৰাজ্যৰ নাম সলনি কৰিলে লাখ লাখ টকা খৰচ হয়, তেতিয়া স্পষ্ট হৈ পৰে যে এখন দেশৰ নাম সলনি কৰাৰ বাবে চৰকাৰে হয়তো বৃহৎ মূল্য দিব লাগিব ।

Cost of Countries name change
দেশৰ নাম সলনি হ’লে চৰকাৰে ভৰিব লাগিব বৃহৎ মূল্য
author img

By ETV Bharat Assamese Team

Published : Sep 6, 2023, 9:43 PM IST

Updated : Sep 6, 2023, 11:00 PM IST

নিউজ ডেস্ক,৬ ছেপ্টেম্বৰ: চলিত সপ্তাহৰ শেষৰ ফালে নতুন দিল্লীত জি-২০ সন্মিলন আয়োজন কৰিবলৈ সাজু হৈছে ভাৰত । জি-২০ৰ সন্মিলনৰ পূৰ্বে দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰেৰণ কৰা আনুষ্ঠানিক নিমন্ত্ৰণ পত্ৰক লৈ এক নতুন বিতৰ্কৰ সূত্ৰপাত হয় । দৰাচলতে এই নিমন্ত্ৰণ পত্ৰত ‘‘President of India’’ৰ পৰিৱৰ্তে ‘‘President of Bharat’’ লিখা হৈছিল ৷ ইয়াৰ পাচতেই দেশৰ নাম ইণ্ডিয়াৰ ঠাইত কেৱল ভাৰতলৈহে সলনি হ’ব বুলি জল্পনা-কল্পনা আৰম্ভ হৈছে । কিন্তু সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি দেশৰ নাম সলনি কৰাৰ আগতে ইয়াত হোৱা ব্যয়ৰ প্ৰতিও গুৰুত্ব দিয়াটো প্ৰয়োজনীয় ।

নাম সলনি কৰাৰ প্ৰথা পুৰণি: ভাৰতত ইতিমধ্যেই নাম সলনিৰ প্ৰথা চলি আছে, সেয়া চহৰেই হওক বা ৰাজ্যই হওক । যেনে উত্তৰাঞ্চলৰ নাম সলনি কৰি উত্তৰাখণ্ড, উৰিষ্যাৰ নাম সলনি কৰি ওড়িশা, বম্বেৰ নাম মুম্বাই, মাদ্ৰাছৰ নাম চেন্নাই, কলিকতাৰ নাম কলকাতা ইত্যাদি । কিন্তু এই নাম সলনিৰ আঁৰত কোটি কোটি টকাও খৰচ হয় । এনে পৰিস্থিতিত যদি দেশৰ নাম সলনি হয়, তেন্তে চৰকাৰে ইয়াৰ বাবে বৃহৎ মূল্য দিব লাগিব ।

ভাৰতৰ নাম সলনি কৰাৰ খৰচ: ভাৰতে দেশৰ চৰকাৰী নাম সলনি কৰাৰ কথা বিবেচনা কৰা প্ৰথমখন দেশ নহয় । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ১৯৭২ চনত শ্ৰীলংকাৰ নাম সলনি কৰা হৈছিল যদিও দ্বীপ ৰাষ্ট্ৰখনৰ নিজৰ পুৰণি নাম ‘চিলন’ চৰকাৰী সকলো ব্যৱহাৰৰ পৰা আঁতৰাবলৈ প্ৰায় চাৰিটা দশক সময় লাগিছিল ।

২০১৮ চনত শ্বাজিলেণ্ডৰ ৰজাই ঔপনিৱেশিক অৰ্থবোধৰ পৰা মুক্তি পাবলৈ দেশখনৰ নাম সলনি কৰি এস্ৱাতিনী কৰে । সেই সময়ত দক্ষিণ আফ্ৰিকাৰ এজন বৌদ্ধিক সম্পত্তিৰ অধিবক্তাই এখন দেশৰ নাম সলনি কৰাৰ খৰচৰ হিচাপ কৰিবলৈ এটা সূত্ৰ উলিয়াইছিল । অলিভিয়াৰে অনুমান কৰিছিল যে শ্বাজিলেণ্ডৰ নামটো এস্ৱাতিনীলৈ সলনি কৰিলে ৬ কোটি ডলাৰ খৰচ হ’ব । এতিয়া ভাৰতৰ নাম সলনিৰ খৰচ এই সূত্ৰৰ ওপৰত অনুমান কৰা হৈছে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যদি দেশৰ নাম সলনি কৰা হয়, তেন্তে এই প্ৰক্ৰিয়াত প্ৰায় ১৪ হাজাৰ ৩০৪ কোটি টকা খৰচ হ’ব ।

লগতে পঢ়ক: Bharat vs India: ইতিহাসৰ ওপৰত আলোকপাত

Last Updated : Sep 6, 2023, 11:00 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.