নেশ্যনেল ডেস্ক,৬ এপ্ৰিল: তেলেংগানাত সংঘটিত হ'ল এক নিকৃষ্ট কাণ্ড । কৰ'ণা আক্ৰান্ত ৰোগীসহ এটা পৰিয়ালক ঘৰৰ পৰা উলিয়াই দিলে গাঁৱৰ একাংশ লোকে । নিজামাবাদ জিলাৰ ম'পাল অঞ্চলৰ মানচিপা গাঁৱত সংঘটিত হৈছে এই ঘটনা । কামাৰেড্ডী জিলাৰ গান্ধাৰী অঞ্চলৰ এটা দৰিদ্ৰ পৰিয়ালে তিনিমাহ পূৰ্বে মানচিপা গাঁৱলৈ আহি আশ্ৰয় লৈছিল ।
প্ৰব্ৰজনকাৰী পৰিয়ালটোৱে হাজিৰা কৰি দুবেলা-দুমুঠি যোগাৰ কৰিবলৈ সক্ষম হৈছিল । কেইদিনমান পূৰ্বে পৰিয়ালটোৰ মুৰব্বী সদস্যগৰাকী COVID-১৯ ত আক্ৰান্ত হয় ৷ এই বিষয়ে জানিব পৰা গাঁৱবাসীয়ে তেওঁলোকক গাঁৱৰ পৰা উলিয়াই দিয়ে ।
উপায়হীন হৈ গৃহহীন পৰিয়ালটোৱে গাঁৱখনৰ সমীপতে থকা পচনসাৰ তৈয়াৰ কৰা ঠাইত আশ্ৰয় লয় । কৰ'ণা আক্ৰান্ত ৰোগীজনে পচনসাৰ তৈয়াৰ কৰা গৃহটোৰ ভিতৰত আশ্ৰয় লয় আৰু পত্নী, পুত্ৰ আৰু কন্য়াই গৃহটোৰ বাহিৰতে থাকিবলগীয়া হয় ।
শেহতীয়া তথ্য অনুসৰি, সোমবাৰে তেলেংগানা ৰাজ্যত ১,০৯৫ জন লোক নতুনকৈ মহামাৰীত আক্ৰান্ত হৈছে । ৰাজ্যখনত সোমবাৰে ৬ জন ৰোগীৰ মৃত্যু হয় । বৰ্তমানলৈকে তেলেংগানাৰ ৩,১৩,২৩৭ জন লোক COVID-১৯ ত আক্ৰান্ত হোৱাৰ লগতে ১,৭২৩ জন লোক মৃত্যুমুখত পৰিছে ।
লগতে পঢ়ক: পুডুচেৰীত ভোটগ্ৰহণ অব্যাহতঃ ভাগ্য নিৰ্ণয় হ'ব ৩২৪ গৰাকী প্ৰাৰ্থীৰ