অনুমান কৰা হৈছে যে যদি বৰ্তমানৰ গতিৰে টীকাকৰণ আগবাঢ়ে তেন্তে সমগ্ৰ দেশখনক প্ৰতিষেধক প্ৰদান কৰিবলৈ তিনি বছৰ লাগিব ৷ ইয়াতকৈও ভয়লগা অনুমানবোৰে উজাগৰ কৰিছে যে সময় যোৱাৰ লগে লগে ভাইৰাছ বিধৰ এনে উৎপৰিৱৰ্তন হ’বগৈ যি প্ৰতিষেধকক প্ৰতিৰোধ কৰিবলৈ সক্ষম হ’ব ৷ নিজৰ বহুবল্কী স্বভাৱৰ পাচতো মাৰ্কিন যুক্তৰাষ্ট্ৰৰ তদানীন্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰতিষেধকৰ গৱেষণা তথা উৎপাদনৰ বাবে ২ হাজাৰ কোটি মাৰ্কিন ডলাৰৰ অনুমোদন দিছিল ৷ একমাত্ৰ সেই পদক্ষেপটোৰ কৃপাতেই মাৰ্কিন যুক্তৰাষ্ট্ৰ আজিৰ পৰিস্থিতিতো আশ্বস্ত হৈ থাকিব পাৰিছে ৷
ইয়াৰ তুলনাত ভাৰতবৰ্ষই ক’ভিডৰ প্ৰতিষেধকৰ বাবে ৩৫ হাজাৰ কোটি টকাৰ অনুমোদন দিছে ৷ কিন্তু প্ৰকৃতপক্ষে ইয়াৰ মাত্ৰ ১৪ শতাংশহে ব্যৱহাৰ কৰা হৈছে ৷ যুক্তৰাষ্ট্ৰীয় গাঁঠনিৰ দোহাই দি এতিয়া কেন্দ্ৰীয় চৰকাৰে ৫০ শতাংশ প্ৰতিষেধক ক্ৰয় কৰাৰ বোজা ৰাজ্য চৰকাৰ সমূহৰ ওপৰত অৰ্পণ কৰিছে ৷ যাৰ ফলত দেশৰ মাত্ৰ ৩ শতাংশ জনতাইহে প্ৰতিষেধকৰ দুয়োটা পালি ল’বলৈ সক্ষম হৈছে ৷ যি সময়ত বিশ্বৰ সৰহ সংখ্যক ৰাষ্ট্ৰই বিশ্ব জনীন বিনামূলীয়া প্ৰতিষেধক প্ৰদানৰ দিশে আগবাঢ়িছে, তেনে সময়তে ভাৰত চৰকাৰে বেচৰকাৰী খণ্ডত প্ৰতি পালি প্ৰতিষেধকৰ মূল্য সাতশ টকাৰ পৰা পোন্ধৰশ টকালৈকে নিৰ্ধাৰণ কৰিছে ৷ এনে ধৰণৰ অসংগতিমূলক প্ৰতিষেধক নীতি অনুসৰণ কৰা কেন্দ্ৰীয় চৰকাৰে কৈছে যে এই বিষয়টোত উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিব লগীয়া কোনো ধৰণৰ অৱকাশ নাই ৷ ই অতন্ত্য অযুক্তিসংগত ৷
৩০ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে পেটেন্ট অধিনিয়মৰ ৯২, ১০০ নাইবা ১০২ নং ধাৰা বিবেচনা কৰিবলৈ কেন্দ্ৰ চৰকাৰক নিৰ্দেশ দিছে; যাতে জৰুৰীকালিন ঔষধৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায় ৷ কেন্দ্ৰই উচ্চতম নায়ালয়ৰ সন্মুখত কৈছে যে পেটেন্ট অধিনিয়ম, টি আৰ আই পি এছ চুক্তি আৰু দ’হা ধোষণাৰ পৰা উৎপন্ন হোৱা ক্ষমতাৰ ফলত ইয়াৰ ওলোতাটোহে প্ৰমাণিত হ’বগৈ পাৰে ৷ সেয়ে ইয়াত কোৱা হৈছে যে, এই সমস্যাটো কূটনৈতিক পদ্ধতিৰে সমাধান কৰা হৈছে ৷ উল্লেখ্য যে, বিগত বৰ্ষৰ অক্টোবৰ মাহত ভাৰত চৰকাৰ আৰু দক্ষিণ আফ্ৰিকাই পেটেন্টৰ পৰা ৰেহাই দিয়াৰ পক্ষত ওকালতি কৰিছিল ৷
বিশ্ব স্বাস্থ্য সন্থাই মত পোষণ কৰিছে যে যিহেতু নিয়ম ব্যতিক্ৰমী আৰু জৰুৰীকালিন পৰিস্থিতিৰ বাবেই প্ৰস্তুত কৰা হয়; তেনেস্থলত এই ধৰণৰ জৰুৰীকালিন পৰিস্থিতিত ইয়াক বলৱৎ কৰিব পৰা যায় ৷ মহামাৰীয়ে যিহেতু মৃত্যুৰ বিগুল বজোৱা শুনিবলৈ পোৱা গৈছে; আমেৰিকা যুক্তৰাষ্ট্ৰইও পেটেন্টত ৰেহাই দিয়াৰ প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন জনাইছে ৷ তথাপি বিশেষজ্ঞ সকলে ব্যক্ত কৰিছে যে কেৱল পেটেন্টত ৰেহাই দিলেই এই সংকটপূৰ্ণ পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱা নাযাব ৷ যদি প্ৰতিষেধকৰ উৎপাদন ব্যাপক চাহিদা অনুযায়ী হ’ব লাগে তেন্তে অন্য বিভিন্ন সমস্যা সমূহ যেনে প্ৰযুক্তিৰ হস্তান্তৰকৰণ, গুৰুত্বপূৰ্ণ যন্ত্ৰাংশৰ উপলব্ধতা, কেঁচা সামগ্ৰী তথা উপযুক্ত মানৱ সম্পদৰো ব্যৱস্থা কৰিব লাগিব ৷ প্ৰকৃত সত্যটো হ’ল এম আৰ এন এ প্ৰযুক্তিৰ হস্তান্তৰ নকৰাকৈ, আনকি ইন্টেলেক্সুৱেল প্ৰ’পাৰ্ৰ্টি অধিনিয়ম ৰেহাই দিয়াৰ পাচতো ভাৰতবৰ্ষই মডাৰ্না আৰু ফাইজাৰৰ দৰে প্ৰতিষেধক উৎপাদন কৰিব নোৱাৰিব ৷
কেন্দ্ৰই এনে ৰণনীতি গ্ৰহণ কৰা উচিত যাৰ সহায়ত নাগৰিক সকলৰ সৰহ সংখ্যকেই প্ৰতিষেধক লবলৈ যাতে সক্ষম হয় ৷ ইয়াৰ উপৰিও সময়ৰ আহ্বান এইয়ে যে উন্নত দেশবোৰে সৌহাৰ্দতাৰ পৰিচয় দি তেওঁলোকৰ হাতত অধিক হাৰত মজুত থকা প্ৰতিষেধকবোৰ ভাৰতৰ লেখীয়া দেশবোৰৰ সুবিধাৰ্থে মুকলি কৰি দিব লাগে ৷ দেশখনে এই পৰিস্থিতিৰ পৰা তেতিয়াহে পৰিত্ৰাণ পাবলৈ সক্ষম হ’ব যেতিয়া কেন্দ্ৰই ৰাজ্য সমূহৰ দৃষ্টিভংগীবোৰক আদৰি ল’বলৈ নিজে পোষণ কৰি থকা কট্টৰ মনোভাৱ দূৰ কৰিব পাৰিব ৷
লগতে পঢ়ক- কৰ’ণা ভাইৰাছৰ পূৰ্ৱৱৰ্তী আৰু পৰৱৰ্তী পৰ্যায়ৰ শেহতীয়া প্ৰযুক্তিসমূহ