নেচনেল ডেস্ক, ২০২২: দেওবাৰে পশ্চিমবংগৰ পানীহাটি পৌৰসভাৰ নৱ নিৰ্বাচিত কাউন্সিলাৰ তৃণমূল কংগ্ৰেছৰ অনুপম দত্তক আততায়ীয়ে নিষ্ঠুৰভাৱে হত্যা কৰিছিল ৷ এই ঘটনাই ইতিমধ্যে ৰাজ্যখনৰ লগতে সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে (Panihati councilor murder case) ৷ দত্তৰ হত্যাৰ সন্দৰ্ভত এতিয়ালৈকে এজন চুপাৰি কিলাৰক আটক কৰা হৈছে (Contract killer nabbed in Panihati ) । আৰক্ষীয়ে আগৰপাৰাৰ পৰা আটক কৰিছে এই অমিত পণ্ডিত নামৰ এই চুপাৰি কিলাৰজনক ।
![Contract killer nabbed in Panihati councilor murder case](https://etvbharatimages.akamaized.net/etvbharat/prod-images/wb-n24pgs-bkp01-panihaticouncillormurdererarrest_14032022092311_1403f_1647229991_490_1403newsroom_1647251841_116.jpg)
জানিব পৰা মতে, আৰক্ষীৰ আগতে অভিযুক্তজনক প্ৰথমে স্থানীয় লোকসকলে আটক কৰি আৰু পিছত আৰক্ষীৰ গতাই দিয়ে । স্থানীয় লোকসকলে এই সম্পৰ্কত আৰক্ষীৰ ভূমিকাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে । খবৰ অনুসৰি, দত্তৰ হত্যাৰ লগে লগে অভিযুক্ত পণ্ডিতে পলাই যাবলৈ যত্ন কৰে যদিও বিফল হয় আৰু এটা জোপোহাৰ পিছফালে আশ্ৰয় লয় । স্থানীয় ৰাইজে তেওঁ লুকাই থকা জোপোহাত অগ্নি সংযোগ কৰে লগাই দিছিল আৰু তেওঁক বাহিৰলৈ ওলাই আহিবলৈ বাধ্য কৰিছিল।
ইপিনে, আৰক্ষীয়ে এটা চিচিটিভি ফুটেজ লাভ কৰে য’ত এই হত্যাকাণ্ড ৰেকৰ্ড হৈ আছিল (CCTV footage of Panihati councilor murder case) । ইয়াৰ পিছতে আৰক্ষীয়ে হত্যাকাৰীৰ সন্ধানত তীব্ৰ অভিযান আৰম্ভ কৰে আৰু অৱশেষত স্থানীয় লোকৰ সহায়ত অমিত পণ্ডিতক গ্ৰেপ্তাৰ কৰে ৷ সম্প্ৰতি, এই হত্যাকাণ্ডৰ তদন্ত অব্যাহত আছে ৷
লগতে পঢ়ক : বাজেট অধিৱেশনৰ প্ৰথম দিনাই সদনৰ পৰা বহিস্কাৰ অখিল গগৈক