ETV Bharat / bharat

Assam CM on Sanatan culture: ছত্তীশগড়ত সনাতন সংস্কৃতিৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ গোন্ধ পাইছে হিমন্ত বিশ্ব শৰ্মাই - Himanta Biswa Sarma criticised CM Bhupesh Baghel

ছত্তীশগড়ত বিজেপিৰ ‘পৰিৱৰ্তন যাত্ৰা’। এই ’পৰিৱৰ্তন যাত্ৰা’ অভিযানৰ অংশ হিচাপে ছত্তীশগড়ৰ ভাটগাঁও বিধানসভা সমষ্টিত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ভূপেশ বাঘেলক আক্ৰমণৰ লক্ষ্য় কৰি লয় । তেওঁ লগতে বিৰোধীৰ INDIA মিত্ৰজোঁটে দেশত "হিন্দু বিৰোধী" পৰিৱেশ সৃষ্টিৰ ষড়যন্ত্ৰ ৰচনা কৰা বুলি মন্তব্য় কৰে ।

CM Dr Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Sep 20, 2023, 7:49 AM IST

নিউজ ডেস্ক, 20 ছেপ্টেম্বৰ: অসমৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ছত্তীশগড়ত ভাৰতীয় জনতা পাৰ্টীৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ নিজৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে কংগ্ৰেছ শাসিত ছত্তীশগড়ত "সনাতন সংস্কৃতি"ৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । ৰাজ্যিক নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ `পৰিৱৰ্তন যাত্ৰা' অভিযানৰ অংশ হিচাপে ছত্তীশগড়ৰ ভাটগাঁও বিধানসভা সমষ্টিত এক সভাত এই মন্তব্য কৰে ।

ছত্তীশগড়ত সনাতন সংস্কৃতিৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে । ভূপেশ বাঘেল মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা ৰাজ্যখনত ৰোহিংগীয়া (ম্যানমাৰৰ পৰা শৰণাৰ্থী)ৰ আগমন এটা ডাঙৰ বিষয় হৈ পৰিছে । লগতে বিৰোধীৰ INDIA মিত্ৰজোঁটে দেশত "হিন্দু বিৰোধী" পৰিৱেশ সৃষ্টিৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ উত্থাপন কৰে ড৹ শৰ্মাই ।

  • कांग्रेस ने 5 वर्षों के शासन में छत्तीसगढ़ में बड़े स्तर पर भ्रष्टाचार व तुष्टीकरण किया है ।

    बही परिवर्तन की बयार
    इस बार छत्तीसगढ़ में भाजपा सरकार

    आज के कार्यक्रम की कुछ झलकियाँ#परिवर्तन_यात्रा@BJP4CGState pic.twitter.com/gwABdxqV0P

    — Himanta Biswa Sarma (@himantabiswa) September 19, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

কংগ্ৰেছে (শাসনত থকাৰ সময়ত) বাংলাদেশীক অবৈধভাৱে অসমত প্ৰৱেশৰ অনুমতি দিছিল বুলি উল্লেখ কৰি তেওঁ অভিযোগ কৰে যে "অসমত লাখ লাখ বাংলাদেশীয়ে বসবাস কৰি আছে ।" শৰ্মাই লগতে কয়, "ছত্তীশগড়ত ৰোহিংগীয়াৰ প্ৰৱেশ আৰম্ভ কৰিছে ৷ ভূপেশ বাঘেলে কয় তেওঁ গো-মাতা (গৰু) পূজা কৰে কিন্তু আমি এইটো নিবিচাৰো । আমি বিচাৰো যে আপুনি হিন্দু আৰু হিন্দু ধৰ্মৰ প্ৰতি নিষ্ঠাবান বুলি কওক ।"

শিশুৰ বাবে মাদ্ৰাছা (ইছলামিক চেমিনাৰী) শিক্ষাৰ বিৰোধিতা কৰি শৰ্মাই কয় যে তেওঁ অসমৰ মাদ্ৰাছা বন্ধ কৰি দিছিল । "এতিয়া আমাৰ মুছলমান কন্যা আমাৰ স্কুললৈ যায় । এইবাৰ অসমত বৃহৎ সংখ্যক মুছলমান কন্যাই মেডিকেল পৰীক্ষাত ক্লিয়াৰ কৰিছে । আমি হিন্দু-মুছলমানক দেখা নাপাওঁ, আমি আমাৰ কন্যাৰ বিকাশ আৰু শিক্ষা দেখিবলৈ পাওঁ ।"

দুৰ্নীতিক লৈ ছত্তীশগড়ত শাসকীয় কংগ্ৰেছক লক্ষ্য কৰি তেওঁ প্ৰশ্ন কৰে যে বাঘেলে "অসম আৰু হিমাচল প্ৰদেশৰ নিৰ্বাচনত (কংগ্ৰেছৰ বাবে)" ধন বিনিয়োগ কৰাৰ পৰিৱৰ্তে ছত্তীশগড়ৰ জনজাতীয় লোকসকলক সবলীকৰণৰ বাবে কিয় ব্যৱহাৰ কৰা নাছিল । মঙলবাৰে সুৰজপুৰ জিলাৰ ভাটগাঁও আৰু বেমেতাৰা জিলাৰ নৱাগড় বিধান সভা সমষ্টিত পৰিৱৰ্তন যাত্ৰা অনুষ্ঠানত অংশ গ্ৰহণ কৰে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইফালে ছত্তীশগড়ৰ সভাতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাহুল গান্ধীকো ৷ ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীক ৰাম লাল্লাৰ মন্দিৰলৈ গৈ নিজকে হিন্দু বুলি প্ৰমাণ দিবলৈ আহ্বান জনায় ৷ লগতে ৰাহুল গান্ধীক এতিয়াও সৰু হৈ থকা বুলি কটাক্ষ কৰে ড৹ শৰ্মাই ৷

লগতে পঢ়ক:Himanta Biswa Sarma at Chhattisgarh: ছোনিয়া গান্ধী-ৰাহুল গান্ধী ৰামলাল্লালৈ গ’লে, আমি তেওঁলোকক হিন্দু বুলি মানি লম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.