ETV Bharat / bharat

Rahul Gandhi Modi Surname Case : ১২ জুলাইত ৰাহুল গান্ধীৰ সমৰ্থনত কংগ্ৰেছৰ মৌন সত্যাগ্ৰহ

ৰাহুল গান্ধীৰ সৈতে একাত্মতা প্ৰকাশ কৰিবলৈ কংগ্ৰেছে ১২ জুলাইত সকলো ৰাজ্যতে 'মৌন সত্যাগ্ৰহ' অনুষ্ঠিত কৰিব । দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি, ৰাজ্যিক ভাৰপ্ৰাপ্ত নেতা আৰু দলৰ অন্যতম প্ৰান্তীয় সংগঠন আৰু বিভাগসমূহৰ মুৰব্বীসকললৈ পত্ৰ প্ৰেৰণ কৰিছে আৰু বৃহৎসংখ্যক লোকক উপস্থিত থাকিবলৈ আহ্বান জনাইছে ।

Rahul Gandhi Modi Surname Case
Rahul Gandhi Modi Surname Case
author img

By

Published : Jul 8, 2023, 3:46 PM IST

নিউজ ডেস্ক, ৮ জুলাই : কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীৰ সৈতে একাত্মতা প্ৰকাশ কৰিবলৈ কংগ্ৰেছে ১২ জুলাইত সকলো ৰাজ্যতে এক মৌন সত্যাগ্ৰহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে । পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ৰাজ্যিক মুখ্য কাৰ্যালয়ত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ সন্মুখত এই সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব । এই কথা প্ৰকাশ কৰিছে কংগ্ৰেছৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালে ।

গুজৰাট উচ্চ ন্যায়ালয়ে শুকুৰবাৰে নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বাৰা দাখিল কৰা মানহানিৰ গোচৰত ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাটো স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে । সত্ৰ আদালতৰ আদেশটোকে বাহাল ৰাখি গুজৰাট হাইকোৰ্টে দিয়া ৰায়ৰ পিছত বেণুগোপালে সকলো প্ৰদেশ কংগ্ৰেছ সভাপতিলৈ এখন পত্ৰ লিখে । পত্ৰখনত কোৱা হৈছে যে এতিয়া সময় আহিছে যে আমি একেলগে থিয় হৈ কওঁ যে ৰাহুল গান্ধী অকলশৰীয়া নহয় । বৰ্তমান পৰিস্থিতিত সত্য আৰু ন্যায়ৰ বাবে এই যুঁজত লাখ লাখ কংগ্ৰেছী আৰু কোটি কোটি লোক তেওঁলোকৰ ৰাজনৈতিক সম্পৰ্ক নিৰ্বিশেষে তেওঁৰ সৈতে আছে ।

কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে প্ৰদেশ কংগ্ৰেছ কমিটীকে বুধবাৰে পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ গান্ধী মূৰ্তিৰ সন্মুখত এদিনীয়া মৌন সত্যাগ্ৰহ অনুষ্ঠিত কৰিবলৈ অনুৰোধ জনাইছে । ইয়াৰ ভিতৰত আছে সকলো জ্যেষ্ঠ নেতা, সাংসদ, বিধায়ক/এমএলচি আৰু অন্যান্য নিৰ্বাচিত প্ৰতিনিধিৰ যিমান সম্ভৱ সৰ্বাধিক সংখ্যকৰ অংশগ্ৰহণ । ইফালে কংগ্ৰেছে শুকুৰবাৰে কৈছিল যে গুজৰাট উচ্চ ন্যায়ালয়ে ৰাহুল গান্ধীৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচৰা আবেদন খাৰিজ কৰাৰ নিৰ্দেশটো 'হতাশাজনক' কিন্তু 'অপ্ৰত্যাশিত' সিদ্ধান্ত নহয় ।

কংগ্ৰেছে কয় যে তেওঁলোকে এই বিষয়ত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব । কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিষয়ে কয় যে আমি ৰাজনৈতিক যুঁজ আৰু আইনী যুঁজ দুয়োটাৰে ইয়াৰ বিৰুদ্ধে যুঁজ দিম । উল্লেখ্য, গুজৰাট উচ্চ ন্যায়ালয়ে ২০১৯ চনৰ 'মোদী উপাধি' মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি ৰাহুল গান্ধীৰ আবেদনৰ ওপৰত মে' মাহৰ আদেশকে সংৰক্ষিত ৰাখে । আদালতে কংগ্ৰেছ নেতাজনক কোনো অন্তৰ্ৱৰ্তীকালীন সকাহ দিবলৈও অস্বীকাৰ কৰে ।

উল্লেখ্য যে ২৫ এপ্ৰিলত ৰাহুলে চুৰাট সত্ৰ আদালতৰ আদেশক প্ৰত্যাহ্বান জনাই গুজৰাট উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল । তাত অপৰাধমূলক মানহানিৰ গোচৰত তেওঁৰ দোষী সাব্যস্ত হোৱাটো স্থগিত ৰাখিবলৈ অস্বীকাৰ কৰে । ২০ এপ্ৰিলত চুৰাট আদালতে গোচৰটোৰ ন্যায়িক আদালতৰ দ্বাৰা তেওঁৰ দোষী সাব্যস্ত হোৱাৰ ওপৰত স্থগিতাদেশ বিচাৰি ৰাহুলৰ আবেদন খাৰিজ কৰিছিল । অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰবীন পি মোগেৰাই তেওঁৰ ৰায়ত ৰাহুল গান্ধীৰ এজন সাংসদ আৰু দেশৰ দ্বিতীয় বৃহত্তম ৰাজনৈতিক দলৰ প্ৰাক্তন মুৰব্বী হিচাপে মৰ্যাদা উল্লেখ কৰি কয় যে তেওঁ অধিক সাৱধান হ'ব লাগিছিল ।

নিম্ন আদালতে ২৩ মাৰ্চত কংগ্ৰেছ নেতাজনক ভাৰতীয় দণ্ডবিধিৰ (আইপিচি) ৪৯৯ আৰু ৫০০ (মানহানি) ধাৰাৰ অধীনত দোষী সাব্যস্ত কৰে আৰু পূৰ্ণেশ মোদীয়ে দাখিল কৰা মানহানিৰ গোচৰৰ সন্দৰ্ভত তেওঁক দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰে । ২০১৯ চনৰ এপ্ৰিলত কৰ্ণাটকৰ কোলাৰত এক ৰেলীত ৰাহুলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰি কৈছিল যে মোদী কেনেকৈ সকলো চোৰৰ উমৈহতীয়া উপাধি ?

লগতে পঢ়ক :Modi rally in Raipur : কংগ্ৰেছক তুলাধুনা প্ৰধানমন্ত্ৰী মোদীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.