ETV Bharat / bharat

ভয়াতুৰসকলক RSSত যোগদানৰ পৰামৰ্শ ৰাহুল গান্ধীৰ - নিৰ্ভীক লোকক কংগ্ৰেছত যোগদানৰ আহ্বান

নিৰ্ভীক লোকক নিজৰ ব্ৰিগেডত যোগদানৰ বাবে আহ্বান ৰাহুল গান্ধীৰ ৷ চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় কৰা লোকসকলক দল এৰি যোৱাৰ আহ্বান ৰাহুল গান্ধীৰ ৷ ভয়াতুৰসকলক RSSত যোগদান কৰাৰ পৰামৰ্শ কংগ্ৰেছ নেতাগৰাকীৰ ৷

Congress rejig on cards as Rahul Gandhi says he needs only 'fearless' people
ভয়াতুৰসকলক RSSত যোগদানৰ পৰামৰ্শ ৰাহুল গান্ধীৰ
author img

By

Published : Jul 17, 2021, 4:46 PM IST

নেশ্যনেল ডেস্ক, 17 জুলাই: কংগ্ৰেছ দলৰ বাবে ৰাহুল গান্ধীক প্ৰয়োজন হৈছে কিছু নিৰ্ভীক লোকৰ ৷ প্ৰায় ডুব যাবলৈ ধৰা জাহাজ হিচাপে গণ্য কৰা বিশাল পুৰণি দলটোৰ এক সাম্ভাৱ্য পুনৰ্গঠনৰ ইংগিত দি বৃহস্পতিবাৰে ৰাহুল গান্ধীয়ে চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ সংকোচ কৰা লোকসকলক দল এৰি যাবলৈ আহ্বান জনায় ৷ এক ভাৰ্চুৱেল অনুষ্ঠানত অংশ লৈ গান্ধীয়ে দলৰ চচিয়েল মিডিয়া টিমক দলৰ বাহিৰত থকা নিৰ্ভীক লোকসকলক দলত অন্তৰ্ভুক্ত কৰাৰ বাবে আহ্বান জনায় ৷

চচিয়েল মিডিয়া টিমক উদ্দেশ্যি ৰাহুলে এইবুলি কয়, "এনে বহু লোক আছে, যিসকল নিৰ্ভীক ৷ কিন্তু, তেওঁলোক দলৰ বাহিৰত আছে ৷ এনে লোকসকলক কংগ্ৰেছ দলত অন্তৰ্ভুক্ত কৰক ৷ আকৌ কংগ্ৰেছ দলৰ ভিতৰত এনে কিছু লোক আছে, যিসকলে চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ ভয় কৰে ৷ তেওঁলোকক RSSত যোগদান কৰিবলৈ দিয়া ৷ আমাক তেনে লোকৰ প্ৰয়োজন নাই ৷ আমাক নিৰ্ভীক লোকৰ প্ৰয়োজন ৷ এইয়াই আমাৰ দলৰ আদৰ্শ আৰু এইটোৱে মোৰ বাৰ্তা ৷"

লগতে পঢ়ক: ভেকচিনৰ নাটনিকলৈ চৰকাৰক সমালোচনা ৰাহুল গান্ধীৰ

গান্ধীৰ এই বাৰ্তাৰ পাচতে দলৰ ভিতৰ চৰাত থকা বিজেপি পন্থী লোকসকল কোন হ'ব পাৰে তাক লৈ চৰ্চা অব্যাহত আছে ৷ এসময়ৰ বিশ্বাসী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু জিতিন প্ৰসাদক উদ্দেশ্যি কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে এইদৰে উপহাস কৰা বুলি বহুতে দাবী কৰিছে ৷ বিগত বৰ্ষৰ মাৰ্চত মধ্যপ্ৰদেশত দলৰ স্থিতি থৰক বৰক কৰি জ্যোতিৰাদিত্যই বিজেপিলৈ গমন কৰাৰ বিপৰীতে অতি গুৰুত্বপূৰ্ণ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ ঠিক পূৰ্বে যোৱা মাহৰ আৰম্ভণিতে জিতিন প্ৰসাদে বিজেপিলৈ গমন কৰে ৷

লগতে পঢ়ক: নিৰ্বাচনকেন্দ্ৰিক ঘটনাক লৈ বিজেপিক সমালোচনা ৰাহুল-প্ৰিয়ংকাৰ

উল্লেখ্য যে, নিৰ্ভিক লোকসকললৈ গান্ধীৰ যি আমন্ত্ৰণ সেইয়া কেৱল ৰাজনৈতিক নেতাসকলৰ বাবে বুলি বহুতেই মানি ল'ব খোজা নাই ৷ বহুজনৰ মতে, বিজেপি চৰকাৰ আৰু ইয়াৰ নীতি সমালোচনা কৰি অহা বিশিষ্ট ব্যক্তি যেনে, ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজন, বিশ্ব বেংকৰ প্ৰাক্তন মুখ্য অৰ্থনীতিবিদ কৌশিক বসুৰ দৰে লোকসকলকো ৰাহুলে কংগ্ৰেছত যোগদানৰ বাবে আমন্ত্ৰণ জনাব খুজিছে ৷ দেশৰ সাতখন ৰাজ্যৰ অতি গুৰুত্বপূৰ্ণ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছ দলৰ এই নিৰ্ভীক লোক শীৰ্ষক মন্তব্যই এনে লোকসকলক এখন পৰামৰ্শদাতা সমিতিত অন্তৰ্ভুক্ত কৰাৰো ইংগিত বহন কৰিছে ৷

লগতে পঢ়ক: প্ৰধানমন্ত্ৰীক ভুল স্বীকাৰ কৰি দেশ পুননিৰ্মাণ কৰাৰ আহ্বান ৰাহুল গান্ধীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.