ETV Bharat / bharat

১৭ অক্টোবৰত কংগ্ৰেছৰ সভাপতি নিৰ্বাচনৰ সম্ভাৱনা

author img

By

Published : Sep 11, 2022, 7:11 PM IST

কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ নিৰ্বাচনৰ বাবে (polls for next party president of Congress) অধিসূচনা অহা ২২ ছেপ্টেম্বৰত জাৰি কৰা হ'ব । এই বিষয়ে সদৰি কৰিছে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষ মধুসূদন মিস্ত্ৰীয়ে । মনোনয়ন ২৪ ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত মুকলি থাকিব বুলি কয় কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষগৰাকীয়ে ।

polls for next party president of Congress
কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ অধিসূচনা ২২ ছেপ্টেম্বৰত

নেশ্য়নেল ডেস্ক, ১১ ছেপ্টেম্বৰ: অহা ২২ ছেপ্টেম্বৰত কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ নিৰ্বাচনৰ বাবে(polls for next party president of Congress) অধিসূচনা জাৰি কৰিব কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষই । দেওবাৰে কংগ্ৰেছৰ কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ অধ্যক্ষ(Congress Central Election Authority chairman)মধুসূদন মিস্ত্ৰীয়ে কয় যে তেওঁ ২২ ছেপ্টেম্বৰত পৰৱৰ্তী দলৰ সভাপতিৰ বাবে নিৰ্বাচনৰ বাবে জাননী প্ৰকাশ কৰিবলৈ সাজু হৈছে । ইপিনে,মনোনয়ন শেষ হোৱাৰ পূৰ্বেই ভোটাৰ তালিকা প্ৰকাশক লৈ বিতৰ্ক শেষ হোৱাত তেওঁ সন্তুষ্টি প্ৰকাশ কৰিছে ।

কেন্দ্ৰীয় নিৰ্বাচন কৰ্তৃপক্ষৰ(CCEA)অধ্যক্ষ মিস্ত্ৰীয়ে এই সন্দৰ্ভত কয়, ‘‘আমি ঘোষণা কৰা অনুসৰিয়েই এই প্ৰক্ৰিয়াটোৰে আগবাঢ়িছো । আমি ২২ ছেপ্টেম্বৰত অধিসূচনা প্ৰকাশ কৰিম আৰু মনোনয়ন ২৪ ৰ পৰা ৩০ ছেপ্টেম্বৰৰ ভিতৰত মুকলি থাকিব’’ । এই নিৰ্বাচন পূৰ্বতে ২১ ছেপ্টেম্বৰৰ ভিতৰত শেষ হোৱাৰ কথা আছিল যদিও মাজত অশুভ সময়ৰ বাবে ১৭ অক্টোবৰলৈ পিছুৱাই দিব লগীয়া হৈছিল ।

উল্লেখ্য় যে, চিকিৎসা পৰীক্ষাৰ বাবে বিদেশলৈ যোৱা কংগ্ৰেছৰ মুৰব্বী ছোনিয়া গান্ধীয়ে(Congress chief Sonia Gandhi)অনলাইনত কংগ্ৰেছ ৱৰ্কিং কমিটীৰ এখন(Congress Working Committee meeting) বৈঠকত সভাপতিত্ব কৰি ২৮ আগষ্টত সংশোধিত সময়সূচী অনুমোদন জনাইছিল । ৰাজ্যসভাৰ প্ৰাক্তন নেতা আনন্দ শৰ্মাই চিডব্লিউচি বৈঠকৰ সময়ত ভোটাৰ তালিকাৰ মানৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল ।

ইয়াৰ পিছতে মনীষ তিৱাৰী, শশী থাৰুৰ, প্ৰদ্যুৎ বৰদলৈ, কাৰ্তি চিদাম্বৰম আৰু আব্দুল খালেকে চিইচিৰ অধ্যক্ষ মিস্ত্ৰীলৈ চিঠি লিখি ২৪ ছেপ্টেম্বৰত নতুন নিৰ্বাচনী তালিকা প্ৰকাশ কৰাৰ দাবী জনাইছিল । তিৱাৰী আৰু থাৰুৰ জি-২৩ৰ সদস্য় আছিল যিসকলক গান্ধী পৰিয়ালৰ অনুগতসকলে লক্ষ্য কৰি লৈছিল । মিস্ত্ৰীয়ে কয়, ‘‘মই পাঁচজন সাংসদক উত্তৰ দিছিলো যে যিকোনো ব্যক্তিয়ে তেওঁৰ মনোনয়ন দাখিল কৰিব বিচাৰিলে তেওঁ হয় ২০ ছেপ্টেম্বৰৰ পৰা এআইচিচিৰ মুখ্য কাৰ্যালয়ত থকা মোৰ কাৰ্যালয়লৈ প্ৰতিনিধিৰ তালিকা পৰীক্ষা কৰিবলৈ যাব পাৰে নতুবা তেওঁলোকে নাম পৰীক্ষা কৰিবলৈ ৰাজ্যিক গোটৰ মুখ্য কাৰ্যালয়লৈ যাব পাৰে’’ ৷

উল্লেখ্য় যে, নিৰ্বাচনসমূহ ২০২০ আৰু ২০২১ চনতো পৰিকল্পনা কৰা হৈছিল যদিও ক'ভিড মহামাৰীৰ বাবে অনুষ্ঠিত কৰিব পৰা নাছিল । ২০২১ চনৰ অক্টোবৰত দলটোৱে এক সময়সূচী চূড়ান্ত কৰিছিল যাৰ অনুসৰি এই বছৰৰ ২১ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত হ'ব । কিন্তু সেইটোও এমাহ আগুৱাই নিয়া হৈছিল । সংশোধিত অনুসূচী অনুসৰি, প্ৰত্যাহাৰৰ অন্তিম তাৰিখ হ'ব 8 অক্টোবৰ আৰু ভোটগ্ৰহণ যদি একাধিক প্ৰাৰ্থী থাকে তেতিয়াহলে ১৭ অক্টোবৰত অনুষ্ঠিত হ'ব ।

ফলাফলসমূহ ১৯ অক্টোবৰত ঘোষণা কৰিব । পৰৱৰ্তী কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী পুনৰ হ'ব লাগে বুলি দাবী উত্থাপিত হোৱাৰ পিছত তেওঁ কয়, ‘‘মই বিষয়টোক লৈ মোৰ মন স্থিৰ কৰিছো আৰু উপযুক্ত সময়ত মোৰ মতামত প্ৰকাশ কৰিম’’ ৷

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাৰ সভাত অঘটন: তেলেংগানাৰ মুখ্য সচিবৰ পৰা প্ৰতিবেদন বিচাৰিলে গৃহ মন্ত্ৰণালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.