ETV Bharat / bharat

Domestic violence allegation: কংগ্ৰেছৰ বিধায়ক বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ গোচৰ ৰুজু - Vikramaditya Singh Wife Sudarshana

পত্নীয়ে তৰা গাৰ্হস্থ্য হিংসাৰ গোচৰত অহা ১৩ আৰু ২০ জানুৱাৰীত উদয়পুৰ আদালতত হাজিৰ হ’ব লাগিব হিমাচলৰ কংগ্ৰেছ বিধায়ক বিক্ৰমাদিত্য সিং (Domestic violence allegation)। যৌতুকজনিত হাৰাশাস্তিৰ বাবে ১৩ জানুৱাৰীত আৰু পত্নীৰ ভৰণ-পোষণৰ ক্ষেত্ৰত ২০ জানুৱাৰীত বিধায়ক বিক্ৰমাদিত্য সিং আদালতত হাজিৰ হ’ব লাগিব ।

Domestic violence allegation
Domestic violence allegation
author img

By

Published : Dec 14, 2022, 6:45 PM IST

নিউজ ডেস্ক, 14 ডিচেম্বৰ: হিমাচল কংগ্ৰেছৰ বিধায়ক বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ উত্থাপন কৰিছে পত্নী সুদৰ্শনা চুন্দাৱটে (Domestic violence allegation against Congress MLA)। বিক্ৰমাদিত্য সিঙৰ লগতে পৰিয়ালৰ লোকৰ বিৰুদ্ধেও সুদৰ্শনাই হাৰাশাস্তিৰ অভিযোগ উত্থাপন কৰিছে । ইয়াৰ পিচতেই অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ অৰ্থাৎ ৰাজস্থানৰ উদয়পুৰৰ অতিৰিক্ত চি জে এমৰ আদালতে বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে জামিনহীন ৱাৰেন্ট জাৰি কৰে (MLA Vikramaditya Singh) ।

বিক্ৰমাদিত্য সিঙৰ বাহিৰে অভিযুক্তৰ বিৰুদ্ধে জামিনহীন ৱাৰেন্ট জাৰি কৰিছে আদালতে (Vikramditya Singh domestic violence case)। সকলো অভিযুক্তকে ১৪ ডিচেম্বৰ অৰ্থাৎ আজি আদালতত হাজিৰ হ’বলৈ কোৱা হৈছিল । ঘৰুৱা হিংসাৰ পৰা মহিলা সুৰক্ষা আইনৰ ২০ ধাৰাত উদয়পুৰ আদালতত এজাহাৰ দাখিল কৰিছিল সুদৰ্শনা চুন্দাৱাটে (Vikramaditya singh wife name) । সুদৰ্শনাই তেওঁৰ এজাহাৰত অভিযোগ কৰে যে, বিয়াৰ পিছত তেওঁ শিমলাৰ শহুৰেকৰ ঘৰলৈ আহিছিল আৰু তাৰ কিছুদিন পিছতে তেওঁ মানসিক আৰু শাৰীৰিক হাৰাশাস্তিৰ সন্মুখীন হৈছিল ।

অভিযোগত কোৱা হৈছে যে ২০১৯ চনৰ ৮ মাৰ্চত বিধায়ক বিক্ৰমাদিত্য সিঙৰ সৈতে তেওঁৰ বিবাহ হৈছিল (Vikramditya Singh and Sudarshana Marriage) । এই বিবাহ ৰাজস্থানৰ কানোতা গাঁৱত হিন্দু ৰীতি-নীতি অনুসৰি হৈছিল (Vikramaditya Singh Wife Sudarshana)। বিয়াৰ পিছত সুদৰ্শনা শহুৰেকৰ ঘৰলৈ আহিছিল । তাতেই হাৰাশাস্তি আৰম্ভ হৈছিল তেওঁৰ ওপৰত ।

অভিযোগ অনুসৰি বিধায়কগৰাকীৰ পৰিয়ালে তেওঁৰ পৰিয়ালৰ সদস্য অৰ্থাৎ সুদৰ্শনাৰ আত্মীয়ক শিমলালৈ ফোন কৰি মাতি তেওঁক উদয়পুৰলৈ বলপূৰ্বকভাৱে পঠিয়াই দিছিল । এজাহাৰত সুদৰ্শনাই আদালতক আহ্বান জনাইছে যে, তেওঁৰ শহুৰেকক তেওঁক শাৰীৰিক আৰু মানসিকভাৱে অত্যাচাৰ নকৰিবলৈ নিৰ্দেশ লাগে । ইয়াৰ লগতে তেওঁক সুকীয়াকৈ থাকিবলৈ ঘৰৰ ব্যৱস্থা কৰিবলৈও আদেশ দিব লাগে ।

এই গোচৰ সন্দৰ্ভত বুধবাৰে বিক্ৰমাদিত্য ৰাজস্থানৰ উদয়পুৰ আদালতত আদালতত হাজিৰ হ’ব লাগিছিল । কিন্তু ৰাজস্থানত ন্যায়িক কৰ্মচাৰীৰ ধৰ্মঘটৰ বাবে এতিয়া এই গোচৰৰ পৰৱৰ্তী তাৰিখ দিয়া হৈছে । অহা ১৩ আৰু ২০ জানুৱাৰীত উদয়পুৰ আদালতত হাজিৰ হ’ব লাগিব বিক্ৰমাদিত্য (Vikramaditya Singh have to appear in Udaipur court) । যৌতুকজনিত হাৰাশাস্তিৰ বাবে ১৩ জানুৱাৰীত আৰু জীৱিকাৰ ক্ষেত্ৰত ২০ জানুৱাৰীত আদালতত হাজিৰ হ’ব লাগিব বিধায়ক বিক্ৰমাদিত্য সিং ।

উদয়পুৰ আদালতত দাখিল কৰা এই অভিযোগত বিক্ৰমাদিত্যৰ বাহিৰেও ঘৰুৱা হিংসাৰ গোচৰত বীৰভদ্ৰ সিঙৰ কন্যা, পত্নী আৰু জোঁৱায়েকক চমন জাৰি কৰা হৈছিল । ১৪ ডিচেম্বৰ বুধবাৰে আদালতে এই গোচৰৰ সকলো অভিযুক্তক হাজিৰ হ’বলৈ নিৰ্দেশ দিয়ে । তাৎপৰ্যপূৰ্ণভাৱে, হিমাচল প্ৰদেশৰ শিমলা গ্ৰাম্য বিধানসভাৰ আসনৰ পৰা দ্বিতীয়বাৰৰ বাবে বিধায়ক হয় বিক্ৰমাদিত্য সিং । বিক্ৰমাদিত্য সিঙে ২০১৭ চনত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত জয়লাভ কৰে ।

অধিবক্তাৰ মতে, বিক্ৰমাদিত্য সিঙে চণ্ডীগড়ৰ এগৰাকী ছোৱালীৰ সৈতে প্ৰেমৰ সম্পৰ্ক ৰখাৰ অভিযোগো উত্থাপন কৰিছে সুদৰ্শনাই । বিক্ৰমাদিত্য সিঙৰ বিৰুদ্ধে সুদৰ্শনৰ অভিযোগৰ ভিত্তিত ঘৰুৱা হিংসা আৰু ভৰণ-পোষণৰ গোচৰ ৰুজু কৰা হয় । ১৪ ডিচেম্বৰত এই গোচৰৰ শুনানি অনুষ্ঠিত হ’ব লগা হৈছিল যদিও ৰাজস্থানত ন্যায়িক কৰ্মচাৰীৰ ধৰ্মঘটৰ বাবে এই গোচৰত পৰৱৰ্তী তাৰিখ দিয়া হৈছিল ।

লগতে পঢ়ক: India China Border Clash : সীমান্ত সংঘৰ্ষৰ ফলত পৰ্যটকৰ বাবে বন্ধ বুমলা পাছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.