ETV Bharat / bharat

Congress mega rally in Rajasthan : ৰাহুল গান্ধীক পুনৰ সভাপতি পতাৰ কুচকাৱাজ - সমদলত অংশ ল'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে

মূল্যবৃদ্ধিৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছে আৰম্ভ কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অংশ হিচাপে জয়পুৰত আয়োজন কৰা হৈছে বৃহৎ প্ৰতিবাদী সভাৰ (Congress mega rally in Rajasthan)। এই সভাত উপস্থিত ভাষণ প্ৰদান কৰিব কংগ্ৰেছৰ বহু শীৰ্ষ নেতাৰ লগতে ৰাহুল গান্ধীয়ে । সভাৰ জৰিয়তে অনানুষ্ঠানিকভাৱে ৰাহুল গান্ধীক দলৰ সভাপতি হিচাপে ঘোষণা কৰিব দলে ।

Congress mega rally in Rajasthan
ৰাহুল গান্ধীক পুনৰ সভাপতি পতাৰ কুচকাৱাজ
author img

By

Published : Dec 12, 2021, 1:26 PM IST

নেশ্যনেল ডেস্ক, ১২ ডিচেম্বৰ : মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছ দলে দেশজুৰি আৰম্ভ কৰিছে প্ৰতিবাদ । ইয়াৰ অংশস্বৰূপে দেওবাৰে ৰাজস্থানৰ ৰাজধানী জয়পুৰত আয়োজন কৰিছে বৃহৎ প্ৰতিবাদী সভাৰ (Congress mega rally in Rajasthan) । জয়পুৰৰ বিদ্যাধৰ নগৰত আয়োজন কৰা হৈছে এই সভাৰ । জানিব পৰা মতে এই সমদলত অংশ ল'ব কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ।

প্ৰতিবাদী সভাত দুখনকৈ বৃহৎ মঞ্চ নিৰ্মাণ কৰা হৈছে । মূল মঞ্চখনত ১০৬ খন আসন থাকিব য'ত বহিব ৰাহুল গান্ধী । মুখ্য মঞ্চত দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা প্ৰাক্তন মুখ্যমন্ত্ৰী, ৩ গৰাকী বৰ্তমানৰ মুখ্যমন্ত্ৰী, লোকসভা আৰু ৰাজ্যসভাৰ জ্যেষ্ঠ সাংসদৰ লগতে শচীন পাইলটো উপস্থিত থাকিব (Sachin pilot at Mehangai Hatao Rally) ।

ইটিভি ভাৰতৰ সৈতে হোৱা বাৰ্তালাপত ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শচীন পাইলটে কয় যে মূল্যবৃদ্ধিৰ বিৰুদ্ধে জয়পুৰৰ পৰা কংগ্ৰেছ দলে আৰম্ভ কৰা প্ৰতিবাদী কণ্ঠস্বৰ সমগ্ৰ দেশৰ জনসাধাৰণৰ মাজলৈ যাব । পাইলটে লগতে কয় যে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে কেন্দ্ৰীয় চৰকাৰ । জনসাধাৰণে সমস্যাৰ সন্মুখীন হোৱা স্বত্বেও কোনো ব্যৱস্থা লোৱা নাই চৰকাৰে । সেয়ে কংগ্ৰেছ দলে আৰম্ভ কৰা মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিবাদে বিজেপি চৰকাৰৰ পতন ঘটাব বুলি নিশ্চিত নেতাগৰাকী ।

ইতিমধ্যে প্ৰতিবাদৰ প্ৰাকক্ষণত এক বিশেষ বৈঠকত মিলিত হৈছে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলট (Sachin Pilot meets Ashok Gehlot)। প্ৰায় ডেৰ বছৰৰ অন্তত এনেদৰে দুয়োগৰাকী নেতা ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে । আনহাতে মুখ্যমন্ত্ৰীৰ বাসভৱনত আয়োজিত নৈশভোজনৰ সময়তো শচীন পাইলট উপস্থিত থাকে ।

দুপৰীয়া প্ৰায় ১২ মান বজাত কংগ্ৰেছৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত হ'ব ৰাহুল গান্ধী । অৱশ্যে কংগ্ৰেছৰ অধ্যক্ষ ছোনিয়া গান্ধী এই কাৰ্যসূচীত অংশগ্ৰহণৰ কথা আছিল যদিও নেত্ৰীগৰাকী জয়পুৰত উপস্থিত হোৱা নাই । উল্লেখ্য যে প্ৰতিবাদস্থলীত ৰাহুল গান্ধী, ছোনিয়া গান্ধী আৰু প্ৰিয়ংকা গান্ধী উপস্থিত থাকিব বুলি এক চৰ্চা চলিছিল যদিও জয়পুৰৰ আন অংশত আয়োজিত সমদলৰ স্থানৰ বাহিৰত লগোৱা বেছিখিনি কেৱল ৰাহুল গান্ধীৰহে পোষ্টাৰ লগোৱা হৈছে । সূত্ৰৰ মতে মূল্যবৃদ্ধিৰ উপৰিও আগন্তুক কংগ্ৰেছৰ সভাপতি হিচাপে ৰাহুল গান্ধীক নিযুক্তি দিয়াৰ এক কুচকাৱাজো চলিব এই সভাৰ জৰিয়তে ।

আনহাতে কংগ্ৰেছৰ নেতাসকলে পুনৰ ৰাহুল গান্ধীক সভাপতি হোৱাটো বিচাৰে বুলি এই সভাৰ জৰিয়তে দাবী উত্থাপন কৰিব বুলি জানিব পৰা গৈছে । উল্লেখ্য যে সভাৰ পূৰ্বে জয়পুৰৰ অ'টিএছত কংগ্ৰেছৰ নেতাসকলৰ সৈতে ৰাতিপুৱাৰ আহাৰৰ সময়ত উপস্থিত আছিল কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ভাদ্ৰা ।

লগতে পঢ়ক : Congress Mega Rally : কৃষকৰ সমস্যা-মূল্যবৃদ্ধিক লৈ পুনৰ কংগ্ৰেছৰ সমদল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.