ETV Bharat / bharat

পেগাছাছ বিতৰ্ক: সদন স্থগিত ৰখাৰ প্ৰস্তাৱ কংগ্ৰেছৰ

author img

By

Published : Jul 26, 2021, 3:54 PM IST

পেগাছাছক লৈ এতিয়া সৰ্বত্ৰে চৰ্চা । লোকসভাৰ আলোচনাতো প্ৰভাৱ পেলাইছে পেগাছাছৰ প্ৰসংগই । সোমবাৰে অধ্যক্ষক সদন স্থগিত ৰখা প্ৰস্তাৱৰ জাননী দাখিল কৰে কংগ্ৰেছ নেতা মনীষ তিৱাৰী আৰু মণিকাম ঠাকুৰে ।

Congress
Congress

নেশ্যনেল ডেস্ক, ২৬ জুলাই : পেগাছাছৰ নিৰীক্ষণক লৈ প্ৰকাশিত সম্ভাৱ্য তালিকাই বাৰুকৈয়ে প্ৰভাৱিত কৰিছে সদনৰ বৰ্ষাকালীন অধিৱেশন । সোমবাৰে, লোকসভাত উক্ত বিষয়ক লৈ সদন স্থগিত ৰখা প্ৰস্তাৱৰ জাননী দাখিল কৰে কংগ্ৰেছে । অধ্যক্ষক সদন স্থগিত প্ৰস্তাৱৰ জাননী দাখিল কৰে কংগ্ৰেছ নেতা মনীষ তিৱাৰী আৰু মণিকাম ঠাকুৰে । মনীষ তিৱাৰীয়ে জাননীত উল্লেখ কৰে যে, "স্পাইৱেৰৰ জৰিয়তে কৰা এনেধৰণৰ নিৰীক্ষণ হেকিঙৰ শাৰীত পৰে আৰু তথ্য প্ৰযুক্তি আইন, ২০২০ অনুসৰি এইয়া 'অনুমোদনবিহীন নিৰীক্ষণ' অথবা হেকিং ।

তিৱাৰীয়ে লগতে উল্লেখ কৰে যে, যিহেতু চৰকাৰে স্পাইৱেৰৰ চৰকাৰী ব্যৱহাৰক "স্পষ্টভাৱে অস্বীকাৰ" কৰা নাই সেয়ে, তেওঁ বিষয়টো সদনত উত্থাপন কৰিব বিচাৰে । ইফালে, দেওবাৰে কমিউনিষ্ট পাৰ্টী অৱ ইণ্ডিয়া(মাৰ্ক্সবাদী)ৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ জন ব্ৰিটাছে ইজৰাইলী স্পাইৱেৰ পেগাছাছৰ জৰিয়তে ৰাজনীতিবিদ, সাংবাদিক আদিৰ কাৰ্যকলাপ নিৰীক্ষণ কৰাটো মৌলিক অধিকাৰৰ উলংঘণ বুলি মন্তব্য কৰে । চৰকাৰে এই সন্দৰ্ভত তদন্ত কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা নাই বুলিও তেওঁ অভিযোগ উত্থাপন কৰে ।

ইফালে চৰকাৰে ইজৰাইলী ছফ্টৱেৰ পেগাছাছ ব্যৱহাৰ কৰা বিষয়ে তদন্ত কৰাৰ বাবে গঠন কৰা বিশেষ অনুসন্ধান দলৰ তদন্ত আদালতৰ নিৰীক্ষণত কৰাৰ আহ্বান জনাই জন ব্ৰিটাছে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে । বিৰোধীয়ে অভিযোগ তুলিছে যে, পেগাছাছ স্পাইৱেৰৰ নিৰীক্ষণৰ সম্ভাৱ্য তালিকাত কেইবাজনো ভাৰতীয় ৰাজনীতিবিদ, সাংবাদিক, অধিবক্তাৰ ফোন নম্বৰ অন্তৰ্ভুক্ত হৈ আছে । দ্য ৱায়াৰে প্ৰকাশ কৰা তালিকাত বহু ভাৰতীয়ৰ নাম উল্লেখ আছে । কিন্তু চৰকাৰে এই তথ্যক ভিত্তিহীন আখ্যা দিছে ।

সংবাদ প্ৰতিষ্ঠানটোৰ এই তালিকা ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে আলোচ্য বিষয় হৈ পৰিছে । ভাৰতৰ বহু বিশিষ্ট ব্যক্তিয়ে ব্যৱহাৰ কৰা ফোন নম্বৰ পেগাছাছৰ নিৰীক্ষণ তালিকাত উল্লেখ আছে । আনকি, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান, ডুবাইৰ ৰাজকুমাৰী হায়া, ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনো আছে এই তালিকাত ।

লগতে পঢ়ক:আজিৰ পৰা পুনৰ আৰম্ভ সদনৰ বৰ্ষাকালীন অধিৱেশন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.