ETV Bharat / bharat

Congress Karnataka CM imbroglio: কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছনিক লৈ খাৰ্গেৰ বাসগৃহত বৈঠক

কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছনিক লৈ আলোচনা আৰম্ভ (Congress leader at Kharge residence)। ৰাহুল গান্ধীও উপস্থিত হৈছে খাৰ্গেৰ বাসগৃহত । ইফালে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰো উপস্থিত দিল্লীত ।

Congress Karnataka CM imbroglio
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছনিক লৈ খাৰ্গেৰ বাসগৃহত বৈঠক
author img

By

Published : May 16, 2023, 3:21 PM IST

নেশ্যনেল ডেস্ক, ১৬ মে': কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোন হ'ব তাক লৈ জল্পনা-কল্পনা চলি থকাৰ মাজতে দিল্লীত ৰুদ্ধদ্বাৰ বৈঠক আৰম্ভ হৈছে (Congress leader at Kharge residence)। শীৰ্ষ নেতৃত্বই মুখ্যমন্ত্ৰী বাছনিৰ বাবে তৎপৰ হৈছে । ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীও দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেৰ বাসগৃহত উপস্থিত হৈছে য'ত কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী বাছনি কৰাৰ বাবে আলোচনা চলি আছে (Rahul Gandhi at Kharges residence)।

য'ত শীৰ্ষ নেতৃত্বই সম্ভাব্য মুখ্যমন্ত্ৰীৰ দুই দাবীদাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এছ সিদ্দাৰামাইয়া আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰও উপস্থিত থাকিব । লক্ষণীয়ভাৱে আজি বৈঠকৰ পাছতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ।

বিস্তাৰা বিমানেৰে বেংগালুৰুৰ পৰা ৰাওনা হোৱা শিৱকুমাৰ দিল্লী বিমানবন্দৰত উপস্থিত হৈছে আৰু খাৰ্গেৰ বাসগৃহত ৰাহুল আৰু খাৰ্গেক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে (Shivakumar arrives in Delhi)। দিল্লীলৈ ৰাওনা হোৱাৰ পূৰ্বে শিৱকুমাৰে সংবাদ মাধ্যমত দৃঢ়তাৰে কৈছিল যে ঈশ্বৰ আৰু মাতৃয়ে সদায়ে জানে যে তেওঁৰ সন্তানক কি দিব লাগে । তেওঁ উল্লেখ কৰা মতে কংগ্ৰেছ দল তেওঁৰ বাবে মাতৃৰ দৰে । তেওঁ উল্লেখ কৰা মতে ভগৱানক সাক্ষাৎ কৰিবলৈ তেওঁ মন্দিৰলৈ গৈ আছে । তেওঁ অকলে গৈ আছে কাৰণ দলৰ সাধাৰণ সম্পাদকে তেওঁক অকলে আহিবলৈ কৈছে বুলিও শিৱকুমাৰে উল্লেখ কৰে ।

ইফালে কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ বাছনিক লৈ ব্যাপক কৌতূহলে বিৰাজ কৰিছে । ইয়াৰ পূৰ্বে সোমবাৰে শিৱকুমাৰে দিল্লী ভ্ৰমণ বাতিল কৰিছিল । শীৰ্ষ নেতৃত্বই মাতি পঠিওৱাৰ পাছতো তেওঁ অসুস্থতাৰ বাবে দিল্লী ভ্ৰমণ বাতিল কৰিছিল ।

আনহাতে কৰ্ণাটকৰ এআইচিচিৰ ভাৰপ্ৰাপ্ত বিষয়া ৰণদীপ সুৰজেৱালা আৰু কৰ্ণাটকৰ ভাৰপ্ৰাপ্ত এআইচিচিৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালৰ সৈতে কংগ্ৰেছৰ নিযুক্ত তিনিগৰাকী পৰ্যবেক্ষকে খাৰ্গেক সাক্ষাৎ কৰে আৰু বিধায়কসকলে প্ৰকাশ কৰা মতামতৰ ওপৰত আলোচনা কৰে । সোমবাৰে দিল্লীত উপস্থিত হৈ কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই কেইবাগৰাকী শীৰ্ষ কংগ্ৰেছ নেতাক সাক্ষাৎ কৰে । কিন্তু তেওঁ খাৰ্গেক সাক্ষাৎ কৰা নাছিল ।

লগতে পঢ়ক :Congress to choose Karnataka CM : আজি ঘোষণা হ'ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ নাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.