ETV Bharat / bharat

Madhya Pradesh election: মধ্য প্ৰদেশত নিৰ্বাচনৰ বাবে পাঁচ গেৰাণ্টিৰ প্ৰতিশ্ৰুতি কংগ্ৰেছৰ - ৰ্ণাটক বিধানসভা নিৰ্বাচন

এই বৰ্ষৰ শেষত মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন ৷ যাৰ বাবে কংগ্ৰেছে আৰম্ভ কৰিছে প্ৰস্তুতি ৷ সম্প্ৰতি দল নেতা-কৰ্মীসকলক একত্ৰিত কৰাক প্ৰথম অগ্ৰাধিকাৰ দিছে কংগ্ৰেছে ৷

unity of leaders in congress
Madhya Pradesh election
author img

By

Published : Jun 18, 2023, 7:35 PM IST

নিউজ ডেস্ক, 18 জুন: এই বৰ্ষৰ শেষৰফালে অনুষ্ঠিত হ’ব মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচন ৷ বিজেপিৰ দখলত থকা মধ্যপ্ৰদেশক নিজৰ দখললৈ আনিবলৈ কংগ্ৰেছে ব্যাপক প্ৰস্তুতি আৰম্ভ কৰাৰ লগতে তৈয়াৰ কৰিছে কেতবোৰ ৰণনীতি ৷ নিজৰ সমৰ্থকসকলক এক গোট কৰাৰ প্ৰচেষ্টা চলাইছে কংগ্ৰেছে ৷ উল্লেখ্য যে বিগত 12 জুনৰ পৰা কংগ্ৰেছে ৰাজ্যখনত আৰম্ভ কৰিছে প্ৰচাৰ অভিযান ৷ 12 জুনত জবলপুৰত এখন বিশাল নিৰ্বাচনী সভা সম্বোধন কৰে প্ৰিয়ংকা গান্ধীয়ে ৷

মধ্যপ্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰত কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ পূৰ্বে দিয়াৰ দৰে কংগ্ৰেছে পাঁচটা গেৰাণ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ৷ জনসভাত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে কয় যে, কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰাই নহয়, সেই প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰীও কৰা হ’ব ৷ প্ৰিয়ংকা গান্ধীয়ে ৰাজস্থান আৰু ছত্তীশগড়ৰ উদাহৰণ ৰাইজৰ আগত দাঙি ধৰে ৷

উল্লেখ্য যে, মধ্যপ্ৰদেশত সম্প্ৰতি কংগ্ৰেছে ৰাজ্যিক গোটৰ মুৰব্বী, জিলা পৰ্যায়ৰ নেতা, বিধানসভা পৰ্যায়ৰ আৰু পঞ্চায়ত পৰ্যায়ৰ দলীয় নেতা কৰ্মীসকলক একত্ৰিত কৰাৰ অভিযানত পৃথকে পৃথকে নামি পৰিছে ৷

অতি লক্ষণীয়ভাৱে 2020 চনত জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে দল ত্যাগ কৰা বৈজনাথ যাদৱে পুনৰ বিজেপি ত্যাগ কৰি যোগদান কৰে কংগ্ৰেছত ৷ বৈজনাথ যাদৱে 22 জন বিধায়কৰ সৈতে দল কংগ্ৰেছ দল ত্যাগ কৰিছিল ৷ যাৰ পৰিপ্ৰেক্ষিটত মধ্যপ্ৰদেশত কমল নাথ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰৰ পতন ঘটিছিল ৷ কিন্তু পুনৰ বৈজনাথ যাদৱ কংগ্ৰেছত যোগদান কৰা বিষয়টোৱে বিশেষ তাৎপৰ্য বহন কৰিছে ৷

সম্প্ৰতি মধ্যপ্ৰদেশ কংগ্ৰেছে আগন্তু বিধানসভা নিৰ্বাচনৰ পূৰ্বে যাতে কোনেও দল ত্যাগ নকৰে তাৰ প্ৰতি দৃষ্টি ৰাখি দলীয় কাম-কাজ অব্যাহত ৰাখিছে ৷ লগতে বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী বাচনিৰ প্ৰক্ৰিয়াৰ আৰম্ভ কৰিছে ৷ কিন্তু বৰ্তমানৰ বিধায়কসকলৰ প্ৰদৰ্শনৰ ওপৰত বিশ্লেষণ কৰিহে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব কংগ্ৰেছে ৷ যাৰ বাবে বহু কেইগৰাকী বিধায়কৰ টিকট কটা যোৱাৰ সম্ভৱনা আছে ৷

লগতে পঢ়ক: Mann Ki Baat : দেশৰ দুৰ্যোগ ব্যৱস্থাপনাৰ প্ৰশংসাত পঞ্চমুখ প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.