ETV Bharat / bharat

Karnataka Congress president: হাইকমাণ্ডে সিদ্ধান্ত ল’ব কোন হ’ব কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী; শিৱকুমাৰ

author img

By

Published : Jan 2, 2023, 7:54 PM IST

কংগ্ৰেছ হাইকমাণ্ডে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী কোন হ'ব সেই বিষয়ে সিদ্ধান্ত ল'ব বুলি মন্তব্য় ডি কে শিৱকুমাৰৰ (DK Shivakumar)। কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে শিৱকুমাৰৰ উপৰিও কংগ্ৰেছ বিধায়িনী দলৰ নেতা সিদ্ধাৰামাইয়াৰ নাম চৰ্চা হোৱাত তেওঁ এইদৰে মন্তব্য় কৰে ।

Karnataka Congress president
ডি কে শিৱকুমাৰ

নেশ্য়নেল ডেস্ক, ২ জানুৱাৰী: কৰ্ণাটক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰে সোমবাৰে কয় যে, এপ্ৰিল-মে'ৰ ভিতৰত বিধানসভা নিৰ্বাচনত দলটো শাসনলৈ অহিলে মুখ্যমন্ত্ৰী কোন হ'ব সেয়া দলৰ হাইকমাণ্ডে সিদ্ধান্ত ল'ব (Karnataka Congress president)। নতুন বছৰৰ বাবে ৰাজ্যখনৰ লোকসকলক আৰু সকলো ৰাজনৈতিক দলক শুভেচ্ছা জনাই তেওঁ কয়, "নতুন বছৰৰ বাবে সংবাদ মাধ্যম, ৰাজ্যৰ লোকসকলক শুভকামনা জনাইছো । সকলো দলকেই শুভ কামনা জনাইছো, কিন্তু কংগ্ৰেছে ক্ষমতা লাভ কৰা উচিত ।"

সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি এক প্ৰশ্নৰ উত্তৰত তেওঁ কয়,"মই মুখ্যমন্ত্ৰী হোৱা উচিত নহয়, হাইকমাণ্ডে ইয়াৰ সিদ্ধান্ত ল'ব । মল্লিকাৰ্জুন খাৰ্গে (Mallikarjun Kharge ),ৰাহুল গান্ধী (Rahul Gandhi) আৰু ছোনিয়া গান্ধীয়ে সিদ্ধান্ত ল'ব (Sonia Gandhi)। তেওঁলোকে যি সিদ্ধান্ত লয় সেয়া প্ৰসাদৰ দৰে ।"

ৰাজ্যখনত কংগ্ৰেছৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে শিৱকুমাৰৰ লগতে কংগ্ৰেছ বিধায়িনী দলৰ নেতা সিদ্ধাৰামাইয়াৰ নামো চৰ্চা হৈছে (Congress Legislature Party leader Siddaramaiah)। নিৰ্বাচন ওচৰ চাপি অহাৰ লগে লগে দুয়োগৰাকী নেতাৰ মাজত ৰাজনৈতিক উত্থানৰ খেল আৰম্ভ হৈছে । এই লৈ দলটোত বিভাজন হোৱাৰো আশংকা নুই কৰিব নোৱাৰি । সিদ্ধাৰামাইয়া আৰু শিৱকুমাৰৰ সমৰ্থকসকলে প্ৰায়ে তেওঁলোকৰ নেতাক পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে প্ৰক্ষেপ কৰাৰ বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে ।

ইপিনে,মহাদৈ নদীৰ পানীৰ বিষয়ত বিজেপিক "মিছা বিশ্ববিদ্যালয়" বুলি অভিহিত কৰি শিৱকুমাৰে কয়,"মহাৰাষ্ট্ৰত তেওঁলোকৰ নিজৰ চৰকাৰ থকা স্বত্বেও তেওঁলোকে কোনো কাম কৰিব নোৱাৰিলে । তেওঁলোকে আমাৰ বেছিভাগ বিধায়কক গোৱাত 'অপাৰেচন লোটাছ'ৰ জৰিয়তে নি তাতো শাসন চলাইছে যেনেকৈ তেওঁলোকে কৰ্ণাটকত কৰিছিল ।"

তেওঁ লগতে কয়, "ৰাজ্যখনৰ পৰা বিজেপিৰ ২৫ জন সাংসদ থকা স্বত্বেও তেওঁলোকে কাম আৰম্ভ কৰাৰ বাবে এবাৰো প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰা নাই।"

বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ তেওঁ পুনৰ কয়, "আপোনাৰ ৰাজ্যৰ ভিতৰত আপোনাৰ ধনেৰে আপোনাক (কৰ্ণাটক চৰকাৰ) কাম কৰাত কোনে বাধা দিব ।" মহাদৈ প্ৰকল্পৰ বাবে প্ৰয়োজনীয় অনুমোদন লাভ কৰাত বিজেপি চৰকাৰে কৰা বিলম্বক গৰিহণা দি কংগ্ৰেছে বিষয়টো আলোকপাত কৰিবলৈ হুবলীত এক বিশাল সমদল অনুষ্ঠিত কৰা বুলি তেওঁ কয় ।

শেহতীয়াকৈ,কেন্দ্ৰীয় চৰকাৰে কলাচা-বান্দুৰী (মহাদৈ) প্ৰকল্পৰ ওপৰত কৰ্ণাটকৰ বিতং প্ৰকল্প প্ৰতিবেদন (ডিপিআৰ) অনুমোদন জনাইছে যিটো গোৱাই বিৰোধিতা কৰিছে (Kalasa Banduri Mahadai Project) । কৰ্ণাটকে ইয়াৰ উপনদী কালাচা আৰু বান্দুৰীৰ পৰা মহাদৈ নদীৰ পানী উত্তৰ কৰ্ণাটকৰ খৰাং পীড়িত জিলাসমূহলৈ পানী যোগান ধৰিবলৈ ব্যৱহাৰ কৰিব বিচাৰে । প্ৰস্তাৱিত প্ৰকল্পটোত খোৱা পানীৰ প্ৰয়োজনীয়তাৰ বাবে বান্দুৰীৰ পৰা 3.9 টিএমচি পানী - 2.18 টিএমচি আৰু কলাচা নদী খালৰ পৰা 1.72 টিএমচি ব্যৱহাৰ কৰা হ'ব ।

লগতে পঢ়ক:APSC scam 2014: APSC কেলেংকাৰীত জড়িতৰ অভিযোগত আৰু এজন ৰাজপত্ৰিত বিষয়ালৈ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.