ETV Bharat / bharat

পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰে মিলিত হোৱাৰ পূৰ্বে প্ৰিয়ংকা-ছোনিয়াৰ বৈঠক - নৱজ্যোৎ সিং সিদ্ধু

পঞ্জাৱত কংগ্ৰেছৰ আভ্যন্তৰীণ সংকট অব্যাহত থকাৰ মাজতে মঙলবাৰে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই দলৰ অধ্যক্ষা ছোনিয়া গান্ধীক সাক্ষাৎ কৰে । পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙৰ সৈতে ছোনিয়া গান্ধী বৈঠকত মিলিত হোৱাৰ পূৰ্বে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাই তেওঁৰ সৈতে আলোচনা কৰে ।

Congress general secretary Priyanka Gandhi Vadra meets party chief Sonia gandhi
পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত হোৱাৰ পূৰ্বে প্ৰিয়ংকাৰে আলোচনা ছোনিয়া গান্ধীৰ
author img

By

Published : Jul 6, 2021, 8:21 PM IST

নেশ্যনেল ডেস্ক, ৬ জুলাই : পঞ্জাৱত কংগ্ৰেছ দলত অথন্তৰ । দলীয় নেতাৰ মাজত চলি থকা মতানৈক্যৰ এই পৰ্যন্ত কোনো সমাধান ওলোৱা নাই । সেয়ে, মঙলবাৰে কংগ্ৰেছৰ অধ্যক্ষা ছোনিয়া গান্ধী(Sonia Gandhi) ৰে বৈঠকত মিলিত হয় পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং(Captain Amarinder Singh) । কিন্তু পঞ্জাৱৰ মুখ্যমন্ত্ৰীগৰাকীৰে ছোনিয়া গান্ধীয়ে আলোচনা কৰাৰ পূৰ্বে কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী ৱাদ্ৰা(Congress general secretary Priyanka Gandhi Vadra)ই তেওঁক সাক্ষাৎ কৰে ।

প্ৰিয়ংকা গান্ধীয়ে যোৱা সপ্তাহত দলৰ নেতা নৱজ্যোট সিং সিদ্ধু(Navjot Singh Sidhu)ক সাক্ষাৎ কৰিছিল । সিদ্ধুৱে পঞ্জাৱৰ মুখ্যমন্ত্ৰীৰ সৈতে মতানৈক্যৰ কথা প্ৰকাশ কৰি আহিছে । নৱজ্যোট সিং সিদ্ধুৱে শেহতীয়াকৈ কংগ্ৰেছ নেতা ৰাহুল গান্ধীকো সাক্ষাৎ কৰিছিল । কংগ্ৰেছৰ কেন্দ্ৰীয় নেতৃত্বই অহা বছৰ অনুষ্ঠিত হ'বলগীয়া পঞ্জাৱ বিধানসভা নিৰ্বাচনৰ পূৰ্বে দলৰ ভিতৰচ'ৰাৰ পৰিস্থিতি সুস্থিৰ কৰিবলৈ চেষ্টা কৰি আছে ।

কেন্দ্ৰীয় নেতৃত্বই মুখ্যমন্ত্ৰীক নেতৃত্ব দি ৰাজ্যিক গোটত পৰিৱৰ্তন আনিব বিচাৰিছে । লগতে জাতি আৰু সম্প্ৰদায়ৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা হোৱাতো বিচাৰিছে । মুখ্যমন্ত্ৰী অমৰিন্দৰ সিং আৰু দলৰ আন বিধায়কসকলৰ সৈতে আলোচনা কৰিবলৈ এখন পেনেল গঠন কৰা হৈছিল ।

মুখ্যমন্ত্ৰী আৰু সিদ্ধু দুয়োজনে পেনেলৰ ওচৰত তেওঁলোকৰ মতামত জনাইছিল । পেনেলৰ সদস্য কংগ্ৰেছ নেতা হৰিশ ৰাৱটে ৰাহুল আৰু প্ৰিয়ংকাৰ সৈতে সিদ্ধুৰ বৈঠকৰ পিছত আশা প্ৰকাশ কৰিছিল যে, দলটোৰ পঞ্জাৱ গোট সম্পৰ্কীয় সমস্যাসমূহ শীঘ্ৰেই সমাধান কৰা হ'ব । ২০২২ চনত অনুষ্ঠিত হ'বলগীয়া পঞ্জাৱ বিধানসভা নিৰ্বাচন কংগ্ৰেছৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে, কিয়নো, বৰ্তমান কংগ্ৰেছে শাসন কৰি থকা ৰাজ্যসমূহৰ ভিতৰত পঞ্জাৱ অন্যতম । কিন্তু এতিয়া ৰাজ্যখনত দলটোৰ নেতৃত্বৰ মাজত সংঘাতৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক : বিশ্ব জুন'ছিছ দিৱস পালন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.