ETV Bharat / bharat

CJI troll issue : মুখ্য ন্যায়াধীশক ট্ৰ'ল, ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ ১৩ গৰাকী সাংসদৰ - Congress demands action against online trolls

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ট্ৰলিং সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ কৰিছে ১৩ গৰাকী সাংসদে (MPs letter to President on CJI troll issue)। পত্ৰৰ জৰিয়তে বিষয়টো সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ আহ্বান সাংসদসকলৰ । মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ সাংসদসকলৰ ।

CJI troll issue
মুখ্য ন্যায়াধীশক ট্ৰ'ল সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ পত্ৰ প্ৰেৰণ
author img

By

Published : Mar 17, 2023, 9:32 PM IST

নেশ্যনেল ডেস্ক,১৭ মাৰ্চ : ভাৰতীয় জাতীয় কংগ্ৰেছৰ সাংসদ বিবেক তানখাৰ লগতে আন ১২ জন বিৰোধী সাংসদে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ ট্ৰলিং সন্দৰ্ভত ৰাষ্ট্ৰপতিলৈ এখন পত্ৰ লিখিছে (MPs letter to President on CJI troll issue)। তেওঁলোক ৰাষ্ট্ৰপতিক সমগ্ৰ বিষয়টোত উপযুক্ত ব্যৱস্থা ল'বলৈ অনুৰোধ জনাইছে ।

এই পত্ৰখনৰ মতে, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে মহাৰাষ্ট্ৰ চৰকাৰ গঠন গোচৰৰ শুনানি গ্ৰহণ কৰি আছে । শুনানিৰ সময়ত, আদালতে এই বিষয়ত কিছু পৰ্যবেক্ষণো কৰিছে । গোটেই বিষয়টো এতিয়াও মীমাংসা লৈ অহা নাই । শুনানিৰ পাছতে আদালতে ৰায়টো সংৰক্ষিত ৰাখিছে । পত্ৰখনৰ মতে, মুখ্য ন্যায়াধীশৰ মন্তব্য পোহৰলৈ অহাৰ লগে লগে সামাজিক মাধ্যমত একাংশ লোকে ব্যাপক ট্ৰ'ল আৰম্ভ কৰিছে (Troll against CJI)। পত্ৰখনত লিখা হৈছে যে সম্ভৱতঃ ট্ৰ'লবোৰ মহাৰাষ্ট্ৰ চৰকাৰৰ নেতৃত্বত হৈছে । পত্ৰখনৰ মতে, ট্ৰ'লবোৰত অতি নিম্ন স্তৰৰ ভাষা ব্যৱহাৰ কৰা হৈছে ।

পত্ৰখনত অভিযোগ কৰা মতে মহাৰাষ্ট্ৰৰ শাসকীয় দলৰ সমৰ্থনত মুখ্য ন্যায়াধীশৰ বিৰুদ্ধে "ট্ৰল আৰ্মী"য়ে আক্ৰমণ আৰম্ভ কৰিছে । সাংসদসকলে ভাৰতীয় ন্যায়পালিকাৰ মৰ্যাদা আৰু শালীনতাৰ সুৰক্ষাৰ বাবে আহ্বান জনাইছে আৰু অনলাইন ট্ৰলিঙত জড়িত সকলৰ লগতে ইয়াক সমৰ্থন আৰু পৃষ্ঠপোষকতা কৰা সকলৰ বিৰুদ্ধেও তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনাইছে (CJI troll issue)।

পত্ৰখন কংগ্ৰেছ দল, আম আদমী পাৰ্টি, শিৱসেনা আৰু সমাজবাদী পাৰ্টিকে ধৰি বিভিন্ন বিৰোধী দলৰ সদস্যসকলে সমৰ্থন জনাইছে । তানখাই একেটা বিষয়ত ভাৰতৰ এটৰ্নি জেনেৰেল আৰ ভেংকটৰমণীলৈও পৃথকে লিখিছে (Congress demands action against online trolls)।

পত্ৰখনত লগতে কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ৰ সন্মুখত বিচাৰাধীন হৈ থকা বিষয়টোত এনে ধৰণৰ ঘৃণনীয় আচৰণ কেৱল তেতিয়াহে সম্ভৱ যদি এনে লোকসকলে ৰায়দানৰ সমৰ্থন লাভ কৰে । সাংসদসকলৰ পত্ৰখনে ভাৰতত ন্যায়পালিকাৰ স্বাধীনতা আৰু অখণ্ডতা সুৰক্ষিত কৰাৰ গুৰুত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে । বিশেষকৈ অনলাইন আক্ৰমণ আৰু ন্যায়ৰ ক্ষেত্ৰত হস্তক্ষেপৰ সন্মুখীন হোৱাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে ।

ইফালে প্ৰাক্তন মুখ্য ন্যায়াধীশ এন ভি ৰমনাইও সংবাদ মাধ্যমত বিশেষকৈ সামাজিক মাধ্যমত ন্যায়পালিকাৰ ওপৰত বৰ্ধিত আক্ৰমণৰ ওপৰত উদ্বেগ প্ৰকাশ কৰিছে (Former CJI NV Ramana on online troll issue)।

লগতে পঢ়ক :Rahul Gandhi reacts over Adani issue : ৰাহুল গান্ধীৰ মতে আদানীৰ প্ৰসংগক লৈ এতিয়াও শংকিত চৰকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.