ETV Bharat / bharat

চীন অৰুণাচল সীমান্ত পৰিদৰ্শন কৰিব কংগ্ৰেছৰ প্ৰতিনিধি দলে

author img

By

Published : Aug 28, 2022, 8:32 PM IST

অৰুণাচলত চীনা অনুপ্ৰৱেশক লৈ চিন্তিত কংগ্ৰেছ ৷ শীঘ্ৰে চীন-অৰুণাচল সীমান্ত পৰিদৰ্শন কৰিব কংগ্ৰেছৰ প্ৰতিনিধি দলে ৷ কেন্দ্ৰীয় চৰকাৰে সীমান্ত অঞ্চল পৰিদৰ্শন কৰিবলৈ অনুমতি নিদিলেও যাবলৈ সংকল্পবদ্ধ কংগ্ৰেছ ৷ সংসদত কেইবাবাৰো বিষয়টো উত্থাপন কৰাৰ পাছতো চৰকাৰৰ পৰা সঁহাৰি নোপোৱাৰ অভিযোগ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ(Congress MP Pradyut Bordoloi) ৷

CHINESE INTRUSIONS
চীন অৰুণাচল সীমান্ত পৰিদৰ্শন কৰিব কংগ্ৰেছৰ প্ৰতিনিধি দলে

নিউজ ডেস্ক, 28 আগষ্ট: অৰুণাচল প্ৰদেশৰ কিছু অংশত ৰঙা চীনৰ অনুপ্ৰৱেশৰ বিষয়টোত উদ্বেগ প্ৰকাশ কৰিছে কংগ্ৰেছ দলে(Chinese intrusions in Arunachal ) ৷ এই ঘটনাৰ সত্যসত্যতা জানিবলৈ শীঘ্ৰেই কংগ্ৰেছৰ এটা প্ৰতিনিধি দল সীমান্ত অঞ্চলসমূহ ভ্ৰমণ কৰিবলৈ যাব । লোকসভাৰ সদস্য তথা উত্তৰ-পূব কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ আহ্বায়ক প্ৰদ্যুৎ বৰদলৈয়ে দেওবাৰে ই টিভি ভাৰতৰে এক বিশেষ সাক্ষাৎকাৰত এই কথা জানিবলৈ দিয়ে(Congress on Chinese intrusions) ৷

কংগ্ৰেছ নেতাগৰাকীয়ে কয়, "আমি বিশ্বাস কৰো যে চীনা অনুপ্ৰৱেশ এক গুৰুতৰ বিষয় আৰু ইয়াক উপেক্ষা কৰা উচিত নহয় । আমি অতীতত কেইবাবাৰো সংসদত বিষয়টো উত্থাপন কৰিছিলো কিন্তু চৰকাৰৰ পৰা কোনো সঁহাৰি পোৱা নাই । সেয়েহে, আমি সিদ্ধান্ত লৈছো যে কংগ্ৰেছৰ এটা প্ৰতিনিধি দলে শীঘ্ৰেই অৰুণাচল প্ৰদেশৰ সীমান্ত অঞ্চলসমূহ ভ্ৰমণ কৰি সমগ্ৰ দিশ পৰিদৰ্শন কৰিব ৷" তেওঁ লগতে আৰু কয়- "আমি অৱগত যে কেন্দ্ৰীয় চৰকাৰে আমাক সীমান্ত অঞ্চল ভ্ৰমণ কৰিবলৈ অনুমতি নিদিবও পাৰে কিন্তু আমি যাবলৈ সংকল্পবদ্ধ ৷"

বৰদলৈয়ে সদৰী কৰা অনুসৰি তেওঁৰ লগতে সাংসদ মনীষ তিৱাৰী আৰু আন কেইবাজনো বিৰোধী সদস্যই বিগত কেইবাটাও অধিৱেশনত বিষয়টো সংসদত উত্থাপন কৰি আহিছে যদিও কোনো সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ অৰুণাচল প্ৰদেশৰ কিছু অংশ অন্তৰ্ভুক্ত কৰাৰ বাবে চীনে বাৰে বাৰে দাবী কৰি অহাৰ ফলত পৰিস্থিতি অধিক জটিল হৈ পৰিছে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে ৷

উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ আনজাও জিলাৰ সীমান্ত অঞ্চলৰ ওচৰত চীনা সৈন্যই নিৰ্মাণ কাৰ্যকলাপ চলাই থকাৰ এটা ভিডিঅ’ শনিবাৰে ভাইৰেল হৈছিল ৷ এই ভিডিঅ' ক্লিপটো একাংশ স্থানীয় লোকে ৰেকৰ্ড কৰিছিল । ইয়াৰ পাছতেই বিষয়টোৰ সন্দৰ্ভত এই প্ৰতিক্ৰিয়া ব্যক্ত কৰে লোকসভাৰ সদস্য তথা উত্তৰ-পূব কংগ্ৰেছ সমন্বয়ৰক্ষী সমিতিৰ আহ্বায়ক প্ৰদ্যুৎ বৰদলৈয়ে(Congress MP Pradyut Bordoloi) ৷

লগতে পঢ়ক: কংগ্ৰেছৰ সভাপতি পদৰ নিৰ্বাচনৰ দিন ঘোষণা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.