নেশ্যনেল ডেস্ক,২৬ আগষ্ট : দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সিদ্ধান্তৰ বাবেই মহাকাশ অন্বেষণত ভাল ফলাফল লাভ কৰিছে ভাৰতে । চন্দ্ৰযান-৩ৰ সফল অৱতৰণৰ পাছতে এই প্ৰতিক্ৰিয়া কৰিছে কংগ্ৰেছে । কংগ্ৰেছে শনিবাৰে কয় যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মহাকাশ খণ্ডত ভাৰতক স্বাৱলম্বী কৰাৰ দৃষ্টিভংগী আৰু সমালোচনাৰ পাছতো বিশ্বৰ বৃহৎ শক্তিসমূহৰ পৰা সহযোগিতা নোলোৱাৰ সিদ্ধান্তৰ বাবে মহাকাশ অন্বেষণে ইমান ভাল ফলাফল লাভ কৰিছে ।
কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো)ৰ চমৎকাৰ সাফল্য সন্দৰ্ভত পাকিস্তানী সংবাদ মাধ্যমত যথেষ্ট মন্তব্য আহিছে । ১৯৬১ চনৰ শেষৰ ফালে পাকিস্তানৰ মহাকাশ সংস্থা স্পেচ এণ্ড আপৰ এটমছফিয়াৰ ৰিচাৰ্ছ অৰ্গেনাইজেশ্যনৰ স্থাপন হৈছিল আনহাতে ১৯৬২ চনৰ ফেব্ৰুৱাৰীত ভাৰতত ভাৰতীয় ৰাষ্ট্ৰীয় মহাকাশ গৱেষণা সমিতি (ইনকোস্পাৰ) স্থাপন হৈছিল । কিন্তু দুয়োটাৰে কৃতিত্বৰ মাজত পাৰ্থক্য আছে বুলি তেওঁ উল্লেখ কৰে ।
প্ৰশংসা কৰা নহয় যদিও ইছৰোৰ সফলতাৰ আঁৰত নেহৰু আছিল বুলি তেওঁ উল্লেখ কৰে যে নেহৰুৱে প্ৰথম দিনাৰ পৰাই আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল । যি সময়ত দিল্লীৰ কিছুমান পক্ষই আমেৰিকা যুক্তৰাষ্ট্ৰৰ জড়িত হোৱাৰ পোষকতা কৰিছিল । কিন্তু প্ৰথমে নেহৰু আৰু তেতিয়াৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে অতি স্পষ্টকৈ কৈছিল যে মহাকাশ কাৰ্যসূচীটো ভাৰতীয় পেছাদাৰীসকলৰ দ্বাৰা ডিজাইন, নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰা উচিত ।
কংগ্ৰেছ নেতাগৰাকীয়ে কয় যে ইয়াৰ বাবে তেওঁলোকে নিশ্চিতভাৱে হোমি জাহাংগীৰ ভাবা, বিক্ৰম চাৰাভাই, সতীশ ধাৱান, পি এন হাক্সাৰ আৰু আন বহুতো লোকৰ সৈতে আলোচনা কৰিছিল আৰু তেওঁলোকৰ দ্বাৰা প্ৰভাৱিত হৈছিল । নেহৰুৰ শাসনকালত বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে শক্তিশালী ভেটি স্থাপন কৰা হৈছিল আৰু বিশাল আন্তঃগাঁথনি সৃষ্টি কৰা হৈছিল বুলি কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে । অতি দৰিদ্ৰ দেশ হোৱাৰ বাবে এনে ধৰণৰ বিনিয়োগ কৰাটো ভাৰতৰ বাবে মাৰাত্মক হ'ব বুলি তীব্ৰ সমালোচনা ৰখা স্বত্বেও নেহৰুৱে সেয়া কৰিছিল । তেওঁ দাবী কৰা মতে এক স্বাৱলম্বিতা আৰু বৈজ্ঞানিকভাৱে উন্নত ৰাষ্ট্ৰৰ দৃষ্টিভংগীয়েই আজি যথেষ্ট লাভ হৈছে ।