ETV Bharat / bharat

আপক সমালোচনা কৰি প্ৰচাৰ নকৰিবলৈ দলীয় নেতাক আহ্বান কংগ্ৰেছৰ

author img

By ETV Bharat Assamese Team

Published : Jan 16, 2024, 5:25 PM IST

AAP Congress Agreement: কংগ্ৰেছ আৰু আম আদমি পাৰ্টীৰ নেতৃত্বৰ মাজত অনুষ্ঠিত হয় এক বিশেষ আলোচনা ৷ দল দুটাৰ নেতৃত্বৰ মাজত হোৱা কথা-বতৰাৰ পিচতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ দলৰ নেতাসকলক জনাইছে বিশেষ আহ্বান ৷ সেই অনুসৰি আপক সমালোচনা কৰি কংগ্ৰেছৰ নেতাসকলে চলাব নোৱাৰিব প্ৰচাৰ ৷ এই সন্দৰ্ভত ইটিভি ভাৰতৰ সাংবাদিক অমৃত অগ্নিহোত্ৰিৰ এক প্ৰতিবেদন...

LOK SABHA POLLS 2024
ARVIND KEJRIWAL

নতুন দিল্লী, 16 জানুৱাৰী: সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ আৰু আম আদমি পাৰ্টিয়ে একেলগে যুঁজ দিব ৷ নিৰ্বাচনত একেলগতে যুঁজিবলৈ নীতিগতভাৱে সিদ্ধান্ত লোৱাৰ পিচত দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছে মুখপাত্ৰসকলকপৰামৰ্শ দিছে আম আদমি পাৰ্টীক সমালোচনা কৰি প্ৰচাৰ নচলাবলৈ৷

উল্লেখ্য যে যোৱা দুসপ্তাহত কংগ্ৰেছৰ পাঁচজনীয়া ৰাষ্ট্ৰীয় মিত্ৰজোঁট সমিতি আৰু আপৰ প্ৰতিনিধিসকলৰ মাজত দুবাৰকৈ আলোচনা অনুষ্ঠিত হয় ৷ আলোচনামৰ্মে দুয়োটা দলে আগন্তুক লোকসভা নিৰ্বাচনত একেলগে যুঁজিবলৈ নীতিগতভাৱে সিদ্ধান্ত গ্ৰহণ কৰে ৷ আসনৰ ভাগ-বতৰাৰ সূত্ৰটো দৃঢ় কৰাৰ প্ৰসংগত মূলতঃ আলোচনা কৰা হয় ৷ অৱশ্যে তাৰ বাবে আৰু এটা পৰ্যায়ৰ আলোচনা কৰিব বুলি জানিব পৰা গৈছে ৷

কংগ্ৰেছৰ ভিতৰুৱা সূত্ৰৰ পৰা জানিব পৰা মতে এই পৰ্যন্ত আপে পঞ্জাৱ আৰু দিল্লীৰ বাহিৰেও হাৰিয়ানা আৰু গুজৰাটতো আসন বিচাৰিছে । উল্লেখ্য যে আম আদমি পাৰ্টীৰ প্ৰতিষ্ঠাপক তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিগত এটা বছৰৰ পৰা কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু দলৰ প্ৰাক্তন মুৰব্বী ৰাহুল গান্ধীৰ সাক্ষাৎ বিচাৰি আছিল ৷ সেই অনুসৰি মণিপুৰৰ পৰা কংগ্ৰেছে ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰাৰ এদিন পূৰ্বে দিল্লীত কেজৰিৱালক সেই সুযোগ প্ৰদান কৰা হয়৷ দলৰ ভিতৰুৱা তথ্য অনুসৰি, কংগ্ৰেছ নেতা থকা ৰাহুল গান্ধী, মল্লিকাৰ্জুন খাৰ্গে, অল ইণ্ডিয়া কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক কে চি বেনুগোপাল আৰু অৰবিন্দ কেজৰিৱাল, আপৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাদ্দাৰ মাজত ১৩ জানুৱাৰীত এক বুজাবুজিৰ আলোচনা অনুষ্ঠিত হয় ।

অৱশ্যে, সমস্যাটো হ'ল যে দিল্লী আৰু পঞ্জাৱ দুয়োখন ৰাজ্যতে কংগ্ৰেছ নেতাসকলে ৰাজহুৱাভাৱে আপ নেতাসকলক সমালোচনা কৰি আহিছে আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ কাৰ্যসূচী আৰু নীতিৰ বিৰোধিতা কৰি অহা দেখা গৈছে ৷ সেই অনুসৰি, ৰাজহুৱাভাৱে আপক সমালোচনা কৰি অহা কংগ্ৰেছ নেতাসকলক সংযম হ’বলৈ পৰামৰ্শ দিছে কংগ্ৰেছ নেতৃত্বই ৷ দুই দলৰ মাজৰ সৌহাৰ্দৰ মাজত যেন কোনোধৰণৰ খেলেমেলিৰ সৃষ্টি নহয়, প্ৰতিও আহ্বান জনোৱা হৈছে ৷

নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ দিল্লীৰ দায়িত্বত থকা দীপক বাবাৰিয়াই ইটিভি ভাৰতক জনায় যে কোনোৱে যদি উচটনিমূলক মন্তব্য প্ৰকাশ কৰে আৰু সেয়া দৃষ্টিগোচৰ হয়, তেতিয়া বিষয়টো গুৰুত্ব সহকাৰে লোৱা হ’ব ৷

আনহাতে আপ আৰু কংগ্ৰেছৰ বুজাবুজিৰ পিচত বাস্তৱ ক্ষেত্ৰত কিদৰে আগবাঢ়িব বুলি কৰা প্ৰশ্নোত্তৰত বাবাৰিয়াই কয়, ‘‘ আমি শত্ৰু নহয় । আমি বিশেষকৈ ব্যক্তিগতভাৱে কাকো বিৰোধিতা কৰা নাছিলোঁ, কেৱল ৰাজ্য চৰকাৰৰ নীতিৰ বিৰোধিতা কৰি আহিছিলোঁ ৷ যিয়ে জনসাধাৰণৰ ওপৰত প্ৰভাৱ পেলায় ।"

লগতে পঢ়ক: পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানক হত্যাৰ ভাবুকি সন্ত্ৰাসবাদী পান্নুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.