ETV Bharat / bharat

Telangana Assembly polls: তেলেংগানাত কৃষক, দলিত আৰু মহিলাৰ বাবে ঘোষণা পত্ৰ আৰম্ভ কৰিবলৈ আমন্ত্ৰণ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক - প্ৰভাৰী মাণিকৰাও ঠাকৰে

নিৰ্বাচনমুখী তেলেংগানাত কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী কুচ কাৱাজ আৰম্ভ কৰিছে ৷ ৰাজ্যিক কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে আগষ্টত মহিলা, কৃষক আৰু দলিতসকলৰ বাবে পৃথকে পৃথকে ঘোষণা পত্ৰ আৰম্ভ কৰিবলৈ মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেতা প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু ৰাহুল গান্ধীক আতিথ্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

Cong to invite Rahul, Priyanka to launch declarations on farmers, Dalits and women ahead of Assembly polls in Telangana
কৃষক, দলিত আৰু মহিলাৰ বাবে ঘোষণা পত্ৰ আৰম্ভ কৰিবলৈ আমন্ত্ৰণ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বক
author img

By

Published : Aug 6, 2023, 6:58 PM IST

নেশ্যনেল ডেস্ক, 6 জুলাই : সমাগত তেলেংগানা বিধানসভা নিৰ্বাচন ৷ নিৰ্বাচনমুখী তেলেংগানাত কংগ্ৰেছে ইতিমধ্যে নিৰ্বাচনী কুচ কাৱাজ আৰম্ভ কৰিছে ৷ ৰাজ্যিক কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে আগষ্টত মহিলা, কৃষক আৰু দলিতসকলৰ বাবে পৃথকে পৃথকে ঘোষণা পত্ৰ আৰম্ভ কৰিবলৈ মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেতা প্ৰিয়ংকা গান্ধী ভাদ্ৰা আৰু ৰাহুল গান্ধীক আতিথ্য দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

"আমি খাৰ্গেজী, প্ৰিয়ংকাজী আৰু ৰাহুলজীক এই মাহত কৃষক, দলিত আৰু মহিলাসকলৰ ওপৰত ঘোষণা পত্ৰ আৰম্ভ কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ পৰিকল্পনা কৰিছো ৷ প্ৰিয়ংকাই 30 জুলাইত তেলেংগানালৈ অহাৰ কথা আছিল, কিন্তু বৃষ্টিপাতৰ বাবে সেই অনুষ্ঠানটো পিচুৱাই দিয়া হৈছিল ৷ ইয়াৰ পিচতে তেওঁৰ ৰেলীৰ বাবে নতুন তাৰিখ নিৰ্ধাৰণ কৰা হৈছে ৷" তেলেংগানাৰ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ প্ৰভাৰী মাণিকৰাও ঠাকৰেয়ে ইটিভি ভাৰতক জানিবলৈ দিয়ে ৷

"ঘোষণাসমূহত সমাজৰ বিভিন্ন স্তৰৰ কল্যাণৰ বাবে দলৰ প্ৰতিশ্ৰুতি থাকিব ৷ ঘোষণাসমূহ শেষ হোৱাৰ পিচত ৰাজ্যিক গোটৰ মুৰব্বী ৰেৱন্ত ৰেড্ডী আৰু চিএলপি নেতা ভাট্টি বিক্ৰমাৰ্কাকে ধৰি ৰাজ্যখনৰ জ্যেষ্ঠ নেতাসকলে এক ঐক্যবদ্ধ দল প্ৰস্তুত কৰিবলৈ আৰু ভোটাৰসকলৰ মাজত দলৰ প্ৰতিশ্ৰুতি প্ৰচাৰ কৰিবলৈ ৰাজ্যজুৰি বাছ যাত্ৰা উলিয়াব," তেওঁ উল্লেখ কৰে ৷

মাণিকৰাও ঠাকৰেয়ে লগতে কয় যে,"বেণুগোপালজীয়ে তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে নামাকৰণ কৰা বিভিন্ন নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ পৰ্যবেক্ষকৰ বাবে এক অভিমুখীকৰণ কাৰ্যসূচীৰ পৰিচালনা কৰিছিল ৷ তেওঁলোকে 17 খন লোকসভা আসন নিৰীক্ষণ কৰিব ৷ বেণুগোপালজীয়ে ৰাজ্যিক ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ এখন বৈঠকতো সভাপতিত্ব কৰিছিল য'ত শাসকীয় দলক পৰাস্ত কৰাৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰা হৈছিল ৷ বিআৰএছে ৰাজ্যখনত কেৱল কংগ্ৰেছক লক্ষ্য কৰি বিজেপিৰ হৈ কাম কৰি আছে ৷ ৰাজ্যিক কংগ্ৰেছে বিআৰএছ আৰু বিজেপিৰ মিত্ৰতাক পৰাস্ত কৰি আৰু ৰাজ্যখনত জনপন্থী চৰকাৰ অনাৰ বাবে সাজু হৈছে ৷"

"তেলেংগানাৰ ৰাজনৈতিক জোৱাৰ ভালৰ বাবে ঘূৰি আহিছে ৷ ৰাইজে এতিয়া কংগ্ৰেছ চৰকাৰ বিচাৰে ৷ শেহতীয়াকৈ যোগদান কৰা নেতাসকলে দলটোৰ বাবে আশাৰ ৰেঙণি ঘূৰাই আনিছে, অনাগত দিনবোৰত এনেধৰণে অধিক যোগদান হওক ৷ কংগ্ৰেছে দেশখনক শান্তি, সমৃদ্ধি আৰু সমাজ কল্যাণৰ দিশে চালিত কৰিবলৈ এক আন্দোলন আৰম্ভ কৰিছে ৷ ভোটাৰসকলে আগন্তুক নিৰ্বাচনত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ অপশাসনৰ অৱসান ঘটাব," ঠাকৰেয়ে সদৰী কৰে ৷

লগতে পঢ়ক: PM Modi slams INDIA: বিৰোধী মিত্ৰজোঁট 'INDIA'ক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.