ETV Bharat / bharat

Cong prez polls : আজি নাগপুৰৰ পৰা প্ৰচাৰ আৰম্ভ কৰিব শশী থাৰুৰে - Dr BR Ambedkar

ভ্ৰমণসূচী অনুসৰি, শশী থাৰুৰে শনিবাৰে আবেলি 4.50 বজাত নাগপুৰ বিমানবন্দৰত অৱতৰণ কৰিব । তাৰ পৰা তেওঁ দীক্ষাভূমিলৈ ৰাওনা হ'ব । তাত তেওঁ ডঃ আম্বেদকাৰলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এখন সংবাদমেল সম্বোধন কৰিব (Congress prez candidate Sashi Tharoor)।

Sashi Tharoor
Sashi Tharoor
author img

By

Published : Oct 1, 2022, 11:09 AM IST

নেচনেল ডেস্ক, ১ অক্টোবৰ : কংগ্ৰেছ সাংসদ শশী থাৰুৰে শনিবাৰে নাগপুৰৰ দীক্ষাভূমি স্মৃতিস্তম্ভ পৰিদৰ্শন কৰি দলৰ সভাপতি নিৰ্বাচনৰ বাবে তেওঁৰ প্ৰচাৰ আৰম্ভ কৰিব (Sashi Tharoor campaign for Congress prex pools) । ১৯৫৬ চনত ডঃ বি আৰ আম্বেদকাৰে তেওঁৰ অনুগামীসকলৰ সৈতে বৌদ্ধ ধৰ্ম পালন কৰা দীক্ষাভূমিত শনিবাৰে থাৰুৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব । এই কথা প্ৰকাশ কৰিছে মহাৰাষ্ট্ৰৰ কংগ্ৰেছ নেতা আশিস দেশমুখে । উল্লেখ্য, দেশমুখেই তিৰুৱন্তপুৰমৰ সাংসদজনৰ উক্ত ভ্ৰমণসূচীৰ আয়োজন কৰিছে (Sashi Tharoor start campaigning from Nagpur) ।

উল্লেখ্য, আগন্তুক কংগ্ৰেছ সভাপতি নিৰ্বাচনৰ (Cong prez polls) বাবে ৬৬ বছৰীয়া থাৰুৰে শুকুৰবাৰে দিল্লীত মনোনয়ন-পত্ৰ দাখিল কৰে । তেওঁৰ ভ্ৰমণসূচী অনুসৰি, থাৰুৰে শনিবাৰে আবেলি 4.50 বজাত নাগপুৰ বিমানবন্দৰত অৱতৰণ কৰিব । তাৰ পৰা তেওঁ দীক্ষাভূমিলৈ ৰাওনা হ'ব । তাত তেওঁ ডঃ আম্বেদকাৰলৈ (Dr BR Ambedkar) শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এখন সংবাদমেল সম্বোধন কৰিব ।

দেওবাৰে পুৱা ৯ বজাত থাৰুৰে ৱাৰ্ধাস্থিত মহাত্মা গান্ধীৰ সেৱাগ্ৰাম আশ্ৰম (Mahatma Gandhi Sewagram Ashram) পৰিদৰ্শন কৰিব আৰু পিছত পাভনাৰৰ বিনোবা ভাৱেৰ আশ্ৰমলৈ যাব । তেওঁ দুপৰীয়া ১২.৪৫ বজাৰ ভিতৰত নাগপুৰলৈ উভতি আহিব আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা, দলৰ ৰাজ্যিক গোটৰ সদস্য আৰু কৰ্মীসকলৰ সৈতে বৈঠক অনুষ্ঠিত কৰিব (Congress president election) ।

এই সন্দৰ্ভত দেশমুখে কয়, "থাৰুৰ এজন জনপ্ৰিয় কংগ্ৰেছ সাংসদ যিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দেশৰ বাবে উল্লেখযোগ্য কাম কৰিছে । কংগ্ৰেছ সভাপতিৰ নিৰ্বাচন দলত বিকেন্দ্ৰীকৰণৰ বাবে এক গুৰুত্বপূৰ্ণ পদক্ষেপ ।" দেশমুখে এইটোও দাবী কৰে যে ১২ খন ৰাজ্যৰ কংগ্ৰেছ প্ৰতিনিধিসকলে থাৰুৰক মুকলিকৈ সমৰ্থন কৰিছে আৰু তেওঁ সমগ্ৰ ভাৰতৰ পৰা দলৰ নেতা আৰু কৰ্মীসকলৰ সমৰ্থন লাভ কৰিছে ।

উল্লেখ্য, শুকুৰবাৰে কংগ্ৰেছ সভাপতি পদৰ বাবে শশী থাৰুৰ আৰু মল্লিকাৰ্জুন খাৰ্গেৰ মাজত প্ৰতিদ্বন্দ্বিতা হোৱাটো এক প্ৰকাৰ নিশ্চিত হৈ পৰিছে । কিয়নো প্ৰতিদ্বন্দ্বিতাত থকা তৃতীয়জন প্ৰাৰ্থী তথা ঝাৰখণ্ডৰ প্ৰাক্তন মন্ত্ৰী কে এন ত্ৰিপাঠীক তেওঁলোক দুজনৰ তুলনাত প্ৰতিদ্বন্দ্বিতাৰ বাবে যথেষ্ট পিছত থকা বুলি ক'ব পাৰি । খাৰ্গে, থাৰুৰ আৰু ত্ৰিপাঠীয়ে শুকুৰবাৰে মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিনটোত তেওঁলোকৰ মনোনয়ন-পত্ৰ দাখিল কৰে । আনহাতে, ১৭ অক্টোবৰত অনুষ্ঠিত হ'বলগীয়া নিৰ্বাচনত ৯,১০০ তকৈও অধিক প্ৰতিনিধিয়ে ভোটদান কৰিব । ফলাফল ১৯ অক্টোবৰত ঘোষণা কৰা হ'ব ।

এইখিনিতে উল্লেখ কৰি থওঁ যে শশী থাৰুৰ কংগ্ৰেছৰ জি-২৩ গোটৰ এজন সদস্য আছিল, যিয়ে দলটোৰ সকলো স্তৰত সাংগঠনিক পৰিৱৰ্তন আৰু নিৰ্বাচনৰ দাবী কৰিছিল । শুকুৰবাৰে তেওঁ তেওঁৰ নিৰ্বাচনী প্ৰতিদ্বন্দ্বী খাৰ্গেক "ধাৰাবাহিকতা" আৰু "স্থিতিশীলতাৰ প্ৰাৰ্থী" বুলি অভিহিত কৰে । তেওঁ প্ৰতিদ্বন্দ্বিতা প্ৰত্যাহাৰ কৰাৰ কথাও অস্বীকাৰ কৰে । তেওঁ কেৱল মনোনয়ন উঠাই ল'বলৈকে মনোনয়ন-পত্ৰ দাখিলৰ কষ্ট কৰা নাই বুলিও জোৰ দি কয় ।

লগতে পঢ়ক :নাগালেণ্ডত 6 মাহৰ বাবে আফস্পা বৃদ্ধি কেন্দ্ৰৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.