ETV Bharat / bharat

অব্যাহত কংগ্ৰেছ, আইএছএফৰ আসন ভাগ-বাটোৱাৰা সম্পৰ্কত আলোচনা

author img

By

Published : Mar 3, 2021, 5:08 PM IST

পশ্চিমবংগৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বাটোৱাৰা সম্পৰ্কত কিছু পৰিমাণে সিদ্ধান্তত উপনীত হৈছে কংগ্ৰেছ আৰু আইএছএফ দল ৷ তথাপিও কিছুমান সমষ্টি সম্পৰ্কত আলোচনা বৰ্তমানেও বাকী আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে ৷

কংগ্ৰেছ
কংগ্ৰেছ

নেশ্যনেল ডেস্ক, 3 মাৰ্চ : পশ্চিমবংগৰ আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে আসন ভাগ-বাটোৱাৰা সম্পৰ্কত কিছু পৰিমাণে সিদ্ধান্তত উপনীত হৈছে কংগ্ৰেছ আৰু আইএছএফ দল ৷ তথাপিও কিছুমান সমষ্টি সম্পৰ্কত আলোচনা বৰ্তমানেও বাকী আছে বুলি এক সূত্ৰই প্ৰকাশ কৰিছে ৷

নতুনকৈ গঠিত ইণ্ডিয়ান ছেকুলাৰ ফ্ৰন্ট (ISF) দলে পূৰ্বে কংগ্ৰেছক 15 খন আসন দাবী কৰিছিল যদিও কেৱল 5 খন আসন দিবৰ বাবেহে কংগ্ৰেছে সন্মতি জনাইছিল ৷

কিন্তু শেহতীয়া আলোচনাত কংগ্ৰেছে আঠখন আসন প্ৰদান কৰিবলৈ মান্তি হয় যদিও আব্বাছ ছিদ্দিকী নেতৃত্বাধীন ISF দলে আৰু দুই-তিনিখন আসন দাবী কৰিছে ৷

কংগ্ৰেছৰ এজন নেতাই কয়, "আলোচনাসমূহ যোগাত্মকভাৱে সম্পন্ন হৈছে আৰু আমি 'সাম্প্ৰদায়িক' বিজেপি আৰু 'অগণতান্ত্ৰিক' টিএমচিক পৰাস্ত কৰিবলৈ একত্ৰিতভাৱে যুঁজিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো ৷ সকলোৱে নিৰ্বাচনত সফলতা লাভৰ বাবে আলোচনাৰ প্ৰয়োজনীয়তা বুজি পাইছে ৷"

আন এজন কংগ্ৰেছ নেতাই কয় যে, 7 আৰু 8 মাৰ্চত চূড়ান্ত তালিকা প্ৰকাশ পাব আৰু বহু সংখ্যক CPI(M) ৰ যুৱ নেতাই প্ৰাৰ্থীত্ব লাভ কৰিব ৷

আনহাতে, ISF ৰ অধ্যক্ষ নৌশাদ ছিদ্দিকীয়ে পূৰ্বে মন্তব্য কৰিছিল যে, সমস্যাসমূহ অতি সোনকালে মীমাংসিত হ'ব বুলি তেওঁৰ দল আশাবাদী ৷

পশ্চিমবংগ ৰাজ্যিক কংগ্ৰেছৰ অধ্যক্ষ অধিৰ ৰঞ্জন চৌধুৰীয়ে পূৰ্বে মন্তব্য কৰিছিল যে, ISF য়ে মিত্ৰজোঁটত যোগদান কৰাৰ পাচতে আসন ভাগ-বাটোৱাৰাৰ সমীকৰণত পৰিৱৰ্তন আহি পৰিছে ৷

লগতে পঢ়ক : DMK আৰু AIADMK ৰ সৈতে আসন বুজাবুজিত জটিলতা অংশীদাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.