ETV Bharat / bharat

পেগাচাছ স্পাইৱেৰ: প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী কংগ্ৰেছৰ

author img

By

Published : Jul 19, 2021, 9:10 PM IST

পেগাচাছ স্পাইৱেৰ(Pegasus spyware) ঘটনাক লৈ সৰৱ কংগ্ৰেছ ৷ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বৰ্খাস্ত কৰাৰ লগতে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে তদন্তৰ দাবী কংগ্ৰেছৰ ৷

Pegasus Spyware Issue
পেগাচাছ স্পাইৱেৰ

নেশ্যনেল ডেস্ক, 19 জুলাই: পেগাচাছ স্পাইৱেৰ(Pegasus spyware) বিষয়ত ৰাষ্ট্ৰীয় নিৰাপত্তাৰ সৈতে আপোচ কৰাৰ অভিযোগ উত্থাপন কৰি কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে তদন্তৰ দাবী কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি দেশদ্ৰোহী(treason) বুলি আখ্যা দিয়াৰ লগতে কংগ্ৰেছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক পদবীৰ পৰা অপসাৰণ কৰাৰ দাবী উত্থাপন কৰিছে ৷ এখন সংবাদমেল সম্বোধন কৰি কংগ্ৰেছৰ মুখ্য মুখপাত্ৰ ৰণদীপ সুৰ্জেৱালাই পেগাচাছ স্পাইৱেৰৰ সমগ্ৰ বিষয়টোৰ বাবে শ্বাহক জগৰীয়া কৰে ৷

সমগ্ৰ বিষয়ৰ বাবে শ্বাহক জগৰীয়া কৰি তেওঁ কয় যে, অমিত শ্বাহক তেওঁৰ পদবীৰ পৰা অপসাৰণ কৰাটোৱে হৈছে তেওঁৰ দলৰ মুখ্য দাবী ৷ তেওঁ লগতে এইবুলিও কয় যে, বিষয়টো সন্দৰ্ভত কংগ্ৰেছে সকলো বিৰোধী দলৰ সৈতে একত্ৰিত হৈ আলোচনা কৰিব আৰু বিষয়টোৰ ন্যায়িক বা সংসদীয় বিচাৰিব নে নাই সেই সিদ্ধান্ত ল'ব ৷ সাংবাদিকৰ আগত তেওঁ এইবুলি কয়, "গৃহ আৰু আভ্যন্তৰীণ নিৰাপত্তা মন্ত্ৰী অমিত শ্বাহক তাৎক্ষণিকভাৱে বৰ্খাস্ত কৰা আৰু বিষয়টোত প্ৰধানমন্ত্ৰীৰ ভূমিকা নিৰ্ণয় কৰাৰ বাবে এক তদন্ত হৈছে আমাৰ প্ৰাৰম্ভিক দাবী ৷"

লগতে পঢ়ক: 'পেগাচাছ' স্পাইৱেৰ: অভিযোগ প্ৰত্যাখান ভাৰত চৰকাৰৰ

শ্বাহৰ অপসাৰণ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খাৰ্গেয়ে কয় যে, শ্বাহে তাৎক্ষণিকভাৱে পদত্যাগ কৰা উচিত কিয়নো তেওঁ অধিষ্ঠিত পদত থকাৰ বাবে যোগ্য নহয় ৷ এই সন্দৰ্ভত লোকসভাৰ কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধুৰীয়ে কয় যে, "মোডীজীয়ে ডিজিটেল ইণ্ডিয়া( digital India)ৰ প্ৰচাৰ কৰে, কিন্তু বাস্তৱত আমি যি দেখিছো সেয়া হৈছে 'চাৰ্ভিলেঞ্চ ইণ্ডিয়া'(Surveillance India)। মোডী নেতৃত্বাধীন চৰকাৰে ভাৰতীয় সংবিধানক হত্যা কৰিছে বুলি কটাক্ষ কৰি সুৰ্জেৱালাই মোডী চৰকাৰে সংবিধানৰ লগতে আইন আৰু ৰাষ্ট্ৰীয় নিৰাপত্তা ধ্বংস কৰাৰো অভিযোগ উত্থাপন কৰে ৷

এইয়া দেশদ্ৰোহৰ সমপৰ্যায়ৰ বুলিও বুলি সুৰ্জেৱালাই অন্য এক মন্তব্য কৰে ৷ মোডী চৰকাৰক গুপ্তচৰবৃত্তিৰ হৰ্তা-কৰ্তা বুলি কটাক্ষ কৰি তেওঁ কয় যে, "ইজৰাইলৰ নিৰীক্ষণ ছফ্টৱেৰ পেগাচাছৰ জৰিয়তে অবৈধ আৰু অসাংবিধানিক স্নুপিং(snooping) আৰু গুপ্তচৰবৃত্তি ৰেকেটৰ নিয়োজক তথা হৰ্তা-কৰ্তা হৈছে মোডী চৰকাৰ ৷ " অৱশ্যে পেগাচাছ স্পাইৱেৰ সন্দৰ্ভত উত্থাপিত সকলো অভিযোগ ভাৰত চৰকাৰে নাকচ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি : আমেৰিকাই উদঙাব চীনৰ প্ৰকৃত স্বৰূপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.