নেশ্যনেল ডেস্ক, 3 অক্টোবৰ: দেশজুৰি উৎসৱমুখৰ পৰিৱেশ ৷ দেশৰ ভিন্ন প্ৰান্তৰ লগতে উজ্জয়িনীত উলহ মালহেৰে পালন কৰা হৈছে নৱৰাত্ৰি উৎসৱ ৷ প্ৰাচীন উজ্জয়িনী চহৰত নৱৰাত্ৰি আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰা হয় ৷
আমি সততে মন্দিৰত প্ৰসাদ, ভোগ দিয়া শুনিছো কিন্তু উজ্জয়িনীৰ এটা মন্দিৰত দেৱীক প্ৰসাদ হিচাপে সুৰা অৰ্পণ কৰা হয় (Madira to Goddesses)৷ প্ৰাচীন উজ্জয়িনী চহৰত চহৰখনৰ সমৃদ্ধি আৰু কল্যাণৰ বাবে আশীৰ্বাদ বিচাৰি দেৱীক সুৰা অৰ্পণ কৰা হয় (Liquor offered to Goddesses seek blessings)৷ নৱৰাত্ৰি উৎসৱত ভক্তসকলে দেৱীসকলক সুৰা প্ৰদান কৰি নৱৰাত্ৰিৰ সমাপ্তি ঘটায় ৷
উজ্জয়িনীৰ ভৈৰৱ মন্দিৰত নৱৰাত্ৰিৰ মহা অষ্টমীৰ দিনা আশীষ সিঙে 24 বটল সুৰা অৰ্পণ কৰি দেৱী মাক সন্তুষ্ট কৰে ৷ এই বিশ্ববিখ্যাত মন্দিৰটোত দেৱী মহামায়া আৰু দেৱী মহালয়াক পূজা কৰা হয় ৷
মন্দিৰৰ পুৰোহিতগৰাকীয়ে এই সন্দৰ্ভত কয়,"ৰজা বিক্ৰমাদিত্যৰ শাসনকালৰ পৰাই এই পৰম্পৰা চলি আছে ৷ এই দুয়োগৰাকী দেৱী চহৰখনৰ সুৰক্ষাৰ বাবে ইয়াত বহি আছে।"
তেওঁ লগতে কয় যে "চহৰ আৰু বিশ্বৰ সুখ আৰু সমৃদ্ধিৰ বাবে চৌবিছ-খাম্বাত অৱস্থিত মাতা মহালয়া আৰু মহামায়াক সুৰা প্ৰদান কৰাৰ পিছত, ভক্তসকলে দেৱীক অৰ্পণ কৰিবলৈ লৈ অহা সুৰা লৈ প্ৰায় ২৭ কিলোমিটাৰ খোজ কাঢ়ে ৷ এই যাত্ৰাটো মঙলনাথৰ ভৈৰৱ মন্দিৰত সমাপ্ত হয়, যাৰ পিছত ভক্তসকলক 'প্ৰসাদ' হিচাপে এই সুৰা প্ৰদান কৰা হয়" ৷
প্ৰাচীন মহাকাব্যঅনুসৰি, উজ্জয়িনী চহৰৰ সুৰক্ষাৰ বাবে ইয়াত চব্বিশটা স্তম্ভ স্থাপন কৰা হৈছিল, আৰু এই গেটত 32 টা পুত্তলিকা বহোৱা হৈছিল ৷ প্ৰতিদিনে এজন ৰজাক এই পুত্তলিকাবোৰে সোধা প্ৰশ্নৰ উত্তৰ দিব লগা হৈছিল ৷ ফলত ৰজাসকলে ভয়ত খাইছিল ৷ যেতিয়া ৰজা বিক্ৰমাদিত্যৰ পাল আহিছিল, তেতিয়া তেওঁ নৱৰাত্ৰিৰ মহা অষ্টমীত দেৱীৰ উপাসনা কৰিছিল আৰু দেৱীৰ পৰা আশীৰ্বাদ লাভ কৰিছিল ৷ সেই সময়ৰ পৰাই এই গেটত সন্নিবিষ্ট দুয়োগৰাকী দেৱীক চহৰখনক সুৰক্ষিত কৰি ৰখা দেৱী বুলি কোৱা হয় ৷
লগতে পঢ়ক: ৰাহুল গান্ধীৰ উপস্থিতিত 29 বছৰৰ পিছত একত্ৰিত হ’ল দুটা সম্প্ৰদায়