ETV Bharat / bharat

পঞ্জাবৰ পূৰ্বৰ মুখ্যমন্ত্ৰীৰ ১৪২ কোটি টকীয়া অনিয়মৰ তদন্তৰ নিৰ্দেশ মান চৰকাৰৰ

author img

By

Published : Jul 14, 2022, 7:55 PM IST

Updated : Jul 14, 2022, 9:44 PM IST

পঞ্জাবৰ আম আদমী পাৰ্টি চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধংদেহী অৱস্থাত আছে (Aam Aadmi Party Punjab government against corruption) । ইতিমধ্যে পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ কেবিনেট মন্ত্ৰী আৰু আন কেইবাজনো ৰাজনৈতিক নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । এইবাৰ এই তালিকাত পঞ্জাবৰ আম আদমী পাৰ্টি চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীকো লক্ষ্য কৰি লৈছে (AAP government targeted Charanjit Singh Channi) ।

Aam Aadmi Party Punjab
Aam Aadmi Party Punjab

নিউজ ডেস্ক, ১৪ জুলাই : দুৰ্নীতিৰ প্ৰতি শূন্য সহনশীল আম আদমী পাৰ্টি । সেই কথা ইতিমধ্যে প্ৰমাণ কৰিছে দিল্লীৰ কেজৰিৱাল চৰকাৰে । ঠিক একেদৰে চৰকাৰ গঠনৰ পিছতে পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে আম আদমী পাৰ্টিৰ উক্ত আদৰ্শ বৰ্তাই ৰাখিব পঞ্জাবতো । ইতিমধ্যে তাৰ প্ৰমাণো দাঙি ধৰিছে ।

পঞ্জাবৰ আম আদমী পাৰ্টি চৰকাৰ দুৰ্নীতিৰ বিৰুদ্ধে যুদ্ধংদেহী অৱস্থাত আছে (Aam Aadmi Party Punjab government against corruption) । ইতিমধ্যে পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে তেওঁৰ কেবিনেট মন্ত্ৰী আৰু আন কেইবাজনো ৰাজনৈতিক নেতাৰ বিৰুদ্ধে দুৰ্নীতিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে । এইবাৰ এই তালিকাত পঞ্জাবৰ আম আদমী পাৰ্টি চৰকাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীকো লক্ষ্য কৰি লৈছে (AAP government targeted Charanjit Singh Channi) ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন মতে মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ দ্বাৰা এক বিশেষ তদন্ত সমিতি গঠন কৰা হৈছে (special investigation committee formed by CM Bhagwant Mann) । এই সমিতিখনে প্ৰাক্তন মুখ্যমন্ত্ৰী চান্নীৰ কাৰ্যকালৰ সময়ত পোৱা অনুদানৰ তদন্ত কৰিব ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি মুখ্যমন্ত্ৰী মানে গঠন কৰা বিশেষ তদন্ত সমিতিয়ে (Special Inquiry Committee to probe) অনুদানৰ বিতৰণ আৰু ইয়াক ক'ত কেনেদৰে ব্যৱহাৰ কৰা হৈছিল সেয়া তদন্ত কৰিব । উল্লেখ্য, চৰণজিৎ সিং চান্নী বৰ্তমান দেশৰ বাহিৰত আছে (Charanjit Singh Channi currently out of country) । সেয়েহে তেওঁৰ পৰা বৰ্তমান এই সন্দৰ্ভত কোনো সঁহাৰি লাভ কৰা হোৱা নাই ।

সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, তদানীন্তন পঞ্জাব চৰকাৰে পঞ্জাব নিৰ্মাণ কাৰ্যসূচীৰ অধীনত ১৪২ কোটি টকাৰ অনুদান লাভ কৰিছিল (142 crore under Punjab Nirman Program) । পঞ্জাবৰ তদানীন্তন মুখ্যমন্ত্ৰী আছিল চৰণজিৎ সিং চান্নী । শ্ৰী চামকৌৰ চাহিব, শ্ৰী আনন্দপুৰ চাহিব আৰু ৰোপাৰ নামৰ তিনিটা সমষ্টিত ১৪২ কোটি টকাৰ অনুদান বিতৰণ কৰা হৈছিল । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, আপ চৰকাৰে গঠন কৰা এটা তদন্তকাৰী দলে খণ্ড উন্নয়ন আৰু পঞ্চায়ত বিষয়াৰ কাৰ্যালয়ৰ তিনিটা স্থানৰ ৰেকৰ্ড জব্দ কৰিছে ।

লগতে পঢ়ক :Coal Scam in West Bengal: পশ্চিমবংগত গ্ৰেপ্তাৰ কয়লা কেলেংকাৰীত জড়িত সাতজন ইচিএল বিষয়া

Last Updated : Jul 14, 2022, 9:44 PM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.