ETV Bharat / bharat

আগৰতলাৰ কণমানি বৰ্ষাৰ ইচ্ছা পূৰণ কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে - মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱৰ সহায়

মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে আগৰতলাৰ বৰ্ষা নামৰ এজনী কণমানিৰ ইচ্ছা পূৰণ কৰে ৷ পঢ়িবলৈ এখন মেজ নথকা বৰ্ষাক এখন মেজ প্ৰদান কৰাৰ লগতে কৰ’ণাত আক্ৰান্ত মাতৃক ঔষধ আৰু ঘৰত নাটনি হোৱা খাদ্য সামগ্ৰীৰ যোগান ধৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ফেচবুক ভিডিঅ’যোগে সমস্যাৰ কথা মুখ্যমন্ত্ৰীক অৱগত কৰিছিল কণমানি অসহায় বৰ্ষাই ৷

cm-biplab-kumar-deb-help-to-a-small-girl
কণমানি বৰ্ষাৰ ইচ্ছা পূৰণ কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে
author img

By

Published : Jun 4, 2021, 11:09 PM IST

নেশ্যনেল ডেস্ক,4 জুন : ত্ৰিপুৰাৰ আগৰতলাৰ বৰ্ষা নামৰ এজনী কণমানিৰ ইচ্ছা পূৰণ কৰিলে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱে । কিছুদিন পূৰ্বে ৰাজধানী আগৰতলাৰ উপনগৰৰ উত্তম দাসৰ কন্যা তথা জৱাহৰ নবোদয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰী বৰ্ষা দাসে মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱলৈ ফেচবুকযোগে এটি ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰিছিল । এই বাৰ্তাযোগে বৰ্ষাই কৈছিল যে, তেওঁ মাক-দেউতাক আৰু এজন ভায়েকৰ সৈতে এটি সৰু কোঠাত বাস কৰে । তেওঁৰ দেউতাকৰ আৰ্থিক অৱস্থা ইমানেই দুৰ্বল যে বৰ্ষাৰ পঢ়াৰ সুবিধাৰ্থে এখন মেজো কিনিব নোৱাৰে । ইফালে বাৰ্তা প্ৰেৰণ কৰাৰ কেইদিনমানৰ ভিতৰতে বৰ্ষাৰ মাতৃ কৰ’ণাত আক্ৰান্ত হয় ৷

কণমানি বৰ্ষাৰ ইচ্ছা পূৰণ কৰিলে মুখ্যমন্ত্ৰী বিপ্লৱ দেৱে

ইয়াৰে পাচতে কণমানি বৰ্ষাৰ পৰিয়াললৈ যেন কাল ধুমুহা নামি আহিছিল ৷ বৰ্ষাৰ ঘৰত নূন্যতম খাদ্য-সামগ্ৰীৰো অভাৱে দেখা দিছিল । অসহায় বৰ্ষাই পুনৰ ফেচবুকযোগে মুখ্যমন্ত্ৰীলৈ এক বাৰ্তা প্ৰেৰণ কৰে । এই বাৰ্তাত মুখ্যমন্ত্ৰী বিপ্লৱ দেৱক পৰিয়ালৰ বাবে খাদ্য যোগান ধৰিবলৈ আৰু অসুস্থ মাতৃৰ চিকিৎসা কৰিবলৈ আহ্বান জনায় কণমানি বৰ্ষাই । বাৰ্তাটো মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হৈছিল আৰু তেওঁ লগে লগে সংশ্লিষ্ট কৰ্তৃপক্ষক বৰ্ষাৰ পৰিয়ালটোক সহায় কৰিবলৈ নিৰ্দেশ দিয়ে ।

ভিডিঅ’ৰ বাৰ্তা পোৱাৰ পিছদিনাই সংশ্লিষ্ট কৰ্তৃপক্ষই বৰ্ষাৰ ঘৰত এখন মজ, বিভিন্ন খাদ্য সামগ্ৰী আৰু বৰ্ষাৰ মাতৃৰ বাবে ঔষধৰ যোগান ধৰে ৷ মুখ্যমন্ত্ৰীৰ পৰা দ্ৰুত আৰু প্ৰয়োজনীয় সহায় লাভ কৰি বৰ্ষাৰ পৰিয়ালটো আৱেগিক হৈ পৰে । তেওঁলোকে বিশ্বাস কৰা নাছিল যে, কণমানিজনীয়ে প্ৰেৰণ কৰা এটা ভিডিঅ’ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ হ’ব ৷ কণমানি বৰ্ষা আৰু তেওঁৰ পৰিয়ালে মুখ্যমন্ত্ৰীৰ সহায়ৰ বাবে মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱক ধন্যবাদ জ্ঞাপন কৰে ৷ এই ঘটনাই প্ৰমাণ কৰিছে যে, মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে ত্ৰিপুৰাৰ জনসাধাৰণৰ সেৱাত নিৰন্তৰভাৱে সক্ৰিয় হৈ আছে ।

লগতে পঢ়ক : আৰম্ভ হ'ল কাগজ কলৰ নিলাম প্ৰক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.