ETV Bharat / bharat

তৃতীয়খন চমনতো ইডিৰ কাৰ্যালয়ত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 10:22 AM IST

CM Kejriwal did not appear in ED: তৃতীয়বাৰৰ বাবে ইডিৰ কাৰ্যালয়ত উপস্থিত নহ’ল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ ইডিৰ জাননী খন অবৈধ বুলি মত প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

Etv Bharatcm arvind kejriwal
তৃতীয়খন চমনতো ইডিৰ কাৰ্যালয়ত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল

নেশ্যনেল ডেস্ক, 3 জানুৱাৰী : সুৰা কেলেংকাৰীৰ অভিযোগত ইডিয়ে জেৰাৰ বাবে পুনৰ চমন জাৰি কৰিছিল দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক ৷ এইবাৰো ইডিৰ তৃতীয়খন চমনৰ পিচতো ইডিৰ কাৰ্যালয়ত উপস্থিত নহ’ল মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ আইনী দলৰ পৰা চমনৰ উত্তৰ প্ৰেৰণ কৰি এই চমনক অবৈধ বুলি উল্লেখ কৰিছে ।

আম আদমী পাৰ্টিৰ দ্বাৰা জাৰি কৰা এক বিবৃতিত জনায় য়ে, মুখ্য়মন্ত্ৰী কেজৰিৱালে ইডিৰ তদন্তত সহযোগিতা কৰিবলৈ সাজু । কিন্তু ইডিৰ জাননীখন অবৈধ । তেওঁলোকৰ উদ্দেশ্য হৈছে মুখ্যমন্ত্ৰী কেজৰিৱালক গ্ৰেপ্তাৰ কৰা আৰু তেওঁলোকে যাতে মুখ্য়মন্ত্ৰীগৰাকীক নিৰ্বাচনী প্ৰচাৰত বাধা দিব বিচাৰে পাৰে ৷ নিৰ্বাচনৰ ঠিক পূৰ্বে তেওঁক কিয় লক্ষ্য কৰা হৈছে ?

লক্ষণীয় যে, সুৰা কেলেংকাৰীৰ গোচৰত আম আদমী পাৰ্টিৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰাৰ পিচৰে পৰা, ইডিয়ে তথ্য প্ৰমাণৰ ভিত্তিত দিল্লীৰ মুখ্যমন্ত্ৰী আৰু আম আদমী পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক মাতি পঠিয়াইছিল ৷ প্ৰথমবাৰ ২ নৱেম্বৰত মুখ্যমন্ত্ৰীগৰাকীক ইডিয়ে সোধা-পোছাৰ বাবে মাতিছিল।

কিন্তু অৰবিন্দ কেজৰিৱালে তেতিয়াও উপস্থিত হোৱা নাছিল । তাৰ পিচত তেওঁ ইডিলৈ এখন পত্ৰ লিখিছিল যে তেওঁক প্ৰথমে জনাব লাগে যে তেওঁক কোন আইনৰ অধীনত মাতি পঠোৱা হৈছে? প্ৰাপ্ত তথ্য অনুসৰি, ইডিয়ে এতিয়ালৈকে এই সন্দৰ্ভত কোনো তথ্য দিয়া নাই । বুধবাৰে মুখ্যন্ত্ৰীগৰাকীক তৃতীয়বাৰৰ বাবে ইডিৰ কাৰ্যালয়লৈ মাতি পঠোৱা হৈছিল ।

শেহতীয়াকৈ, মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে বিপাসনাৰ বাবে পঞ্জাৱলৈ যোৱাৰ সময়ত ইডিয়ে তৃতীয়খন চমন প্ৰেৰণ কৰিছিল। ইডিয়ে প্ৰেৰণ কৰা তৃতীয় চমন সন্দৰ্ভত দিল্লী চৰকাৰৰ মন্ত্ৰী সৌৰভ ভৰদ্বাজে কৈছিল যে এই সকলোবোৰ এক ৰাজনৈতিক ষড়যন্ত্ৰ। যিহেতু মুখ্যমন্ত্ৰীয়ে ইডিক দ্বিতীয় চমনৰ উত্তৰত কৈছিল যে তেওঁ বিপাসনালৈ গৈ আছে, তেওঁৰ অনুপস্থিতিত চমন প্ৰেৰণ কৰাৰ অৰ্থ কি। ইয়াৰ পূৰ্বে যোৱা বছৰ এপ্ৰিলত অৰবিন্দ কেজৰিৱালক দিল্লী সুৰা কেলেংকাৰীত চিবিআইয়ে সোধা পোছা কৰিছিল ৷

লগতে পঢ়ক: ইডিয়ে জাৰি কৰা চমন অবৈধ : অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.