ETV Bharat / bharat

UP election results 2022: কনৌজত বিজেপি আৰু সমাজবাদী পাৰ্টিৰ সমৰ্থকৰ মাজত সংঘাত

author img

By

Published : Mar 10, 2022, 4:13 PM IST

উত্তৰ প্ৰদেশত বিধানসভা নিৰ্বাচনৰ ভোটগণনা প্ৰক্ৰিয়া (UP assembly election vote counting) অব্যাহত আছে । ইয়াৰ মাজতে বিজেপি আৰু সমাজবাদী পাৰ্টিৰ সমৰ্থকৰ মাজত তীব্ৰ সংঘাত । ঘটনাত আৰক্ষীসহ কেইবাজনো লোক গুৰুতৰভাৱে আহত ।

UP election results
বিজেপি আৰু সমাজৱাদী পাৰ্টিৰ সমৰ্থকৰ মাজত সংঘৰ্ষ

নেশ্যনেল ডেস্ক,১০ মাৰ্চ : বিধানসভা নিৰ্বাচনৰ ভোটগণনা চলি থকাৰ মাজতে উত্তৰপ্ৰদেশত উত্তেজনা । ৰাজ্যখনৰ কনৌজত বিজেপি (BJP) আৰু সমাজবাদী পাৰ্টিৰ (SP) সমৰ্থকৰ মাজত তীব্ৰ সংঘাত (Bjp and SP supporters clash in Kannauj)। দুয়োটা দলৰ সমৰ্থকৰ মাজত প্ৰথমে কাজিয়াৰ সূত্ৰপাত হয় আৰু পাছত দুয়োপক্ষই ইজনে সিজনৰ ফালে ইটা আৰু শিলগুটি নিক্ষেপ কৰে ।

এই ঘটনাত আৰক্ষীসহ কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছে । আৰক্ষীয়ে উত্তেজিত ৰাইজক ছত্ৰভংগ দিয়াবলৈ চেষ্টা কৰাৰ সময়তে পৰিস্থিতিৰ অধিক অৱনতি ঘটে । জানিব পৰা মতে ভোটগণনা কেন্দ্ৰৰ প্ৰায় ২০০ মিটাৰ দূৰত সংঘটিত হয় এই ঘটনা ।

ইতিমধ্যে ঘটনাস্থলীত আৰক্ষীৰ শীৰ্ষ বিষয়াসকল উপস্থিত হোৱা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

লগতে পঢ়ক :UP Assembly Election 2022 : বিজেপি-সমাজবাদী পাৰ্টীৰ সমৰ্থকৰ মাজত সংঘাত, আহত এক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.