ETV Bharat / bharat

Manipur violence : মণিপুৰত পুনৰ দুৰ্বৃত্তৰ গুলীত নিহত ৩ সাধাৰণ নাগৰিক - Civilians killed in fresh violence in Manipur

মণিপুৰৰ কাংপোকপি জিলাত পুনৰ গুলীচালনা । মঙলবাৰে পুৱা সংঘটিত গুলীচালনাত ৩ গৰাকী সাধাৰণ নাগৰিকৰ মৃত্যু হৈছে । আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।

Manipur violence
মণিপুৰত পুনৰ দুৰ্বৃত্তৰ গুলীত নিহত ৩ সাধাৰণ নাগৰিক
author img

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 2:21 PM IST

নেশ্যনেল ডেস্ক,১২ ছেপ্টেম্বৰ : এতিয়াও শান্ত হোৱা নাই মণিপুৰ । প্ৰায় প্ৰতিদিনে ৰাজ্যখনত এটাৰ পাছত আনটো হিংসাত্মক ঘটনা সংঘটিত হৈছে । ইয়াৰ মাজতে মণিপুৰৰ কাংপোকপি জিলাত পুনৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে । মঙলবাৰে পুৱা মণিপুৰৰ কাংপোকপি জিলাত অচিনাক্ত লোকে প্ৰায় ৩ জন লোকক গুলীয়াই হত্যা কৰে । এগৰাকী বিষয়াই জনোৱা মতে কাংগুই অঞ্চলৰ ইৰেং আৰু কৰম বৈফেই গাঁৱৰ মাজৰ অঞ্চলটোত এই আক্ৰমণৰ ঘটনা সংঘটিত হয় ।

বিষয়াগৰাকীয়ে কয় যে, গুলীচালনাৰ ঘটনাটো পুৱা সংঘটিত হয় আৰু দুৰ্বৃত্তৰ গুলীত ৩ সাধাৰণ নাগৰিক নিহত হয় । কাংপোকপিৰ নাগৰিক সমাজ সংগঠন ট্ৰাইবেল ইউনিটি (চিঅটিইউ) সমিতিয়ে এই আক্ৰমণক তীব্ৰ গৰিহণা দিছে ।

সংগঠনটোৱে কয় যে যদি কেন্দ্ৰীয় চৰকাৰে স্বাভাৱিক অৱস্থা পুনৰুদ্ধাৰত ব্যৰ্থ হয় তেনহ'লে অতি সোনকালে সকলো উপত্যকা জিলাক অশান্ত অঞ্চল হিচাপে ঘোষণা কৰিব লাগিব আৰু সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন, ১৯৫৮ আৰোপ কৰিব লাগিব । ইয়াৰ পূৰ্বে ৮ ছেপ্টেম্বৰত টেংনুপাল জিলাৰ পালেলত এক হিংসাত্মক ঘটনাৰ সময়ত ৩ জন লোক নিহত হৈছিল আৰু ৫০ জনৰো অধিক লোক আহত হৈছিল ।

উল্লেখ্য যে, যোৱা ৩ মে'ত মণিপুৰত জাতিগত হিংসাৰ আৰম্ভ হৈছিল । তেতিয়াৰে পৰা ৰাজ্যখনত সংঘটিত বিভিন্ন ঘটনাত এতিয়ালৈ প্ৰায় ১৬০ গৰাকী লোক নিহত হয় আৰু কেইবাশ লোক আহত হয় । হাজাৰ হাজাৰ লোক গৃহহীন হৈ পৰিছে বুলি জানিব পৰা গৈছে । ইফালে চৰকাৰে অহৰহ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । কিন্তু এতিয়ালৈ ৰাজ্যখনৰ পৰিস্থিতি নিয়ন্ত্ৰণত ব্যৰ্থ হৈছে চৰকাৰ ।

লগতে পঢ়ক :AEPS fraud case: সাৱধান ! বায়’মেট্ৰিক ব্যৱহাৰ কৰি চাইবাৰ অপৰাধীয়ে লুটিছে ধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.